📖 Might Learn

SVN Class 3 Niti Mallika Chapter 7 সতী জয়মতী Question Answer 2026 |

সতী জয়মতী

আৰ্হি প্ৰশ্নঃ

(ক) জয়মতী কোন আছিল?

উত্তৰঃ জয়মতী গদাপাণি পত্নী আৰু অসমৰ এগৰাকী মহীয়সী নাৰী আছিল।

(খ) গদাপাণি কোঁৱেৰে কিয় পলাই ফুৰিছিল ?

উত্তৰঃ ল’ৰাৰজাৰ ভয়ত গদাপাণি কোঁৱৰ পলাই ফুৰিছিল।

(গ) ল’ৰাৰজাৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ ল’ৰাৰজাৰ প্ৰকৃত নাম চুলিকফা কোঁৱৰ আছিল।

(ঘ) জয়মতীক চাওদাঙে কিয় শাস্তি দিছিল ?

উত্তৰঃ জয়মতীয়ে স্বামীৰ কথা একো নকোৱা বাবে চাওদাঙে শাস্তি দিছিল।

(ঙ) জয়সাগৰ পুখুৰী কোনে খন্দাইছিল ?

উত্তৰঃ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল।

(চ) জয়মতীৰ আত্মত্যাগৰ বিষয়ে চমুকৈ লিখা |

উত্তৰঃ জয়মতী কোৱঁৰী আহোম ইতিহাসৰ এগৰাকী সাহসী আৰু ত্যাগময়ী নাৰী আছিল। তেওঁৰ স্বামী গদাপাণি কোঁৱৰ আহোম সিংহাসনত বহিব পৰা এজন যোগ্য কোঁৱৰ আছিল। সেই সময়ত আহোম ৰাজ্যৰ ৰজা আছিল চুলিকফা, যাক ল’ৰা ৰজা বুলি কোৱা হৈছিল। সিংহাসন সুৰক্ষিত ৰাখিবলৈ তেওঁ বহু যোগ্য কোঁৱৰক অত্যাচাৰ কৰিছিল, ফলত গদাপাণি নগা পাহাৰত আত্মগোপন কৰি থাকিবলগীয়া হৈছিল। গদাপাণিক ধৰিব নোৱাৰি ল’ৰা ৰজাই জয়মতীক বন্দী কৰি স্বামীৰ অৱস্থান সুধিছিল, কিন্তু জয়মতীয়ে একো প্ৰকাশ নকৰি জেৰেঙা পথাৰত অমানুষিক অত্যাচাৰ সহিও স্বামীৰ ঠিকনা গোপনে ৰাখিছিল। অৱশেষত অসহনীয় যন্ত্ৰণা সহি তেওঁ প্ৰাণ ত্যাগ কৰে। এইদৰে জয়মতীয়ে স্বামীৰ আৰু ৰাজ্যৰ মঙ্গলৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি ইতিহাসত অমৰ হৈ ৰ’ল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top