ৰামভক্ত মহাবীৰ হনুমান
(ক) হনুমানৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ হনুমানৰ পিতৃ নাম বায়ুদেৱতা আৰু মাতৃৰ নাম অঞ্জনা আছিল।
(খ) হনুমানে ৰামচন্দ্ৰক ক’ত লগ পাইছিল ?
উত্তৰঃ অৰণ্যৰ মাজে মাজে সীতাদেৱীক বিচাৰি ফুৰোতে শ্ৰীৰাম বনৰ মাজত হনুমানে ৰামচন্দ্ৰক লগ পাইছিল।
(গ) হনুমানে লংকা নগৰীত কেনেকৈ প্ৰৱেশ কৰিছিল?
উত্তৰঃ হনুমানে লংকাত আকাশেদি এশ যোজন দীঘল জাঁপ এটা মাৰি লংকাত প্ৰৱেশ কৰিছিল।
(ঘ) ৰাৱণে সীতাক ক’ত বন্দী কৰি থৈছিল ?
উত্তৰঃ ৰাৱণে সীতাক অশোক বনত বন্দী কৰি ৰাখিছিল।
(ঙ) লংকা নগৰীত হনুমানক কোনে বন্দী কৰিছিল ?
উত্তৰঃ লংকা নগৰীত হনুমানক ইন্দ্ৰজিতে বন্দী কৰিছিল।
(চ) বন্দী হনুমানক কি শাস্তি দিয়া হৈছিল আৰু হনুমানে কি কৰিছিল ?
উত্তৰঃ বন্দী হনুমানক নেজত কাপোৰ বান্ধি জুই লগাই দিয়া হৈছিল।
হনুমানে নেজৰ জুইৰে লংকা নগৰী জ্বলাই দিছিল।
(ছ) হনুমানে ঔষধ বিচাৰি নাপাই দাঙি অনা পৰ্বতখনৰ নাম কি আছিল ?
উত্তৰঃ হনুমানে ঔষধ বিচাৰি নাপাই দাঙি অনা পৰ্বতখনৰ নাম গন্ধমাদন।
(জ) হনুমানৰ ৰামভক্তিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ হনুমান আছিল ৰামৰ পৰম আৰু অটল ভক্ত। বনবাসৰ সময়ত ৰাম-সীতাৰ বিপদত তেওঁ সদায় গাৰ ছাঁটোৰ দৰে লগ দি সহায় কৰিছিল। সীতাক ৰাৱণে লংকালৈ অপহৰণ কৰাৰ পিছত হনুমানে সাগৰ পাৰ হৈ লংকালৈ গৈ সীতাৰ খবৰ আনি ৰামক দিছিল। ৰাৱণৰ বিৰুদ্ধে যুদ্ধতো তেওঁ সাহসেৰে ৰামৰ পক্ষত অংশ লৈছিল। যুদ্ধৰ সময়ত লক্ষ্মণ আঘাতপ্ৰাপ্ত হোৱাত হনুমানে গন্ধমাদন পৰ্বত দাঙি আনি সঞ্জীৱনী ঔষধ যোগান ধৰিছিল আৰু লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰিছিল। হনুমানৰ হৃদয়ত সদায় ৰাম আৰু সীতাৰ বাস আছিল বুলি কোৱা হয়। এই সকলো ঘটনাই প্ৰমাণ কৰে যে ৰামৰ প্ৰতি হনুমানৰ ভক্তি আছিল অটল, নিঃস্বাৰ্থ আৰু গভীৰ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post