SVN Class 3 Social Science Text Book Solution 2026 Chapter 1| Sankardev School Social Science Chapter 1 আমাৰ পৰিৱেশ Solution

আমাৰ পৰিৱেশ

১। পৰিৱেশ কাক বোলে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা বায়ু, পোহৰ, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু আৰু মানুহ—এই সকলো উপাদান মিলি যি পৰিসৰ গঠন কৰে তাকেই পৰিৱেশ বুলি কোৱা হয়।

২। সুখে-শান্তিৰে থাকিবলৈ আমাৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা হ’ব লাগে? ঘৰুৱা পৰিৱেশ ভালে ৰাখিবলৈ তুমি কি কি কৰিবা?

উত্তৰঃ সুখে-শান্তিৰে বাস কৰিবলৈ আমাৰ ঘৰুৱা পৰিৱেশ নিকা, পৰিপাটি আৰু শৃংখলাবদ্ধ হ’ব লাগে। ঘৰত স্নেহ-মমতা আৰু মিলাপ্ৰীতি থাকিলেহে পৰিৱেশ সুখকৰ হয়।

ঘৰুৱা পৰিৱেশ ভালে ৰাখিবলৈ মই—

বিদ্যালয়ৰ পৰা আহি কিতাপ-বহী নির্দিষ্ট ঠাইত থম,

কাপোৰ-কানি পৰিপাটিকৈ ৰাখিম,

খেলা-ধূলাৰ পিছত হাত-মুখ ধুই ল’ম,

সময়মতে পঢ়া-খোৱা-শোৱা কৰিম,

অযথা টিভি বা ভিডিঅ’ গেমত সময় নষ্ট নকৰিম।

এইদৰে নিয়ম-শৃংখলা মানি চলিলে ঘৰৰ পৰিৱেশ ভাল থাকে।

৩। সামাজিক পৰিৱেশ ভালে ৰাখিবলৈ আমি কি কি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত?

উত্তৰঃ সামাজিক পৰিৱেশ সুস্থ আৰু উন্নত ৰাখিবলৈ আমি মিলাপ্ৰীতি, সহানুভূতি আৰু সহায়-সহযোগিতাৰ মনোভাৱ গঢ়ি তুলিব লাগে। চুবুৰীৰ মানুহে যদি একেলগে পৰিষ্কাৰ-পরিচ্ছন্নতা বজাই ৰাখে আৰু বিপদ-আপদত ইজনে সিজনক সহায় কৰে, তেন্তে সামাজিক পৰিৱেশ উন্নত হয়।

ওচৰ-চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ কৰা, দুখীয়া বা অসহায়জনক সহায় কৰা, বিদ্যালয়, পুথিভঁৰাল, নামঘৰ আদি সামাজিক অনুষ্ঠানৰ যত্ন লোৱা—এইবোৰ কামে সমাজৰ পৰিৱেশ সুস্থ ৰাখে।

৪। প্ৰাকৃতিক পৰিৱেশ ভালে ৰাখিবলৈ আমি কি কি কৰিব পাৰো?

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি গছপুলি ৰুব লাগে আৰু বন-জংঘল সংৰক্ষণ কৰিব লাগে। জন্মদিন বা বিশেষ দিনত গছ ৰোপণ কৰিব পাৰো। জাবৰ-জোঁথৰ নৈ, বিল, জান-জুৰিত নেপেলাই পৰিষ্কাৰ-পরিচ্ছন্নতা বজাই ৰাখিব লাগে। পানী, মাটি আৰু বায়ু দূষণ নকৰাটো আমাৰ দায়িত্ব।

প্ৰকৃতিৰ যত্ন ল’লেহে পৃথিৱী বাসযোগ্য হৈ থাকিব।

৫। খালী ঠাই পূৰ কৰা

(ক) চৌদিশৰ পৰিৱেশ ভাল হ’লেহে আমি সুখে-শান্তিৰে থাকিব পাৰো।

(খ) আমি সকলোৱে পৰিৱেশ ভালে ৰাখাৰ প্ৰতি যত্নপৰ হ’ব লাগে।

(গ) ঘৰখনৰ সকলোৱে যত্ন কৰিলেহে ঘৰৰ পৰিৱেশ ভাল হ’ব।

(ঘ) সমাজত বাস কৰা সকলোৱে যত্ন কৰিলেহে সামাজিক পৰিৱেশ ভালে থাকিব।

(ঙ) চৰাই-চিৰিকটি, বিভিন্ন পোক-পৰুৱা, সাপ-ভেকুলী আদিও আমাৰ পৰিৱেশৰ পৰম বন্ধু।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top