SVN Class 3 Social Science Text Book Solution 2026 Chapter 3| Sankardev School Social Science Chapter 3 স্কেল ছবি আৰু নক্সা Solution

স্কেল ছবি আৰু নক্সা

১। ছবি বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তুৰ হুবহু ৰূপটো আঁকি দেখুওৱাকে ছবি বোলা হয়।

২। নক্সা বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তুৱে দীঘে-প্ৰস্থয়ে যিমানখিনি ঠাই আগুৰি থাকে, তাক ৰেখা চিত্ৰৰ সহায়তআঁকি দেখুওৱাকে নক্সা বোলা হয়।

৩। তোমাৰ পাঠত থকা ছবি আৰু নক্সাৰ চিত্ৰ দুখন চাই পাৰ্থক্য় লিখা।

উত্তৰঃ ছবি আৰু নক্সাৰ মাজত পাৰ্থক্য় হৈছে-

(i) ছবিত বস্তুৰ হুবহু ৰূপ ফুটি উঠে আনহাতে নক্সাত হুবহু ৰূপ ফুটি নুঠে।

(ii) ছবিত ৰেখা চিত্ৰ নাথাকিবও পাৰে। আনহাতে নক্সা ৰেখা চিত্ৰৰ সহায়তহে অঁকা হয়।

(iii) ছবিত জোখ-মাপৰ কথা নাথাকে। আনহাতে নক্সাত জোখ-মাপ দৰকাৰ হয়।

৪। মানচিত্ৰ বুলিলে কি বুজা?

উত্তৰঃ প়থিৱীৰ উপৰিভাগৰ নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, হ্ৰদ, মৰুভূমি, মহা দেশ, দেশ, ৰাজ্য়, জিলা, নগৰ, চহৰ, গাওঁ আদিৰ অৱস্থিতি জানিবলৈ যি চিত্ৰ ব্য়ৱহাৰ কৰা হয় তাকে মানচিত্ৰ বোলা হয়।

৫। স্কেল কাক বোলে? স্কেলৰ সহায়ত কি কি কৰা হয়?

উত্তৰঃ কোনো বস্তুৰ দীঘ, প্ৰস্থ, ওজন, শীতলতা, তাপ আদি জুখি চাবৰ কাৰণে ব্য়ৱহাৰ কৰা নিৰ্দিষ্ট সঁজুলিকে আমি স্কেল বুলি কওঁ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top