SVN Class 3 Social Science Text Book Solution 2026 Chapter 5| Sankardev School Social Science Chapter 5 আমাৰ পৃথিৱীখন Solution

আমাৰ পৃথিৱীখন

১। পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?

উত্তৰঃ পৃথিৱীত মুঠ সাতখন মহাদেশ আছে। সেই কেইখন হৈছে—
এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা।

২। মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰঃ পৃথিৱীত পাঁচখন মহাসাগৰ আছে। সেই কেইখন হৈছে—
প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

৩। খালী ঠাই পূৰ কৰা

(ক) সূৰ্যটো এটা অতি উত্তপ্ত নক্ষত্ৰ।

(খ) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হ’ল চন্দ্ৰ।

(গ) সূৰ্যটো পৃথিৱীৰ প্ৰায় পোন্ধৰ কোটি কিলোমিটাৰ দূৰত আছে।

(ঘ) সাগৰৰ তলিতো অসংখ্য গছ-গছনি আৰু জীৱ-জন্তু আছে।

(ঙ) পৃথিৱীৰ আহ্নিক গতিৰ বাবে দিন-ৰাতি হয়।

৪। চমু উত্তৰ দিয়া

(ক) পৃথিৱীৰ গতি কেইটা আৰু কি কি?
উত্তৰঃ পৃথিৱীৰ গতি দুটা—
(i) আৱৰ্তন বা আহ্নিক গতি
(ii) পৰিভ্ৰমণ বা বাৰ্ষিক গতি

(খ) আহ্নিক গতি কাক বোলে?
উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি প্ৰায় ২৪ ঘণ্টাত নিজৰ গাটো এপাক ঘূৰে। এই গতিকেই আহ্নিক গতি বোলা হয়।

(গ) আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু মহাদেশ দুখনৰ নাম লিখা।
উত্তৰঃ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া আৰু আটাইতকৈ সৰু মহাদেশ হৈছে ওচেনিয়া।

(ঘ) পৃথিৱীৰ বাৰ্ষিক গতি কাক বোলে? বাৰ্ষিক গতিৰ দুটা ফলাফল লিখা।
উত্তৰঃ পৃথিৱীয়ে নিজ কক্ষপথেৰে ৩৬৫ দিন ৬ ঘণ্টাত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰে। এই গতিকেই বাৰ্ষিক গতি বোলা হয়।

বাৰ্ষিক গতিৰ দুটা ফলাফল—
(i) ঋতুৰ পৰিবৰ্তন হয়।
(ii) দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সলনি হয়।

(ঙ) পৃথিৱীৰ সকলো ঠাইত একে সময়তে দিন আৰু ৰাতি নহয় কিয়?
উত্তৰঃ পৃথিৱী গোলাকাৰ আৰু নিজৰ মেৰুদণ্ডত ঘূৰি থাকে। সূৰ্যৰ পোহৰ একে সময়তে পৃথিৱীৰ কেৱল আধা অংশতহে পৰে। সেয়ে সকলো ঠাইত একে সময়তে দিন আৰু ৰাতি নহয়।

Scroll to Top