আমাৰ দেশ ভাৰতবৰ্ষ
১। চমু উত্তৰ দিয়া
(ক) তুমি বাস কৰা দেশখনৰ নাম কি?
উত্তৰঃ মই বাস কৰা দেশখনৰ নাম হৈছে ভাৰত।
(খ) ভাৰতীয় সভ্যতা কিমান বছৰ পুৰণি?
উত্তৰঃ ভাৰতীয় সভ্যতা কমেও প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি বুলি গণ্য কৰা হয়।
(গ) বিশ্বৰ প্ৰথম পুথিখন কি আৰু ক’ত ৰচিত হৈছিল?
উত্তৰঃ বিশ্বৰ অন্যতম প্ৰাচীন পুথি হৈছে ঋগ্বেদ। ই ভাৰতত ৰচিত হৈছিল।
(ঘ) মহৰ্ষি পাণিণিয়ে কি ভাষাত ব্যাকৰণ ৰচনা কৰিছিল?
উত্তৰঃ পাণিনিয়ে সংস্কৃত ভাষাত ব্যাকৰণ ৰচনা কৰিছিল।
(ঙ) ৰাজ্য কাক বোলে?
উত্তৰঃ এক নিৰ্দিষ্ট সীমাৰ ভিতৰত শাসন ব্যৱস্থা থকা অঞ্চলক ৰাজ্য বোলা হয়।
(চ) স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ স্বাধীনতা দিৱস ১৫ আগষ্ট তাৰিখে পালন কৰা হয়।
(ছ) গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ গণৰাজ্য দিৱস ২৬ জানুৱাৰী তাৰিখে পালন কৰা হয়।
২।
(ক) তোমাৰ পাঠত থকা ভাৰতবৰ্ষৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ নাম লিখা।
উত্তৰঃ
মংগল পাণ্ডে,
ৰাণী লক্ষ্মীবাঈ,
নানাচাহেব,
বাহাদুৰ শ্বাহ জফৰ,
বিনায়ক দামোদৰ সাভাৰকৰ,
লালা লাজপত ৰায়,
বিপিন চন্দ্ৰ পাল,
বাল গংগাধৰ তিলক,
খুদিৰাম বসু,
ভগত সিং,
মহাত্মা গান্ধী,
সুভাষ চন্দ্ৰ বসু,
জৱাহৰলাল নেহৰু আদি।
(খ) তোমাৰ পাঠত থকা অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ নাম লিখা।
উত্তৰঃ
পিয়লি ফুকন,
মণিৰাম দেৱান,
কনকলতা বৰুৱা,
গোপীনাথ বৰদলৈ,
কুশল কোঁৱৰ,
গোমধৰ কোঁৱৰ,
জ্যোতিপ্ৰসাদ আগৰৱালা,
বিষ্ণু প্ৰসাদ ৰাভা আদি।
(গ) বাণ ৰজাৰ জীয়ৰীৰ নাম কি আছিল? তেওঁৰ বিয়া কাৰ লগত হৈছিল?
উত্তৰঃ বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা। তেওঁৰ বিয়া অনিৰুদ্ধৰ লগত হৈছিল, যি আছিল শ্ৰী কৃষ্ণৰ নাতি।
৩। খালী ঠাই পূৰ কৰা
(ক) মহাভাৰতৰ যুদ্ধত অসমৰ পৰা ভগদত্ত ৰজাই কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল।
(খ) অসমৰ কুণ্ডিলৰ পৰা শ্ৰী কৃষ্ণই ৰুক্মিনীক হৰণ কৰি নিছিল।
(গ) অসমৰ ৰজা কুমাৰ ভাষ্কৰ বৰ্মণৰ সৈতে সম্ৰাট হৰ্ষবৰ্ধনৰ বন্ধুত্ব গঢ়ি উঠিছিল।
(ঘ) শ্ৰীমন্ত শংকৰদেৱয়ে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল।
(ঙ) ইংৰাজে প্ৰায় দুশ বছৰ ধৰি আমাৰ দেশ শাসন কৰিছিল।