আমাৰ ৰাজ্য় অসম
১। অসমৰ মানচিত্ৰখন ভালদৰে অধ্যয়ন কৰি চাৰিসীমা লিখা।
উত্তৰঃ অসমৰ চাৰিসীমা হৈছে—
পূবে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ;
পশ্চিমে পশ্চিমবংগ আৰু বাংলাদেশ;
উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ;
দক্ষিণে মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা।
২। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা—
(ক) তুমি বাস কৰা জিলাখনৰ নাম লিখা।
উত্তৰঃ মই বাস কৰা জিলাখনৰ নাম মৰিগাঁও।
(খ) অসমৰ প্ৰধান নদী কি কি?
উত্তৰঃ অসমৰ প্ৰধান নদী হৈছে বৰাক আৰু ব্ৰহ্মপুত্ৰ।
(গ) ‘কামৰূপ’ নামটোৰ উৎপত্তি কেনেকৈ হ’ল?
উত্তৰঃ প্ৰবাদ অনুসাৰে মহাদেৱৰ ক্ৰোধত কামদেৱ ভষ্মীভূত হৈছিল। কামদেৱৰ পত্নী ৰতি দেৱীৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ মহাদেৱে এই ৰাজ্যতেই কামদেৱক পুনৰ জীৱন দান কৰে। সেই ঘটনাৰ পৰাই “কামৰূপ” নামটোৰ উৎপত্তি হয়।
(ঘ) ব্ৰহ্মপুত্ৰৰ কেইখনমান উপনৈৰ নাম লিখা।
উত্তৰঃ ব্ৰহ্মপুত্ৰৰ কেইখনমান উপনৈ হ’ল— সোৱনশিৰী, দুধনৈ, দিচাং, দিখৌ, কপিলী, ভোগদৈ, মানাহ, পুঠিমাৰী, বৰনদী, দিক্ৰং, ৰঙানদী, আই, গদাধৰ আদি।
(ঙ) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰঃ আহোমসকলে অসমত প্ৰায় ছয়শ বছৰ ৰাজত্ব কৰিছিল।
৩। শুদ্ধ উত্তৰত ‘√’ চিন দিয়া—
(ক) অসম ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত। √
(খ) অসমৰ মুঠ জিলা ৩৩ খন। √
(গ) মহাদেৱে কামদেৱক ভষ্মীভূত কৰিছিল। √
(ঘ) ভাৰতৰ ভিতৰত অসমত চাহপাত বেছি উৎপন্ন হয়। √
(ঙ) বৰাক উপত্যকাত ৩ খন জিলা আছে। √
৪। অসমৰ তিনিবিধ খনিজ সম্পদৰ নাম লিখা।
উত্তৰঃ অসমৰ তিনিবিধ খনিজ সম্পদ হ’ল— খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু কয়লা।
৫। অসমৰ তিনিবিধ বনজ সম্পদৰ নাম লিখা।
উত্তৰঃ অসমৰ তিনিবিধ বনজ সম্পদ হৈছে— শাল, চেগুণ আৰু গমাৰি।
৬। অসমৰ শিল্পজাত সামগ্ৰী তিনিবিধৰ নাম লিখা।
উত্তৰঃ অসমৰ শিল্পজাত সামগ্ৰী তিনিবিধ হৈছে— কাঁহ-পিতল, বাহ-বেত আৰু কাঠজাত সামগ্ৰী।
৭। বৰাক নদী ক’ত আছে? ইয়াৰ তিনিখন উপনৈৰ নাম লিখা।
উত্তৰঃ বৰাক নদী অসমৰ কাছাৰ জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ তিনিখন উপনৈ হৈছে— সোণাই, জিৰি আৰু কুশিয়াৰা।
৮। অসমৰ প্ৰধান অভয়াৰণ্য দুখন কি কি?
উত্তৰঃ অসমৰ প্ৰধান দুখন অভয়াৰণ্য হৈছে—
পবিতৰা অভয়াৰণ্য আৰু
ওৰাং ৰাষ্ট্ৰীয় উদ্যান।