Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 10 Answer  বতৰ আৰু আমাৰ বাসস্থান

Chapter 10

বতৰ আৰু আমাৰ বাসস্থান

১। কি কি পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপ পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন।

২।কোনে বায়ুমণ্ডলক গৰম কৰি ৰাখে?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপে বায়ুমণ্ডলক গৰম কৰি ৰাখে।

৩। বতৰৰ তাৰতম্য কিয় দেখা যায়?

উত্তৰঃ সূৰ্যৰ পোহৰ পৃথিৱীৰ সকলোতে সমানে নপৰে সেয়ে বতৰৰ তাৰতম্য দেখা যায়।

৪। স্থানীয় বতৰ কোনে নিৰ্ণয় কৰে।

উত্তৰঃ স্থানীয় বতৰ ৰ’দ বতাহ আৰু বৰষুণে নিৰ্ণয় কৰে।

৫। আমি গৰমকালি গৰম আৰু জাৰকালি ঠাণ্ডা অনুভৱ কিয় কৰো?

উত্তৰঃ আমি গৰমকালি গৰম আৰু জাৰকালি ঠাণ্ডা অনুভৱ কাৰণ ঋতু সলনি হ’লে সূৰ্যৰ তাপ আৰু পোহৰ কম বা বেছিকৈ পৰে।

৬। আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লৈ?

উত্তৰঃ আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫১/৪ দিন সময় লৈ।

৭। আৰ্দ্ৰতা কাক বোলে?

উত্তৰঃ বায়ুমণ্ডলত জলীয় ভাপ মিহলি হৈ থকাকে আৰ্দ্ৰতা বোলা হয়।

৮। কি বেছি হ’লে মানুহৰ গাৰ গাম সোনকালে ভাপ নহয়?

উত্তৰঃ আৰ্দ্ৰতা বেছি হ’লে গাৰ গাম সোনকালে ভাপ নহয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects