Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 14 Answer প্ৰাকৃতিক দুৰ্যোগ

Chapter 14

প্ৰাকৃতিক দুৰ্যোগ

১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে?

উত্তৰঃ প্ৰাকৃতিক কাৰণত হোৱা দুৰ্যোগকে প্ৰাকৃতিক দুৰ্যোগ বোলে।

২। দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম হ’ল- ভূমিকম্প আৰু বানপানী।

৩। প্ৰাকৃতিক দুৰ্যোগ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ মানুহৰ কিছুমান কাম-কৰ্মৰ প্ৰভাৱে প্ৰাকৃতি ভাৰসাম্য নষ্ট হোৱাত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টি হয় আৰু প্ৰাকৃতিক কাৰণত ঘটা এক ঘটনা।

বানপানী

১। বানপানী কাক বোলে?

উত্তৰঃ বানপানী হ’ল সাধাৰণ পৰিস্থিতিত শুকান হৈ থকা পৃথিৱীৰ স্থলভাগ জলমগ্ন হোৱা অৱস্থা।
২। বানপানীয়ে মথাউৰি ভাগি কি কৰিব পাৰে?
উত্তৰঃ মানুহক মৃত্যুমুখন পেলাব পাৰে।
৩। মানুহক মৃত্যুমুখন পেলোৱাৰ উপৰিও আৰু কি কি ক্ষতি কৰে?

উত্তৰঃ মানুহক মৃত্যুমুখন পেলোৱাৰ উপৰিও পথাৰৰ খেতি-বাতিৰ লগতে বাৰীৰ লাগতিয়াল উদ্ভিদ, জীৱ-জন্তু কিছুমানকো মাৰি পেলায়।
৪। বানপানী আৰু কিহৰ কাৰণ হ’ব পাৰে?

উত্তৰঃ বানপানী মহামাৰী ৰোগৰো কাৰণ হ’ব পাৰে।

চুনামি

১। চুনামি কাক বোলে?

উত্তৰঃ উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি বোলে।

২। চুনামি কোন দেশৰ শব্দ?

উত্তৰঃ চুনামি এটা জাপানী শব্দ।

৩। চুনামি কি দুৰ্যোগ?

উত্তৰঃ চুনামি প্ৰাকৃতিক দুৰ্যোগ।

৪। চুনামিয়ে মানুহৰ কি কি ক্ষতিসাধন কৰে?

উত্তৰঃ সাগৰৰ পানীত ঢৌ সাগৰৰ পাৰলৈ আহি লগৰ চহৰ বুৰাই পেলাই আৰু বহু মানুহ আৰু জীৱ-জন্তুৰো তৎক্ষণাত মৃত্যু হ’ব পাৰে।

ভূমিকম্প

১। ভূমিকম্প কাক বোলে?

উত্তৰঃ পৃথিৱীৰ ভূগৰ্ভৰ অশ্মমণ্ডলত হঠাতে শক্তি মুক্ত হোৱাৰ ফলত ভূ-পৃষ্ঠত সৃষ্টি হোৱা জোকাৰণিকে ভূমিকম্প বোলে।

২। ভূমিকম্প জোখা স্কেল ডালৰ নাম কি?

উত্তৰঃ ভূমিকম্প জোখা স্কেল ডালৰ নাম- ৰি্খতাৰ স্কেল।

৩। কিমান চনত অসমত প্ৰবল ভূমিকম্প হৈছিল?

উত্তৰঃ ১৯৫০ চনত অসমত প্ৰবল ভূমিকম্প হৈছিল।

৪। ভূমিকম্প আহিলে ক’ত কি সাৱধানতা ল’ব লাগে?

উত্তৰঃ ভূমিকম্প আহিলে মুকলি ঠাইলৈ আহিব লাগে আৰু ঘৰৰ ভিতৰত থাকিলে টেবুলৰ তলত বহি ল’ব লাগে।

আগ্নেয়গিৰি

১। আগ্নেয়গিৰি কাক বোলে?

উত্তৰঃ পৃথিৱীৰ ভিতৰ ভাগত থকা উত্তপ্ত গলিত লাভা হঠাতে পৃথিৱীৰ খোলা ফুটা কৰি ওলাই আহে। পৃথিৱীৰ এই অৱস্থাক আগ্নেয়গিৰি বোলে।

২। আগ্নেয়গিৰিয়ে ভূ-পৃষ্ঠৰ কি কৰে?

উত্তৰঃ আগ্নেয়গিৰিয়ে ভূ-পৃষ্ঠত বহু জীৱ-জন্তু মাৰি পেলায়।

৩। গৰম লাভা বিয়পি পৰা অংশত বহু বছৰৈলৈ কি দেখা পোৱা নাযায়.?

উত্তৰঃ গৰম লাভা বিয়পি পৰা অংশত বহু বছৰৈলৈ জীৱ-জন্তু দেখা পোৱা নাযায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects