SVN Class 4 Environment Chapter 6 Answer জৈৱ বৈচিত্ৰ্য

Chapter 6

জৈৱ বৈচিত্ৰ্য

১। জৈৱ বৈচিত্ৰ্য কাক বোলে?

উত্তৰঃ পৃথিৱীৰ বুকুত ক্ৰমে মাটি, পানী আৰু বায়ুত থকা সকলো জীৱকে একেলগে জৈৱ বৈচিত্ৰ্য বোলে।

২। কাৰ কাৰ মাজত গভীৰ সম্পৰ্ক আছে?

উত্তৰঃ ক্ষুদ্ৰ অনুজীৱ, বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীবোৰৰ মাজত গভীৰ সম্পৰ্ক আছে।

৩। প্ৰত্যেকে প্ৰত্যেকৰ ওপৰত কিমান পৰিমাণে নিৰ্ভৰশীল?

উত্তৰঃ প্ৰত্যেকে প্ৰত্যেকৰ ওপৰত কম বেছি পৰিমাণে নিৰ্ভৰশীল।

৪। পৃথিৱীত উদ্ভিদ আৰু প্ৰাণীৰ কিমান প্ৰজাতি আছে?

উত্তৰঃ পৃথিৱীত উদ্ভিদ আৰু প্ৰাণীৰ অলেখ প্ৰজাতি আছে।

৫। কি প্ৰাকৃতিক ভাৰসাম্য়তাৰ অপৰিহাৰ্য অংগ?

উত্তৰঃ জৈৱ বৈচিত্ৰ্য প্ৰাকৃতিক ভাৰসাম্য়তাৰ অপৰিহাৰ্য অংগ।

৬। দেশৰ উন্নতি কোনে সাধন কৰে।

উত্তৰঃ দেশৰ উন্নতি জৈৱ বৈচিত্ৰ্যৰ সঠিক মূল্য়ায়ন আৰু ব্যৱহাৰে সাধন কৰে।

৭। কি কি ভেদে জৈৱ বৈচিত্ৰ্য কম বেছি হ’ব পাৰে?

উত্তৰঃ স্থান আৰু কাল ভেদে ভেদে জৈৱ বৈচিত্ৰ্য কম বেছি হ’ব পাৰে।

৮। কি অনুসৰি আমাৰ দেহৰ গঠনত ভিন্নতা দেখা যায়।

উত্তৰঃ বাসস্থান আৰু খাদ্য অভ্যাস অনুসৰি।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top