SVN Class 4 Environment Chapter 8 Answer বায়ুমণ্ডল

Chapter 8

বায়ুমণ্ডল

১। পৃথিৱীৰ খোলাটো কিহে আগুৰি আছে?

উত্তৰঃ পৃথিৱীৰ খোলাটো বায়ুমণ্ডলে আগুৰি আছে।

২। বায়ুমণ্ডলত কেইটা তৰপ আছে?

উত্তৰঃ বায়ুমণ্ডলত পাঁচটা তৰপ আছে।

৩। বায়ুমণ্ডলত পাঁচটা তৰপৰ নাম কি কি?

উত্তৰঃ ট্ৰপ ‘স্ফিয়াৰ, ষ্ট্ৰেট ‘স্ফিয়াৰ, মেচ’স্ফিয়াৰ, থাৰ্মোস্ফিয়াৰ আৰু এক্স ‘জমস্ফিয়াৰ।

৪। আমি পৃথিৱীৰ কোনটো স্তৰত বসবাস কৰো।

উত্তৰঃ আমি পৃথিৱীৰ ট্ৰপ ‘স্ফিয়াৰত বসবাস কৰো।

৫। কোনটো স্তৰত অক্সিজেনৰ পৰিমাণ যথেষ্ট।

উত্তৰঃ ট্ৰপ ‘স্ফিয়াৰত অক্সিজেনৰ পৰিমাণ যথেষ্ট।

৬। কোনে আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে?

উত্তৰঃ বায়ুমণ্ডলে আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে।

৭। পৃথিৱীৰ গড় উষ্ণতা কিমান?

উত্তৰঃ পৃথিৱীৰ গড় উষ্ণতা ১৫০ ছেণ্টিগ্ৰেড।

৮। মাটিৰ তলত থকা জীৱ আৰু উদ্ভিদৰ শিপাই কৰ পৰা অক্সিজেন পায়।

উত্তৰঃ মাটিৰ তলত থকা জীৱ আৰু উদ্ভিদৰ শিপাই মাটিৰ ফাঁকত থকা বায়ুমণ্ডলৰ পৰাই অক্সিজেন লাভ কৰে।

৯। কিহে পৃথিৱীৰ প্ৰয়োজনীয় উষ্ণতা বৰ্তাই ৰাখে।

উত্তৰঃ বায়ুমণ্ডলে পৃথিৱীৰ প্ৰয়োজনীয় উষ্ণতা বৰ্তাই ৰাখে।

১০। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি জীৱজগৰ বাবে কেনেকুৱা?

উত্তৰঃ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি জীৱজগৰ বাবে ক্ষতি কাৰক।

Scroll to Top