Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 9 Answer জীৱমণ্ডল

Chapter 9

জীৱমণ্ডল

১। জীৱমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ আৰু মাটিৰ তলৰ কিছু অংশলৈ বিস্তৃত পৰিসৰ।

২। জীৱমণ্ডলক ক্ৰমে কি কি হিচাপে অধ্যয়ন কৰা হয়?

উত্তৰঃ পৰিস্থিতি তন্ত্ৰ, বসতি স্থান আৰু ক্ষুদ্ৰ বসতি স্থান হিচাপে অধ্যয়ন কৰে।

৩। জীৱমণ্ডলত কি কি প্ৰয়োজন?

উত্তৰঃ জীৱমণ্ডলত খাদ্য বাসস্থান আৰু নিৰাপত্তা অত্যন্ত জৰুৰী।

৪। প্ৰাণী আৰু উদ্ভিদে কিহৰ বাবে নিৰাপদ বাসস্থান বাচি লয়?

উত্তৰঃ প্ৰাণী আৰু উদ্ভিদে বৃদ্ধি, বিকাশ আৰু বংশ ৰক্ষাৰ বাবে নিৰাপদ বাসস্থান বাচি লয়।

৫। উদ্ভিদৰ বাবে কি গেছ অত্যন্ত জৰুৰী?

উত্তৰঃউদ্ভিদৰ বাবে নাইট্ৰ ‘জেন অত্যন্ত জৰুৰী।

৬। গছে নাইট্ৰ ‘জেন কৰ পৰা লব পাৰে?

উত্তৰঃ গছে নাইট্ৰ ‘জেন মাটি তলৰ পৰা পাই।

৭। কোনে জীৱৰ খাদ্য তৈয়াৰ কৰে?

উত্তৰঃ উদ্ভিদে জীৱৰ খাদ্য তৈয়াৰ কৰে।

৮। মাটিত থকা দুবিধ বিয়োজকৰ নাম লিখা।

উত্তৰঃ মাটিত থকা দুবিধ বিয়োজক হ’ল- বেক্টেৰিয়া আৰু ভেঁকুৰ।

৯। কি কি হ’লে পানী ভাপলৈ ৰূপান্তৰ হয়।

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপত পানী ভাপলৈ ৰূপান্তৰ হয়।

১০। বৰষুণৰ পানীয়ে পৃথিৱীত কি কি পূৰ কৰে?

উত্তৰঃ বৰষুণৰ পানীয়ে পৃথিৱীত জলভাণ্ডাৰ পূৰ কৰে।

১১। কিহৰ অবিহনে জীৱমণ্ডল জীয়াই থাকিব নোৱাৰে।

উত্তৰঃ পানী অবিহনে জীৱমণ্ডল জীয়াই থাকিব নোৱাৰে।

১২। পুনৰবৰ্তন কাক বোলে?

উত্তলঃ পুনৰবৰ্তন হ’ল বিয়োজন হৈ পুনৰ ব্যৱহাৰৰ বাবে তৈয়াৰ হোৱা।

১৩। জীয়াই থাকিবৰ বাবে কিহে কিহক ভক্ষণ কৰে?

উত্তৰঃ জীৱই জীৱক ভক্ষণ কৰে।

১৪। খাদ্য় শৃংখল কাক বোলে?

উত্তৰঃ যিয়ে আনক ভক্ষণ কৰে তাক আকৌ কোনোবাই ভক্ষণ কৰাকে খাদ্য শৃংখল বোলে।

১৫। ঈগলক কোনে খায়?

উত্তৰঃ ঈগলক কোনেও নাখায় ই মৰাৰ পিছত বিয়োজবোৰে মৃতদেহটো মাটিৰ লগত মিহলাই দিয়ে।

১৬। স্থলচৰ জীৱৰ খাদ্য শৃংখল কিহৰ পৰা আৰম্ভ হৈ?

উত্তৰঃ স্থলচৰ জীৱৰ খাদ্য শৃংখল উৎপাদকৰ পৰা আৰম্ভ হৈ।

১৭। ঘাঁহ-বন আদিবোৰ কি ভোজী প্ৰাণীয়ে খায়?

উত্তৰঃ ঘাঁহ-বন আদিবোৰ তৃণভোজী প্ৰাণীয়ে খায়।

১৮। জলচৰ জীৱৰ খাদ্য শৃংখলৰ প্ৰাথমিক স্তৰ কি?

উত্তৰঃ জলচৰ জীৱৰ খাদ্য শৃংখলৰ প্ৰাথমিক স্তৰ প্লাৱকবোৰ।

১৯। প্লাৱকবোৰ কিহৰ সমষ্টি।

উত্তৰঃপ্লাৱকবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰাণী আৰু উদ্ভিদৰ সমষ্টি।

২০। প্লাৱকবোৰক কোনে খায়।

উত্তৰঃ প্লাৱকবোৰ সৰু সৰু মাছে খায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects