Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 10 Answer সীতা-হৰণ

সীতা-হৰণ
অধ্যায় ১০

(১) খালী ঠাই পূৰ কৰা-
(ক) মাৰীচ তাড়কাৰ ভায়েক আছিল।
(খ) লক্ষ্মণে কুটীৰৰ চাৰিওফালে ‘লক্ষ্মণ-ৰেখা’ আঁকি দিলে।
(গ) বাটত ৰাৱণৰ লগত জটায়ু পক্ষী য়ে যুদ্ধ কৰিলে।

(২) এটা বাক্যত উত্তৰ দিয়া-
(ক) ৰাৱণক সীতাৰ সৌন্দৰ্যৰ বিষয়ে কোনে কৈছিল ?
উত্তৰঃ ৰাৱণক সীতাৰ সৌন্দৰ্যৰ বিষয়ে শূৰ্পনখাই কৈছিল ।
(খ) কোনে কাৰ কথা মতে সোণৰ হৰিণৰ ৰূপ ধৰিছিল ?
উত্তৰঃ মাৰীচে ৰাৱণৰ কথা মতে সোণৰ হৰিণৰ ৰূপ ধৰিছিল।
(গ) ৰামে কাৰ ওপৰত সীতাক ৰক্ষাৰ ভাৰ দিছিল ?
উত্তৰঃ ৰামে লক্ষ্মণৰ ওপৰত সীতাক ৰক্ষাৰ ভাৰ দিছিল।
(ঘ) মাৰীচ ‘হা সীতা’, ‘হা লক্ষ্মণ’ বুলি কিয় চিঞৰিছিল ?
উত্তৰঃ গাত শৰ লগাত মাৰীচে ‘হা সীতা’, ‘হা লক্ষ্মণ’ বুলি চিঞৰিছিল।
(ঙ) লক্ষ্মণে সীতাক নিপাপদে ৰাখিবলৈ কি কৰিছিল ?
উত্তৰঃ লক্ষ্মণে সীতাক নিপাপদে ৰাখিবলৈ ‘লক্ষ্মণ-ৰেখা’ আঁকিলে।
(চ) ৰাৱণে কি ৰূপ ধৰি সীতাক হৰণ কৰিছিল ?
উত্তৰঃ ৰাৱণে ঋষিৰ ৰূপ ধৰি সীতাক হৰণ কৰিছিল ।
(ছ) সীতাক হৰণ কৰাৰ সময়ত কোনে ৰাৱণক বাধা, দিছিল ?
উত্তৰঃ সীতাক হৰণ কৰাৰ সময়ত জটায় পক্ষীয়ে বাধা দিছিল।
(জ) জটায়ু বাগৰি পৰাৰ পিচত সীতাই কিদৰে বিলাপ কৰিছিল?
উত্তৰঃ জটায়ু বাগৰি পৰাপ পিছত সীতাই ‘হা স্বামী, হা নাথ’ বুলি বিলাপ কৰিছিল।

(৩) ‘লক্ষ্মণ-ৰেখা’ কিয় আঁকিব লগা হ’ল-পাঠৰ আধাৰত বহলাই লিখা।
উত্তৰঃ ‘লক্ষ্মণ-ৰেখা’ কিয় আঁকিব লগা হ’ল কাৰণ যেতিয়া ৰামে হৰিণটো মাৰিবলৈ সক্ষম হ’ল তেতিয়া গাওত শৰ লগা হৰিণটোয়ে বা হৰিণৰ ৰূপত অহা মাৰীচে ‘হা সীতা, হা লক্ষ্মণ’ বুলি চিঞৰিলে তেতিয়া সীতাই ৰামে চিঞৰা বুলি ভয় খালে আৰু লক্ষ্মণক ৰামক বচাবলৈ পঠিয়ালে তেতিয়া লক্ষ্মণে কুটীৰ চাৰিওফালে এডাল ৰেখা আঁকিব লগা হ’ল লক্ষ্মণে যিডাল ৰেখা আঁকিলে সেই ৰেখা ডাল নামে ‘লক্ষ্মণ-ৰেখা’ ।
Question Answer By Bikash Bora

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects