SVN Class 4 Science Chapter 1 Answer 2026 | তৃতীয় মানৰ পাঠৰ পুনৰালোচনা । Lesson 1। Class 4 Science Question and Answer Sankajdev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ১

তৃতীয় মানৰ পাঠৰ পুনৰালোচনা 

    তৃতীয় মানৰ বিজ্ঞানত পঢ়া আটাইখিনি কথা তোমাৰ মনত আছেনে? মনত ৰাখিবলৈ যত্ন কৰিবা। তেতিয়াহে এইখন পুথি পঢ়িলে সহজে বুজিব পাৰিবা।

    আমাৰ চৌদিশে বিভিন্ন ধৰণৰ গছ-গছনি, চৰাই-চিৰিকটি, জীৱ-জন্তু আছে। ইহঁতে কিবা নহয় কিবা প্ৰকাৰে এটাই আনটোক সহায় কৰে। এইবোৰ জীয়াই থাকিবলৈ প্ৰয়োজন নিৰ্মল বায়ু, বিশুদ্ধ পানী আৰু পুষ্টিকৰ খাদ্য। আমি বিভিন্ন উৎসৰ পৰা  পানী পাওঁ। সকলো উৎসৰ পৰা পোৱা পানী পোনে পোনে খোৱাৰ উপযোগী নহয়। বিভিন্ন প্ৰকাৰে এই পানী দূষিত হ’ব পাৰে। পানী তিনিটা অৱস্থাত থাকে। বৰষুণৰ পৰা পৃথিৱীয়ে পানী পায়। বৰষুণ হয় আকৌ ডাৱৰৰ পৰা। সূৰ্যৰ তাপত ভাপ হোৱা পানীৰ পৰাই সৃষ্টি হয় ডাৱৰৰ। বতাহত উৰি যোৱা ডাৱৰ  পাহাৰ-পৰ্বতত ঠেকা খাই বৰষুণ হয়। পানী কেৱল জুলীয়া অৱস্থাতে থকাহেঁতেন, কেতিয়াও বৰষুণ নহ’লহেঁতেন। 

    এই উদ্ভিদ আৰু প্ৰাণীবোৰৰ বাসস্থানো ভিন্ন। সকলো প্ৰাণীৰে অংগ-প্ৰত্যংগ একে নহয়। চৰাই-চিৰিকটি সম্পৰ্কেও তোমালোকে পঢ়িছা। এই কথাও মনত ৰখা ভাল যে জীৱ আৰু জড়ৰ বিশেষ কিছুমান লক্ষণ আছে। তাপ আৰু উষ্ণতাৰ কথা পঢ়া মনত পৰেনে? তাপে আমাক কিদৰে সহায় কৰে বাৰু?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top