পাঠ ১১
পোহৰ আৰু আন্ধাৰ
১। পোহৰ উৎস কেইবিধমানৰ নাম লিখা।
উত্তৰঃ পোহৰৰ উৎস কেইবিধমানৰ নাম হৈছে 一 সূৰ্য, চাকি, লেম্প, লাইট আদি।
২। সূৰ্যৰ পোহৰ আইনাত পৰি কিদৰে উভতি যায় ছবিৰ সহায়েৰে দেখুওৱা।উত্তৰঃ
৩। সূৰ্যৰ পোহৰে আমাক কিদৰে সহায় কৰে?
উত্তৰঃ সূৰ্যৰ পোহৰ পৰিলে দিন হয়। সূৰ্যৰ পোহৰত আমি প্ৰয়োজনীয় সকলো কাম কৰিব পাৰোঁ। উদ্ভিদে সূৰ্যৰ পোহৰত কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত আহাৰ প্ৰস্তুত কৰে।
৪। জোনাকী পৰুৱাই কেনেদৰে আহাৰ বিচাৰে?
উত্তৰঃ জোনাকী পৰুৱাই নিজৰ গাৰ পৰাই পোহৰ উলিয়াই ৰাতিৰ আন্ধাৰত আহাৰ বিচাৰে।
৫। কোনে কেতিয়া পোহৰ পাব পৰা বাল্ব সাজি উলিয়ায়?
উত্তৰঃ টমাছ আলভা এডিছন নামৰ বিজ্ঞানীগৰাকীয়ে ১৮৭৯ চনত পোহৰ পাব পৰা বাল্ব সাজি উলিয়ায়।
৬। পোহৰ উৎ স কাক বোলে?
উত্তৰঃ যিবোৰ বস্তুৰ পৰা আমি পোহৰ পাওঁ সেইবোৰক পোহৰৰ উৎস বুলি কয়।
৭। উদ্ভিদৰ বাবে সূৰ্যৰ পোহৰ আৱশ্য়ক কিয়?
উত্তৰঃ উদ্ভিদে সূৰ্যৰ পোহৰত হে কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি খাদ্য় প্ৰস্তুত কৰিব পাৰে।
৮। আন্ধাৰ আমাৰ কিয় প্ৰয়োজন?
উঃ পোহৰত আমি কাম কৰি ভাগৰুৱা হওঁ আৰু ৰাতিৰ আন্ধাৰত জিৰণি লও। জিৰণিৰ পিছতহে আমি কাম কৰিবলৈ বল পাওঁ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post