SVN Class 4 Science Chapter 12 Answer 2026 | আমাৰ পৰিৱেশ বৈচিত্ৰময় প্ৰাণীবোৰ | অধ্য়ায় ১২ | Lesson 12 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ আমাৰ পৰিৱেশৰ বৈচিত্ৰময় প্ৰণীবোৰ পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১২

আমাৰ পৰিৱেশ বৈচিত্ৰময়

১। গেলা-পচা বা মৰাশ খাই পৰিৱেশ নিকা কৰা পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ গেলা-পচা বা মৰাশ খাই পৰিৱেশ নিকা কৰা পাঁচবিধ প্ৰাণীৰ নাম হৈছে 一 কাউৰী, চিলনী, শগুণ, শিয়াল আৰু কুকুৰ।

২। মৌমাখিয়ে কেনেদৰে মৌজোল তৈয়াৰ কৰে ?

উত্তৰঃ মৌমাখিয়ে নানা ফুলৰ পৰা ৰস সংগ্ৰহ কৰি আনে। ৰস মৌমাখিৰ মুখৰ পৰা ওলোৱা লালটিৰ লগত লগ হৈ মৌ বা মৌজাল তৈয়াৰ হয়।

৩। সাপে পৰিৱেশ নিকা কৰাত কেনেকুৱা ভূমিকা লয়?

উত্তৰঃ সাপে নিগনি, বিষাক্ত কীট-পতংগ আৰু শস্য় অনিষ্টকাৰী পোক-পৰুৱা খাই আমাৰ উপকাৰ কৰে।

৪। কেচুঁক কিয় খেতিয়েকৰ পৰম বন্ধু বোলে?

উত্তৰঃ কেচুঁৱে মাটিত অসংখ্য় গাঁত কৰি মাটিডৰা কোমল কৰে। এি গাঁতবোৰেদি পানী আৰু বায়ু মাটিৰ ভিতৰলৈ সোমায়। গাঁত খান্দোতে ইহঁতে মাটিৰ সৈতে মাটিত মিহলি গছ-পাত আদি জৈৱ পদাৰ্থবোৰ খায় আৰু বিষ্ঠাৰূপে উলিয়াই দিয়ে। বিষ্ঠাবোৰ কুণ্ডলী পকোৱা। ইয়াক কেচুঁমটা বোলে। কেচঁমটাত যথেষ্ট পৰিমাণে অজৈৱ ৰাসায়নিক পদাৰ্থ মিহলি হৈ থাকে। সেইবাবে মাটিডৰা সাৰুৱা হয়। সেয়েহে, কেচুঁক খেতিয়কৰ পৰম বন্ধু বোলে।

৫। মহে কামুৰিলে কিয় খজুৱাই?

উত্তৰঃ মাইকী মহে কামুৰিলে কিছুমান জুলীয়া পদাৰ্থ সিহঁতে তেজৰ লগত মিহলাই দিয়ে। এই জুলীয়া বস্তুটোৰ কাৰণেই ছালত টোপোৰা বান্ধে আৰু খজুৱায়।

৬। মাখিয়ে কেনেদৰে আহাৰ ভক্ষন কৰে বুজাই লিখা।

উত্তৰঃ সাধাৰণ মাখিবোৰৰ দাঁতৰ আলু বা দাঁত নাই আৰু সেই কাৰণে সিহঁত পনীয়া বস্তুৰ ওপৰত নিৰ্ভৰশীল। সিহতৰ শুৰৰ দৰে এঠাযুক্ত খন জিভা থাকে। যেতিয়া সিহঁত আহাৰৰ ওপৰত পৰে মুখৰ লালটি তাৰ ওপৰত বিয়পাই দিে। লালটিয়ে আহাৰবোৰ গলাই পেলায়আৰু এইদৰে সিহঁতে জিভাৰ মাজেদি আহাৰ ভিতৰলৈ টানি নিব পাৰে।

৭। বাঘ ঝিলীৰ চিকাৰ পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ ঝিলীৰ পলুবিলাক মাটিত গাত খান্দি থাকে আৰু তাৰ কাষেদি পাৰ হৈ যোৱাপতংগক নখৰে খামুচি ধৰিবলৈ চোপ লয়।

৮। জোনাকী পৰুৱাৰ পলুৱে কি কি খায়?

উত্তৰঃ জোনাকী পৰুৱাৰ পলুৱে কুমজেলেকুৱা, শামুক আদি খায়।

৯। কাকতী ফৰিঙৰ উপকাৰ আৰু অপকাৰ উল্লেখ কৰা।

উত্তৰঃ কাকতী ফৰিঙে উদ্ভিদ আৰু শস্য়ৰ অনিষ্ট সাধন কৰে। আৰু সিহঁতে কিছুমান অনিষ্টকাৰী পতংগ ধ্বংস কৰে।

১০। মোৱাপোক আৰু পৰুৱাৰ সম্পৰ্ক উল্লেখ কৰা।

উত্তৰঃ মোৱাপোক আৰু পৰুৱাৰ সম্পৰ্ক বৰ মধুৰ। মোৱাপোকে আহাৰৰ বাবে গছৰ ৰস শুহি লয়। চতুৰ পৰুৱা বিলাকে, খেতিয়কে গাই খিৰোৱাৰ দৰে, মোৱাপোকৰ দেহৰ ৰস বা মৌ শুহি উলিয়ায়। তাৰ বিনিময়ত শত্ৰুৰ আক্ৰমণৰ পৰা সিহঁতক ৰক্ষা কৰে।

১১।  পানী পৰুৱাৰ খাদ্য়গ্ৰহণ পদ্ধতি লিখা।

উত্তৰঃ পানী পৰুৱাই পুখুৰীত থকা অন্য়ান্য় জীৱবিলাক খাই জীৱন ধাৰণ কৰে। সিহঁতে আগঠেং দুটা চিকাৰ ধৰি ৰাখিবলৈ ব্য়ৱহাৰ কৰে। পুখুৰীৰ পতংগ বিলাকৰ ৰস শুহিবলৈ ঠোঁটৰ দৰে মুখাঙ্গ ব্য়ৱহাৰ কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top