SVN Class 4 Science Chapter 15 Answer 2026 | বস্তু আৰু পদাৰ্থ | অধ্য়ায় ১৫ | Lesson 15 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ বস্তু আৰু পদাৰ্থ পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৫

বস্তু আৰু পদাৰ্থ

১। বস্তুৰ তিনিটা অৱস্থা কি কি?

উত্তৰঃ বস্তুৰ তিনিটা অৱস্থা হৈছে – কঠিন বা গোটা, জুলীয়া বা পনীয়া আৰু গেছীয় বা ভাপ অৱস্থা।

২। গোটা বস্তুৰ তিনিটা গুণ উল্লেখ কৰা। প্ৰতিটো গুণৰ ভিত্তিত একোটাকৈ ব্য়ৱাহৰ লিখা।

উত্তৰঃ গোটা বস্তুৰ তিনিটা গুণ হৈছে – 

    স্থিতিস্থাপকতা গুণৰ বাবেই গাড়ী-মটৰত টিউৱ-টায়াৰ লগোৱা হয়। পোহৰ পৰা হ’ব পৰা গুণৰ বাবে ঘৰৰ দুৱাৰ খিৰিকীত কাঁচ লগোৱা হয়। লো, এলুমিনিয়াম আদি তাপ পৰিবাহী বাবেই ভাত ৰন্ধা সঁজুলি প্ৰস্তুতিত এইবোৰ ব্য়ৱহৃত হয়।

৩। গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হোৱা তিনিটা বস্তুৰ নাম লিখা।

উত্তৰঃ গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হোৱা তিনিটা বস্তুৰ নাম হৈছে – নেপথেলিন, কৰ্পূৰ আৰু  

৪। বৰফৰ চাৰিটা ব্য়ৱহাৰ উল্লেখ কৰা।

উত্তৰঃ বৰফৰ চাৰিটা ব্য়ৱহাৰ হৈছে – 

    খাদ্য় বস্তু বহুদিনলৈ ভালে ৰাখিবলৈ বৰফৰ মাজত ৰখা হয়।

    জ্বৰ হ’লে, আঘাত পালে, জুয়ে পুৰিলে বৰফ ব্য়ৱহাৰ কৰা হয়।

    গৰম দিনত আইচক্ৰীম হিচাপে বৰফ খোৱা হয়।

    বৰফেৰে ঢাক খাই থকা ঠাইত বৰফেৰে ঘৰ সজা হয়।

৫। জুলীয়া আৰু গোটা বস্তুৰ মাজত থকা পাৰ্থক্য় লিখা।

উত্তৰঃ জুলীয়া আৰু গোটা বস্তুৰ মাজত পাৰ্থক্য় হৈছে –

    জুলীয়া বস্তুৰ আকৃতি নাই আনহাতে গোটা বস্তুৰ আকৃতি আছে।

    গোটা বস্তুৱে তাপ পালে জুলীয়া অৱস্থা পায় আনহাতে জুলীয়া বস্তুৱে তাপ পালে ভাপ অস্থাহে পায়।

৬। স্থিতিস্থাপক বস্তু কাক বোলে? এই গুণ ভিত্তিক দুটা ব্য়ৱহাৰ লিখা।

উত্তৰঃ বল প্ৰয়োগ কৰি বস্তুৰ আকাৰ আৰু অৱস্থাৰ পৰিৱৰ্তন কৰাৰ পাছত সেই বল আঁতৰাই আনিলে কিছুমান বস্তুৱে পুনৰ আগৰ অৱস্থা পায়। বস্তুৰ এই গুণটোক স্থিতিস্থাপকতা বোলা হয়। এই গুণ ভিত্তিক দুটা ব্য়ৱহাৰ হৈছে – মটৰগাড়ী, চাইকেল আদিত ৰবৰৰ টিউৱ-টায়াৰ আদি ব্য়ৱহাৰ কৰোঁ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top