Might Learn Logo Might Learn

SVN Class 4 Science Chapter 16 Answer 2026 | প্ৰাথমিক চিকিৎসা | অধ্য়ায় ১৬ | Lesson 16 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ প্ৰাথমিক চিকিৎসা পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ১৬

প্ৰাথমিক চিকিৎসা

১। কটা-ছিঙা হৈ তেজ ওলালে কি কৰিবা?

উত্তৰঃ কটা-ছিঙা হৈ তেজ ওলালে তেজ ওলোৱা বন্ধ কৰিবলৈ কটা ঠাইডোখৰ টিপা মাৰি ধৰিম, প্ৰথমে চফা পানীৰে ধুই দিম, চাফা কাপোৰ বা বেণ্ডেজেৰে পাতলকৈ বান্ধি দিম যাতে ঠাইডোখৰত ধূলি মাকতি নালাগে। নাৰ্জি ফুলৰ আগ, বিষল্য়কৰণীৰ পাত বা দুৱৰি বনৰ আগ চাফাকৈ ধুই লৈ পিহি ঘাঁ ডোখৰত লগাই দিম। তাৰ পিছতো তেজ বন্ধ নহ’লে ডক্তৰক দেখাম।

২। হাত-ভৰি মোচোকা খালে কি কৰা উচিত?

উত্তৰঃ মোচোকা খোৱা ছাইত লগে লগে পৰিষ্কাৰ ঠাণ্ডা পানী ঢালিব লাগে। বিষ কমোৱা মলম ঘঁহিব লাগে, তিতা কাপোৰেৰে বান্ধি থ’ব লাগে আৰু দুখ পোৱা ঠাইত মালিচ কৰি নালাগে। কেচা বালধি খুন্দি লগাই থ’ব লাগে। বেছিকৈ উখহিলে বা বিষালে ডাঙৰ মানুহক বা ডাক্তৰক খবৰ দিব লাগে

৩। জুয়ে পুৰিলে কেনে ধৰণৰ প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিব লাগে?

উত্তৰঃ জুয়ে পোৰা ঠাইডোখৰ ৰঙা হয় আৰু জোলা বান্ধে, জুয়ে পোৰা ঠাই মোহাৰি দিব নালাগে। জোলা বান্ধিলে ভাঙিব নালাগে। আলু ঠেতালি পোৰা ঠাইত লগাব লাগে ৷ ঘৰত যদি জুয়ে পোৰা মলম থাকে লগাই দিব লাগে। পোৰা ঠাইখিনিত চেঁচা পানী ঢালিব লাগে, বৰফ লগাই দিব লাগে। জুয়ে পোৰা মানুহক যথেষ্ট পৰিমাণে পানী আৰু গাখীৰ খাবলৈ দিব লাগে। বেছিকৈ পুৰিলে ডাক্তৰৰ সহায় ল’ব লাগে।

৪। পোক-পতংগই কামুৰিলে কি কৰিবা?

উত্তৰঃ বিন্ধা বা কামোৰা ঠাইত শুং লাগি থাকিলে এৰুৱাই দিব লাগে। চূণ পানী বা ডেটল ঘঁহি দিব লাগে বা দোৰোন গছৰ পাতৰ ৰস লগাব লাগে এইখিনি কৰাৰ পিছতো যদি বিষ নকমে বা উখহিয়ে থাকে তেন্তে ডাক্তৰৰ ওচৰলৈ যাব লাগে।

৫। প্ৰাথমিক চিকিৎসা বাকচত কি কি বস্তু সংগ্ৰহ কৰি ৰাখিব লাগে?

উত্তৰঃ প্ৰাথমিক চিকিৎসা বাকচত সংগ্ৰহ কৰিব লগীয়া বস্তুবোৰ হৈছে – বিশুদ্ধ কপাহ, বেণ্ডেজ কাপোৰ, সৰু কেঁচী এখন, বীজাণুনাশক মলম, চাফা কাপোৰ, ডেঠল, বৰ্ণাল আদি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects