SVN Class 4 Science Chapter 2 Answer 2026 | বায়ু, পানী আৰু বতৰ | Lesson 2 | Class 4 Science Question and Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ২

বায়ু, পানী আৰু বতৰ

১। বায়ুক কিয় মিশ্ৰ পদাৰ্থ বোলা হয়?

উত্তৰঃ বায়ুত বিভিন্ন ধৰণৰ গেছীয় পদাৰ্থ লগ হৈ থকাৰ বাবে ইয়াক মিশ্ৰ পদাৰ্থ বুলি কোৱা হয়।

২। পানী আমাৰ কি কি কামত লাগে?

উত্তৰঃ খোৱাৰ উপৰিও পানী আমাৰ বভিন্ন কামত লাগে। যেনে- গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা, খেতি পথাৰত দিয়া ইত্য়াদি।

৩। প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ কেনে ধৰণৰ বেমাৰ হ’ব পাৰে?

উত্তৰঃ প্ৰদূষিত পানী খোৱাৰ ফলত আমাৰ বহু ধৰণৰ বেমাৰ হ’ব পাৰে। যেনে – কলেৰা, হাইজা, ডায়েৰীয়া, টায়েফয়েড, হেপাটাইটিছ এ আৰু চি।

৪। বতৰ বুলিলে কি বুজা? বতৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ কোনো এখন ঠাইৰ কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলীয় অৱস্তাকে সাধাৰণতে বতৰ বুলি বুজা যায়।

    বতৰ সাধাৰণতে সূৰ্যৰ ওপৰত নিৰ্ভৰশীল।

৫। চমু টোকা লিখা –

জলচক্ৰঃ বৰষুণৰ পানী, নদী, হ্ৰদ, সাগৰ আদিলৈ বৈ যায়। সেইবোৰ পানীয়েই সূৰ্যৰ তাপত পুনৰ জলীয় ভাপ হৈ আকাশলৈ উৰি যায়। জলীয় ভাপ লগ লাগি ডাৱৰ হয়। ডাৱৰৰ পৰা বৰষুণ হয়। এইদৰে পৃথিৱীৰ জলভাগত জলীয় ভাপ, ডাৱৰ আৰু বৰষুণৰ চক্ৰ চলি থাকে। ইয়াকে জলচক্ৰ বোলা হয়।

স্থলবতাহ আৰু জলবতাহঃ ৰাতি পানীতকৈ মাটি সোনকালে চেঁচা হয়। ফলত ইয়াৰ ওপৰৰ বায়ুখিনিও সোনকালে চেঁচা হয়। কিন্তু পানী গৰম হৈ থাকে বাবে পানীৰ ওপৰৰ বায়ুখিনিও গৰম হৈ থাকে আৰু সেই ঠাইৰ গৰম বায়ু ওপৰলৈ উঠে, ফলত সেই ঠাই পূৰাবলৈ স্থলভাগৰ পৰা শীতল বতাহ জলভাগলৈ বয়। ইয়াক স্থলবতাহ বোলে।

    দিনৰ ভাগত মাটি সোনকালে গৰম হয়। ফলত তাৰ ওপৰত থকা বায়ুও সোনকালে গৰম হয়। বায়ু গৰম হ’লে পাতল হয়। এই পাতল বায়ু ওপৰলৈ উঠে। আৰু সেই ঠাই পূৰাবলৈ জলভাগৰ পৰা শীতল বতাহ স্থলভাগলৈ বয়, এই বতাহেই হৈছে জলবতাহ।

কুৱলী আৰু নিয়ৰঃ কুৱলী আৰু নিয়ৰ জাৰকালি ৰাতি আৰু পুৱা প্ৰায়ে দেখা যায়। কুৱলী যথেষ্ট পৰাৰ ফলত বাট-পথ ধুৱলী-কুৱলী হয়। আৰু নিয়ৰ পৰাৰ ফলত আমি ঠাণ্ডা অনুভৱ হয়।

৬। ধুমুহাৰ ফলত কেনে ধৰণৰ ক্ষয়-ক্ষতি হয়?

উত্তৰঃ ধুমুহাৰ ফলত আমাৰ বহুতো ক্ষয়-ক্ষতি হয়। গছ-গছনি, ঘৰ-দুৱাৰ আদি ধুমুহাই উৰুৱাই নিয়ে। বিজুলীৰ তাৰ আদি ছিগি যোৱাৰ ফলত আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

৭। তিতা কাপোৰ মেলি দিলে শুকায় কিয়?

উত্তৰঃ তিতা কাপোৰত থকা পানীসমূহ সূৰ্যৰ তাপত ভাপলৈ পৰিণত হৈ আকাশলৈ উৰি যায়। ফলত তিতা কাপোৰ মেলি দিলে শুকায়।

৮। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) সূৰ্যৰ তাপত জলভাগ স্থলভাগতকৈ পিছত গৰম হয়।

উত্তৰঃ শুদ্ধ।

(খ) বায়ু এবিধ মিশ্ৰ পদাৰ্থ।

উত্তৰঃ শুদ্ধ।

(গ) শীতকালত দিন দীঘল ৰাতি চুটি হয়।

উত্তৰঃ অশুদ্ধ।

(ঘ) সূৰ্য আৰু পৃথিৱীৰ মাজত দূৰত্ব বেছি হ’লে পৃথিৱীত জাৰকালি হয়।

উত্তৰঃ শুদ্ধ।

(ঙ) বায়ুৱে ঠাই আগুৰি থাকে।

উত্তৰঃ শুদ্ধ।

(চ) আমাৰদেহত প্ৰায় শতকৰা ৭০ ভাগ পানী থাকে।

উত্তৰঃ শুদ্ধ।

(ছ) পটোছিয়াম পাৰমাংগেনেট এবিধ জীৱানুনাশক দ্ৰব্য।

উত্তৰঃ শুদ্ধ।

(জ) উতলালেও কোমল নোহোৱা পানীক খৰপানী বোলে।

উত্তৰঃ অশুদ্ধ।

৯। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই লিখাঃ

‘ক’    –    ‘খ’

বায়ু নিচান – বতাহৰ দিশ।

থাৰ্মমিটাৰ -শৰীৰৰ তাপ।

বেৰ’মিটাৰ – বায়ুৰ চাপ।

বৃষ্টিমান যন্ত্ৰ – বৰষুণৰ পৰিমাণ।

হাইগ্ৰ’মিটাৰ – বায়ুত থকা জলীয় ভাপৰ পৰিমাণ।

১০। খালী ঠাই পূৰ কৰাঃ

(ক) বায়ুত থকা কাৰ্বন-ডাই-অক্সাইড গেছ উদ্ভিদৰ বাবে বৰ প্ৰয়োজনীয়।

(খ) বায়ুত আটাইতকৈ বেছি পৰিমাণে নাইট্ৰজেন গেছ থাকে।

(গ) বায়ুত ২১.০ শতকৰা অক্সিজেন থাকে।

(ঘ) জাৰকালি দিন চুটি আৰু ৰাতি দীঘল হয়।

(ঙ) বায়ুৰ চাপ বেৰ’মিটাৰ যন্ত্ৰৰ দ্বাৰা জোখা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top