Might Learn Logo Might Learn

SVN Class 4 Science Chapter 20 Answer 2026 | উদ্ভিদৰ বিভিন্ন অংগৰ কাম | অধ্য়ায় ২০ | Lesson 20 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ উদ্ভিদৰ বিভিন্ন অংগৰ কাম পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ২০

উদ্ভিদৰ বিভিন্ন অংগৰ কাম

১। পাতৰ তিনিটা কাম উল্লেখ কৰা।

উত্তৰঃ পাতৰ তিনিটা কাম হৈছে 一 

– পতে আহাৰ তৈয়াৰ কৰে।

– পাতে শ্বাস-প্ৰশ্বাস লয়।

– পাতে অতিৰিক্ত পানীভাগ বাহিৰ কৰি দিয়ে।

২। শিপাৰ কাম কি?

উত্তৰঃ শিপাৰ কাম হৈছে 一

– শিপাই মাটিৰ পৰা সাৰ-পানী শুহি লয়।

– শিপাই গছজোপাক মাটিত খামুচি ধৰি ৰাখে যাতে গছ জোপা উভালি পৰিব নোৱাৰে।

৩। মূলত্ৰ আৰু মূলৰোমৰ কাম কি?

উত্তৰঃ শিপাই সাৰ-পানী বিচাৰি যাওঁতে যাতে মাটিত আঘাত নাপায় তাৰ ব্য়ৱস্থা মূলত্ৰই কৰে। আৰু মূলৰোমে মাটিৰ পৰা সাৰ শুহি লয়।

৪। ফুলৰ বিভিন্ন অংশৰ কাম বহলাই আলোচনা কৰা।

উত্তৰঃ ফুল এজোপাৰ বিভিন্ন অংশবোৰ হৈছে 一 পুষ্পবৃন্তিকা, ঠাৰি, পুষ্পপত্ৰ, বৃতি, দলমণ্ডল ( পাহি ), পুংস্তৱক আৰু স্ত্ৰীস্তৱক। পুষ্পবৃন্তিকাই ফুল পাহ ডালৰ লগত লগ লগাই ধৰি ৰাখে আৰু পাতত প্ৰস্তুত হোৱা আহাৰ ফুললৈ কঢ়িয়াই নিয়ে। পুষ্পাক্ষ বৃতিয়ে কলি অৱস্থাত সম্পূৰ্ণকৈ আৱৰি ৰাখে যাতে তাৰ ভিতৰত থকা কোমল পাহি, পুংস্তৱক, স্ত্ৰীস্তৱক আদি ৰ’দ বতাহত শুকাই নাযায় আৰু পোক পৰুৱাই সহজে নষ্ট কৰিব নোৱাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects