Might Learn Logo Might Learn

SVN Class 4 Science Chapter 22 Answer 2026 | কাৰ্য আৰু শক্তি | অধ্য়ায় ২২ | Lesson 22 | Class 4 Science Solution Sankardev | Class 4 Science Sankardev School Question Answer | Class 4 Science Nots | শংকৰদেৱ স্কুলৰ কাৰ্য আৰু শক্তি পাঠটোৰ প্ৰশ্ন উত্তৰ |


পাঠ ২২

কাৰ্য আৰু শক্তি

১। বল দিলে কি হয়?

উত্তৰঃ বল দিলে বস্তুৰ স্থানৰ পৰিৱৰ্তন হয়।

২। শক্তি বুলিলে কি বুজা?

উত্তৰঃ বস্তুৰ কাৰ্য কৰিব পৰা সক্ষমতা বা সামৰ্থকেই শক্তি বুলি কোৱা হয়।

৩। ইন্ধন কি? আমি কেই প্ৰকাৰ ইন্ধনৰ বিষয়ে জানো?

উত্তৰঃ যিবোৰ উপাদানে বস্তু এটাক কাৰ্য কৰিবলৈ শক্তি দিয়ে, সিয়েই ইন্ধন।

৪। গতি শক্তি মানে কি?

উত্তৰঃ চলি থাকোঁতে বা গতি কৰি থাকোঁতে বস্তুৱে যি শক্তি লাভ কৰে তাক গতি শক্তি বুলি কোৱা হয়।

৫। ধনুৰ গুণডাল টানি ৰাখিলে কি শক্তি পায়?

উত্তৰঃ ধনুৰ গুণডাল টানি ৰাখিলে স্থিতি শক্তি পায়।

৬। পতাকা এখন খুটাত ওলোমাই থ’লে উৰি থাকে কিয়?

উত্তৰঃ পতাকা এখন খুটাত ওলোমাই থ’লে গতি শক্তিৰ বাবে উৰি থাকে।

৭। পাহাৰৰ টিঙত থকা শিলটো তললৈ বাগৰি আহে কিয়?

উত্তৰঃ পাহাৰৰ টিঙত থকা শিলটো মধ্য়াকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ বাগৰি আহে।

৮। তেলৰ চাকি এটা জ্বলালে কি শক্তি পাম?

উত্তৰঃ তেলৰ চাকি এটা জ্বলালে তাপশক্তি পাম।

৯। শক্তিৰ ৰূপান্তৰ মানে কি?

উত্তৰঃ শক্তিৰ পৰিৱৰ্তন হয়। এটা শক্তিৰ পৰা আন এটা শক্তিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক শক্তিৰ ৰূপান্তৰ বোলে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects