Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Science Chapter 3 Answer 2026 | আমাৰ শৰীৰ | Lesson 3 | Class 4 General Science Question And Answer Sankardev School |শংকৰদেৱ স্কুলৰ বিজ্ঞান চতুৰ্থ মানৰ বাবে প্ৰশ্ন আৰু উত্তৰ |

পাঠ ৩

আমাৰ শৰীৰ

১ । জ্ঞানেন্দ্রিয় কাক বােলে? উত্তৰঃ চকু, কাণ, নাক, জিভা আৰু ছালক একেলগে জ্ঞানেন্দ্ৰিয় বোলা হয়।
২ । আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগবােৰৰ নাম লিখা। উত্তৰঃ আমাৰ শৰীৰৰ আভ্য়ন্তৰীণ অংগবোৰৰ নাম হৈছে – হাওঁফাওঁ, বৃক্ক, কলিজা, পাকস্থলী, খাদ্য়নলী, মগজু আদি।৩। তলত দিয়া অংগসমূহৰ চিত্র আঁকা আৰু ইহঁতৰ কাম-কাজ বর্ণনা কৰা। হাওঁফাওঁ, বৃক্ক, হৃদপিণ্ড। উত্তৰঃ হাওঁফাওঁঃ

    হাওঁফাওঁ ৰ জৰিয়তে আমি উশাহ-নিশাহৰ কাৰ্য সম্পন্ন কৰোঁ। উশাহত লোৱা বায়ুৰ পৰা হাওঁফাওঁত চলাচল কৰা তেজে অক্সিজেন ভাগ শুহি লয়। আৰু কোষসমূহলৈ কঢ়িয়ায় নিয়ে। কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড ভাগ তেজে হাওঁফাওঁত এৰি দিয়ে আৰু হাওঁফাওঁৱে নিশাহত এই কাৰ্বন-ডাই-অক্সাইড ভাগ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।
বৃক্কঃ 

    বৃক্ক হৈছে মানুহৰ আভ্য়ন্তৰীণ অংগ। কিছুমান অলাগতিয়াল বস্তু বৃক্কই তেজৰ পৰা ছেকি তেজ পৰিশোধন কৰে। 

হৃদপিণ্ডঃ


    ৰক্ত সঞ্চালন তন্ত্ৰত কেন্দ্ৰীয়ভাৱে থকা দৰকাৰী অংগটো হৈছে হৃদপিণ্ড বা কলিজা। কিছুমান ৰক্তবাহী নলীয়েদি তেজ হৃদপিণ্ডৰ পৰা বিভিন্ন অংগ-পতংগলৈ ওলাই যায়। এইবোৰ ৰক্তবাহী নলীক ধমনী বোলে। আকৌ কিছুমান নলীয়ে শৰীৰৰ বিভিন্ন ংগ-পতংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে। এইদৰে হৃদপিণ্ডটোৱে মৃত্য়লৈ এবাৰো বন্ধ নোহোৱাকৈ গোটেই শৰীৰতে তেজ চলাচল কৰি ৰাখে।
৪। উশাহ নিশাহ লওঁতে বুকুখন উঠা নমা কৰে কিয় ? উত্তৰঃ আমাৰ বুকুৰ ভিতৰত দুটা হাওঁফাওঁ থাকে। হাঁওফাঁও দুটা বেলুনৰ দৰে। উশাহত লোৱা বায়ু হাঁওফাঁওৰ ভিতৰত সোমালে ই ফুলি উঠে আৰু নিশাহত হাওঁফাওঁৰ পৰা বায়ু উলাই গ’লে ই সংকুচিত হয়। সেইবাবে আমি উশাহ-নিশাহ লওঁতে বুকুখন উঠা-নমা কৰে।
৫। ধমনী আৰু সিৰাৰ পার্থক্য লিখা। উত্তৰঃ ধমনী আৰু সিৰাৰ মাজত পাৰ্থক্য় হৈছে –  ধমনীয়ে হৃদপিণ্ডৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংগ-পতংগলৈ কঢ়িয়াই নিয়ে। আনহাতে সিৰাই শৰীৰৰ বিভিন্ন অংগ-পতংগৰ পৰা তেজ হৃদপিণ্ডলৈ ঘূৰাই আনে।
৬। মানুহৰ পাচন প্রণালী বর্ণনা কৰা । উত্তৰঃ  আমি খোৱা আহাৰ দাাঁতেৰে চোৱাই গুড়ি কৰাৰ পিছত লালটি গ্ৰন্থিৰ পৰা ওলোৱা লালটিৰ সহায়ত ভিতৰলৈ যোৱাত সুবিধা হয়।গিলি থোৱা আহাৰ খাদ্য়নলীৰে গৈ পাকস্থলীত সোমায়। পাকস্থলীৰ পৰা ওলোৱা পাচক ৰসে খাদ্য়বস্তু কিছু পৰিমাণে হজম কৰে; অৰ্থাৎ খাদ্য়ৰ জটিল কণাবোৰ ভাঙি সৰল খাদ্য় কণাত পৰিণত হয়। এনেদৰেই পাচন পক্ৰিয়া সম্পন্ন হয়।
৭। মগজুৱে কি কি কাম কৰে? উত্তৰঃ মানুহৰ সকলো কাম মগজুৱে পৰিচালনা কৰে। মগজুৱে আমাৰ শৰীৰৰ বাহ্য়িক আৰু আভ্য়ন্তৰীণ সকলো কাম-কাজ নিয়ন্ত্ৰণ কৰে। ভাৱ-চিন্তা কৰা, কিতাপ পঢ়ি বুজি পোৱা, অংগ-পত্য়ংগ লৰচৰ কৰা, শীত-তাপ অনুভৱ কৰা আদি সকলো কাম মগজুৱে কৰে।
৮। দাঁত কেই প্ৰকাৰৰ? প্রতিবিধ দাঁতৰ কাম লিখা। উত্তৰঃ দাঁত চাৰি প্ৰকাৰৰ।     আগ দাঁত বা কৃন্তকৰ কাম হৈছে – খাদ্য়বস্তু ছিঙা, কুকুৰ দাঁত বা ছেদক দাঁতেৰে খাদ্য়বস্তুবোৰ টুকুৰা-টুকুৰ কৰোঁ আৰু পুৰষঃ প্ৰেষক আৰু প্ৰেষক দাঁতেৰে আমি খাদ্য়বস্তু চোবাই গুড়ি কৰোঁ।

৯। দাঁতৰ যতন কিয় ল’ব লাগে ? উত্তৰঃ সুস্থ-সবল দাঁতৰ অবিহনে খাদ্য়বস্তু খোৱাত অসুবিধা হয়। সেয়েহে আমি দাঁতৰ যত্ন ল’ব লাগে।
১০। মানুহৰ কলিজা বা হৃদপিণ্ডটোৰ কেইটা কোঠালি আছে? উত্তৰঃ মানুহৰ কলিজা বা হৃদপিণ্ডৰ চাৰিটা কোঠালি আছে।
১১। বৃক্কৰ প্রধান কাম কি? উত্তৰঃ বৃ্কৰ প্ৰধান কাম হৈছে তেজৰ পৰা অলাগতিয়াল বস্তুবোৰ ছেকি তেজ পৰিশোধন কৰা।
১২। আমি কেনেকৈ উশাহত অক্সিজেন গ্রহণ কৰােঁ আৰু নিশাহত কার্বন – ডাই – অক্সাইড এৰি দিও?উত্তৰঃ উশাহত লোৱা বায়ুৰ পৰা হাঁওফাঁওত চলাচল কৰা তেজে অক্সিজেন ভাগ শুহি লয় আৰু কোষসমূহলৈ কঢ়িয়াই নিয়ে। কোষসমূহত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড ভাগ তেজে হাওঁফাওঁত এৰি দিয়ে আৰু হাওঁফাওঁৱে নিশাহত এই কাৰ্বন-ডাই-অক্সাইড ভাগ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects