SVN Class 4 Science Chapter 8 Answer 2026 | আমাৰ প্ৰাকৃতিক সম্পদ | Lesson 8 | Class 4 General Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | |


পাঠ ৮

আমাৰ প্ৰকৃতিক সাম্পদ 

১। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ বস্তুৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আহৰণ কৰা হয়, সেইবোৰক সম্পদ বোলা হয়।

২। কৃষিজাত সম্পদৰ তিনিটা উদাহৰণ দিয়া।

উত্তৰঃ কৃষিজাত সম্পদৰ তিনিটা উদাহৰণ হৈছে – ধান, মৰাপাট আৰু চাহপাত।

৩। সম্পদৰ ব্য়ৱহাৰত আমি কিয় সচেতন হ’ব লাগে?

উত্তৰঃ সম্পদসমূহ জধে মধে ব্য়ৱহাৰ কৰি শেষ কৰিলে এইবোৰৰ পুনৰ সৃষ্টিৰ কোনো সম্ভাৱনা নাই। সেয়েহে সম্পদৰ ব্য়ৱহাৰত আমি সচেতন হ’ব লাগে।

৪। ইন্ধন কাক বোলে? গোটা ইন্ধন, জুলীয়া ইন্ধন আৰু গেছীয় ইন্ধনৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ বস্তু পুৰিলে তাপশক্তি পোৱা যায় সেইবোৰ বস্তুকেই ইন্ধন বোলা হয়।

    গোটা ইন্ধন হৈছে – কয়লা, কাঠ, বাঁহ আদি।

    জুলীয়া ইন্ধন – এল পি জি, পেট্ৰল, ডিজেল, মবিল, আলকাতৰা েৰাচিন, মম আদি।

    গেছীয় ইন্ধন – প্ৰডিউচাৰ গেছ, ক’ল গেছ, মিথেন গেছ আদি।

৫। এল পি জিত কি গেছ থাকে?

উত্তৰঃ এল পি জি ত সাধাৰণতে বিউটেন নামৰ এবিধ গেছ থাকে।

৬। প্ৰাকৃতিক গেছত থকা প্ৰধান গেছটোৰ নাম কি?

উত্তৰঃ প্ৰাকৃতিক গেছত থকা মূল উপাদান হৈছে – মিথেন।

৭। কয়লাৰ পৰা কি কি গেছীয় ইন্ধন প্ৰস্তুত কৰিব পাৰি? 

উত্তৰঃ কয়লাৰ পৰা প্ৰস্তুত কৰিব পৰা ইন্ধনসমূহ হৈছে – প্ৰডিউচাৰ গেছ, ক’ল গেছ, ওৱাটাৰ গেছ আদি।

৮। পেট্ৰ’লিয়ামৰ শোধন কৰিলে পোৱা পাঁচটা ইন্ধনৰ নাম আৰু ব্য়ৱহাৰ লিখা।

উত্তৰঃ পেট্ৰ’লিয়ামৰ শোধন কৰিলে পোৱা পাঁচটা ইন্ধনৰ নাম হৈছে – কেৰাচিন, ডিজেল, মবিল, আলকাতৰা আৰু মম। ইয়াৰ ব্য়ৱহাৰ – 

কেৰাচিন – ইয়াক জুই জ্বলাবলৈ ব্য়ৱহাৰ কৰা হয়।

ডিজেল – ইয়াক গাড়ী-মটৰৰ ইন্ধন হিচাপে ব্য়ৱহাৰ কৰা হয়।

মবিল – মটৰচাইকেল আৰু গাড়ীৰ ইঞ্জিনত ব্য়ৱহাৰ কৰা হয়।

আলকাতৰা – ইয়াক ৰাস্তা-ঘাটৰ মেৰামতিৰ কামত ব্য়ৱহাৰ কৰ হয়।

মম – ইয়াক পোহৰৰ উৎস হিচাপে ব্য়ৱহাৰ কৰা হয়।

৯। দেশৰ নাগৰিকসকল সম্পদ হয় নে?

উত্তৰঃ দেশৰ নাগৰিকসকল সম্পদ হয়।

১০। দুটা খনিজ সম্পদৰ নাম লিখা।

উত্তৰঃ দুটা খনিজ সম্পদৰ নাম হৈছে – পেট্ৰল আৰু ডিজেল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top