SVN Class 4 Science Chapter 9 Answer 2026 | প্ৰদূষণ বায়ু, পানী আৰু মাটি | Lesson 9 | Class 4 Science Solution Sankardev School | শংকৰদেৱ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ |


পাঠ ৯

প্ৰদূষণ বায়ু ,পানী আৰু মাটি 

১। প্ৰদূষণ কাক বোলে?

উত্তৰঃ বায়ু, পানী আৰু মাটিত অনিষ্টকাৰী দ্ৰব্য় মিহলি হোৱাৰ ফলত যি পৰিবৰ্তনে বসবাস কৰা জীৱসমূহৰ অন্য়ায় সাধন কৰে, তাকে প্ৰদূষণ বোলে।

২। বায়ু প্ৰদূষণৰ কাৰণবোৰ লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ কাৰণসমূহ হৈছে – যান-বাহন, কল-কাৰখানা, ফটকা আদি।

৩। বায়ু প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে ল’বলগীয়া ব্য়ৱস্থাবোৰৰ বিষয়ে লিখা।

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ল’বলগীয়া ব্য়ৱস্থাসমূহ হৈছে – 

(i) গছ-গছনি ৰুই বায়ু প্ৰদূষম ৰোধ কৰিব পাৰি।

(ii) কল-কাৰখানাত ওখ চিমনি ব্য়ৱহাৰ কৰা উচিত।

(iii) কল-কাৰখানাৰ পৰা ওলোৱা ধোৱাত থকা অনিষ্টকাৰী পদাৰ্থবোৰ ছেকনিৰে ছেকি ৰখাৰ ব্য়ৱস্থা কৰিব লাগে।

(iv) যান-বাহনত প্ৰদূষণ নিয়ন্ত্ৰণ যন্ত্ৰপাতি ব্য়ৱহাৰ কৰিব লাগে। এনে এবিধ যন্ত্ৰ হৈছে ‘ৰিচাইক্লাৰ’। ইয়াৰ ওপৰিও ‘ব্লো-টৰ্চ’, ‘মাফলাৰ’ আদি প্ৰদূষণ নিয়ন্ত্ৰণ আহিলা ওলাইছে।

(v) প্ৰদূষণ সম্পৰ্কীয় নীতি-নিয়ম চৰকাৰে কঠোৰভাৱে বলবৎ কৰা উচিত।

৪। বায়ুময়ণ্ডল প্ৰদূষিত কৰা কেইবিধমান গেছৰ নাম উল্লেখ কৰা। এই গেছবোৰৰ যিকোনো এটাই মানৱ দেহত কৰা ক্ষতিৰ বিষয়ে লিখা।   

উত্তৰঃ বায়ুমণ্ডল প্ৰদূষিত কৰা কেইবিধমান গেছৰ নাম হৈছে – কাৰ্বন-মন,অক্সাইড, নাইট্ৰ’জেনৰ অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আদি।

    কাৰ্বন-মন-অক্সাইডৰ প্ৰভাৱত মূৰৰ বিষ, বমি, মূৰ-ঘূৰণি ইত্য়াদি উপসৰ্গৰ উপৰিও উশাহ গ্ৰহণত কষ্ট আৰু অৱশেষত অৱশেষত অজ্ঞান হৈ পৰাৰ দৰে ঘটনাও ঘটিব পাৰে।

৫। যান-বাহনে বায়ুমণ্ডল কেনেকৈ প্ৰদূষিত কৰে?

উত্তৰঃ যান-বাহন চলাওঁতে ব্য়ৱহাৰ কৰা ইন্ধনৰ দহনৰ ফলত কাৰ্বন-মন-অক্সাইড, নাইট্ৰজেনৰ অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আদি উৎপন্ন হয়। এই গেছবোৰে বায়ু প্ৰদূষিত হয়।

৬। যান-বাহনৰ পৰা হোৱা প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি?

উত্তৰঃ যান-বাহনত প্ৰদূষণ নিয়ন্ত্ৰণ যন্ত্ৰপাতি ব্য়ৱহাৰ কৰিব লাগে। এনে এবিধ যন্ত্ৰ হৈছে ‘ৰিচাইক্লাৰ’। ইয়াৰ ওপৰিও ‘ব্লো-টৰ্চ’, ‘মাফলাৰ’ আদি প্ৰদূষণ নিয়ন্ত্ৰণ আহিলা ওলাইছে। এনেধৰণে যান-বাহনৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰিব পাৰি।

৭। কল-কাৰখানই বায়ুমণ্ডল কেনেকৈ প্ৰদূষণ কৰিছে?

উত্তৰঃ কল-কাৰখানা সমূহে বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় বস্তু যেনে – ছাই, ধোৱা, বিভিন্ন ধৰণৰ গেছ উৎপন্ন কৰে। এইবোৰেই বায়ুমণ্ডল প্ৰদূষণ কৰে।

৮। বায়ু প্ৰদূষণৰ উৎসবোৰৰ বিষয়ে লিখা।

উত্তৰঃ বায়ু প্ৰদূষণৰ উৎসবোৰ হৈছে – 

যান-বাহনঃ যান-বাহন চলাওঁতে ইন্ধনৰ ব্য়ৱহাৰ কৰা হয়। ইন্ধনৰ দহনৰ ফলত শক্তি উৎপন্ন হয় আৰু সেই শক্তিৰে যান বাহন চলে। কিন্তু পেট্ৰ’ল, ডিজেল, কেৰাচিন আদিৰ দৰে ইন্ধনবোৰৰ দহনৰ ফলত কাৰ্বন-মন-অক্সাইড, নাইট্ৰ’জেনৰ অক্সাইদ, ছালফাৰ-ডাই-অক্সাইড আদি গেছ উৎপন্ন হয়। সেইবোৰে বায়ু দূষিত কৰে।

কল-কাৰখানাঃ বিভিন্ন ধৰণৰ ৰাসায়নিক উদ্য়োগ, কাগজ-কল, চেনি-কল আদিয়ে বিভিন্ন ধৰণৰ গেছ, ছাই আদি নিৰ্গত কৰি বায়ুমণ্ডল প্ৰদূষিত কৰে।

৯। পানী প্ৰদূষণৰ ফলত জীৱজগতৰ কি কি ধৰণৰ ক্ষতি হ’ব পাৰে?

উত্তৰঃ পানী প্ৰদূষণে জীৱজগতৰ বিস্তৰ ক্ষতি সাধন কৰে। যেনে – 

    – দূষিত পানী খোৱাৰ ফলত আমাৰ নানা ধৰণৰ বেমাৰ-আজাৰ হ’ব পাৰে। উদাহৰণ হিচাপে – কলেৰা, জণ্ডিচ, ডিচেণ্ট্ৰি, টায়েফয়েড আদি।

    – নদ-নদী বা পুখুৰীৰ পানী দূষিত হ’লে তাত থকা মাছ বা আন জীৱবোৰ নাশ হ’ব পাৰে।

১০। পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ কি কি?

উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হৈছে – 

    – কল-কীৰখানাৰ পৰা ওলোৱা আৱৰ্জনা, গেলা-পচাবস্তু নদী বা পুখুৰীত পেলাব নালাগে।

    – ঘৰুৱা বৰ্জিত পানী, জাবৰ-জোঁথৰ পুখুৰীত পেলাব নালাগে।

    – পুখুৰীৰ পানীত মাজে সময়ে চূণ, পটাছ, ব্লিচিং পাউদাৰ আদি দিব লাগে।

১১। প্ৰদূষিত পানীৰ পৰা হ’ব পৰা ৪ বিধ বোমাৰৰ নাম লিখা।

উত্তৰঃ প্ৰদূষিত পানীৰ পৰা হ’ব পৰা ৪ বিধ বোমাৰৰ নাম হৈছে – কলেৰা, জণ্ডিজ, ডিচেণ্ট্ৰি, টায়েফয়েড আদি।

 ১২। মাটি প্ৰদূষণৰ ফলত জীৱজগতৰ ক্ষতি হয়নে? যদি হয়, কেনে ধৰণৰ ক্ষতি হয়?

উত্তৰঃ মাটি প্ৰদূষণৰ ফলত জীৱজগতৰ যথেষ্ট ক্ষতি হয়। প্ৰদূষিত মাটি জীৱন ধৰণৰ বাবে অনুপযুক্ত। প্ৰদূষিত মাটিত কৰা খেতিৰ পৰা পোৱা শস্য় বা শাক-পাচলি খালে আমাৰনানা ধৰণৰ বেমাৰ হ’ব পাৰে। প্ৰদূষিত মাটিৰে পানী বৈ গৈ নদীত পৰিলে সেই পানী প্ৰদূষিত হয়। প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়।

১৩। মাটি প্ৰদূষণে আমাৰ জীৱন ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ মাটি প্ৰদূষণৰ ফলত জীৱজগতৰ যথেষ্ট ক্ষতি হয়। প্ৰদূষিত মাটি জীৱন ধৰণৰ বাবে অনুপযুক্ত। প্ৰদূষিত মাটিত কৰা খেতিৰ পৰা পোৱা শস্য় বা শাক-পাচলি খালে আমাৰনানা ধৰণৰ বেমাৰ হ’ব পাৰে। প্ৰদূষিত মাটিৰে পানী বৈ গৈ নদীত পৰিলে সেই পানী প্ৰদূষিত হয়। প্ৰদূষিত মাটিত হোৱা উদ্ভিদৰ পৰা উপযুক্ত পৰিমাণৰ ফচল পোৱা নাযায়। ফলত আমি আৰ্থিকভাৱে দুৰ্বল হ’বলগীয়া হয়।

১৪। মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ কি কি?

উত্তৰঃ মাটি প্ৰদূষণ ৰোধ কৰাৰ উপায়বোৰ হৈছে – 

(i) গেলা-পচা বস্তু, আৱৰ্জনা আদি মাচিত পুতি থ’ব লাগে।

(ii) কৃষিকাৰ্যত ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি তাৰ ঠাইত জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top