পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ
(১) পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ পৃথিৱীৰ আকাৰ সম্পূৰ্ণ গোল নহয়, ই প্ৰায় গোলাকাৰ। ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু অংশ দুটা অলপ চাপ খাই আছে আৰু মধ্যভাগত অলপ ফুলি উঠা। সেয়ে পৃথিৱীৰ আকাৰক কমলা বা ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।
(২) পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য প্ৰমাণ দাঙি ধৰা।
উত্তৰঃ পৃথিৱীৰ আকাৰ গোলাকাৰ বুলি প্ৰমাণ কৰা তিনিটা মুখ্য প্ৰমাণ হ’ল —
(ক) মহাকাশৰ পৰা তোলা আলোকচিত্ৰত পৃথিৱীখন গোলাকাৰ দেখা যায়।
(খ) চন্দ্ৰগ্ৰহণৰ সময়ত পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত সদায় ঘূৰণীয়া ৰূপত পৰে।
(গ) জাহাজ দূৰৰ পৰা আহোঁতে প্ৰথমে ইয়াৰ ওপৰৰ অংশ দেখা যায় আৰু পিছত তলৰ অংশ দেখা যায়। এই ঘটনাই পৃথিৱীখন বেকা বা গোলাকাৰ বুলি সূচায়।
(৩) পৃথিৱীৰ আৱৰ্তন বা আহ্নিক গতি কাক বোলে? ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন লিখা।
উত্তৰঃ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত পশ্চিমৰ পৰা পূৱলৈ প্ৰায় ২৪ ঘণ্টাত এপাক ঘূৰে। এই ঘূৰণিক পৃথিৱীৰ আৱৰ্তন বা আহ্নিক গতি বোলে।
ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন হ’ল —
১) দিন আৰু ৰাতিৰ সৃষ্টি হয়।
২) পৃথিৱীৰ বিভিন্ন ঠাইত সময়ৰ পাৰ্থক্য হয়।
৩) বতাহ আৰু সাগৰীয় সোঁতৰ দিশত পৰিৱৰ্তন ঘটে।
(৪) বাৰ্ষিক গতি কাক বোলে আৰু ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথেৰে প্ৰায় ৩৬৫ দিন ৬ ঘণ্টাত এপাক ঘূৰে। এই গতিক পৃথিৱীৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে।
ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন হ’ল —
১) ঋতুৰ পৰিৱৰ্তন হয়।
২) দিন আৰু ৰাতিৰ দৈৰ্ঘ্য চুটি-দীঘল হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post