অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন
১। অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম লিখা।
উত্তৰঃ অসমত বাস কৰা পাঁচটা প্ৰধান জনজাতি হৈছে — গাৰো, মিচিং, তিৱা, ডিমাচা আৰু ৰাভা।
২। অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি?
উত্তৰঃ অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ মূলতঃ তিনি ভাগত বিভক্ত কৰিব পাৰি —
১) ধৰ্মীয় উৎসৱ
২) কৃষিভিত্তিক (কৃষিমূলক) উৎসৱ
৩) সামাজিক উৎসৱ
৩। অসমৰ জনগোষ্ঠীৰ প্ৰধান উৎসৱসমূহ লিখা।
উত্তৰঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰধান উৎসৱসমূহ হৈছে —
হিন্দুসকলৰ ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত দুৰ্গা পূজা, ফাকুৱা (হোলী), দীপাৱলী, ধৰ্মগুৰুসকলৰ জন্মোৎসৱ আৰু তিথি আদি উল্লেখযোগ্য।
মুছলমানসকলৰ প্ৰধান উৎসৱ হৈছে ঈদ-উল-ফিতৰ, ঈদ-উজ-জোহা আৰু ফাতেহা-ই-দোৱাজ দাহাম।
খ্ৰীষ্টানসকলৰ প্ৰধান উৎসৱ হৈছে বৰদিন আৰু গুড ফ্ৰাইডে।
আহোমসকলৰ ধৰ্মীয় উৎসৱ হৈছে মে-ডাম-মে-ফি।
চাহ বাগিচাৰ বনুৱা সম্প্ৰদায়ৰ উৎসৱ হৈছে কৰম আৰু টুচু পূজা।
বড়োসকলৰ ধৰ্মীয় উৎসৱ হৈছে বাথৌ পূজা আৰু খেৰাই পূজা।
অসমৰ জাতীয় উৎসৱ হৈছে বিহু।
মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে আলি-আয়ে-লিগাং।
৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা一
| ‘ক’ অংশ | ‘খ’ অংশ |
|---|---|
| ১) মিৰি | দখনা |
| ২) কাৰ্বি | এগেঃ গাছৰ |
| ৩) দেউৰী | ৰিগু ৰিজাম্ফাই |
| ৪) ৰাভা | পিনিকামফ্লাক জাৰেক |
| ৫) বড়ো | ৰিফান কান্দুং |
| ৬) ডিমাচা | মেখেলা-চাদৰ |
উত্তৰঃ
১) মিচিং – এগেঃ গাছৰ।
২) কাৰ্বি – পিনিকামফ্লাক জাৰেক।
৩) দেউৰী – মেখেলা- চাদৰ।
৪) ৰাভা – ৰিফান কান্দুং।
৫) বড়ো – দখনা।
৬) ডিমাচা – ৰিগু ৰিজাম্ফাই।