SVN Class 4 Social Science Text Book Solution 2026 Chapter 3| Sankardev Class 4 School Social Science Chapter 3 অসমৰ জলবায়ু Solution

অসমৰ জলবায়ু

(১) চমু উত্তৰ দিয়া —

(ক) জলবায়ু কাক বোলে? অসমৰ জলবায়ুক কি বুলি কোৱা হয়?
উত্তৰঃ এখন ঠাইৰ দীঘলীয়া সময়ৰ বতৰৰ গড় অৱস্থাক জলবায়ু বোলে। অসমৰ জলবায়ু আর্দ্ৰ উপ-উষ্ণমণ্ডলীয় (Humid Sub-tropical) বুলি কোৱা হয়।

(খ) অসমত বছৰি গড়ে কিমান চেঃ মিঃ বৰষুণ হয়?
উত্তৰঃ অসমত বছৰি গড়ে প্ৰায় ২০০ চেঃ মিঃ বৰষুণ হয়।

(গ) পাহাৰীয়া অঞ্চলৰ মানুহে কেনেকৈ খেতি কৰে আৰু ইয়াক কি খেতি বোলে?
উত্তৰঃ পাহাৰীয়া অঞ্চলত মানুহে এঢলীয়া পাহাৰৰ বনত জুই লগাই মাটি মুকলি কৰি খেতি কৰে। এই প্ৰণালীক ঝুম খেতি বোলা হয়।

(ঘ) বৰষুণ বেছি হ’লে কি কি উপকাৰ হয়?
উত্তৰঃ বৰষুণ বেছি হ’লে গছ-গছনিৰ ভালদৰে বৃদ্ধি হয়, খেতি-বাতিৰ উন্নতি হয় আৰু জলচৰ জীৱ-জন্তুৰ বসবাসৰ সুবিধা হয়।

(ঙ) বৰষুণ বেছি হ’লে কি কি অপকাৰ হয়?
উত্তৰঃ বৰষুণ বেছি হ’লে নৈ-উপনৈ উপচি বানপানীৰ সৃষ্টি হয় আৰু মাটি ক্ষয় হৈ খেতি-বাতিৰ ক্ষতি হয়।

(চ) অসমত চাহ খেতি বৰ ভাল কিয়?
উত্তৰঃ অসমৰ উৰ্বৰা মাটি, অধিক বৰষুণ আৰু অনুকূল জলবায়ুৰ বাবে ইয়াত চাহ খেতি ভাল হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top