SVN Class 4 Social Science Text Book Solution 2026 Chapter 4| Sankardev Class 4 School Social Science Chapter 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান Solution

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

১। পৰ্যটন কাক বোলে? পৰ্যটনৰপৰা কি কি সুবিধা পাব পাৰি?

উত্তৰঃ এখন ঠাইৰ মানুহে আন এখন ঠাইৰ উল্লেখযোগ্য স্থান, প্ৰাকৃতিক সৌন্দৰ্য বা ঐতিহাসিক নিদৰ্শন চাবলৈ যোৱাকে পৰ্যটন বোলে।

পৰ্যটনৰ পৰা লাভ হোৱা সুবিধাসমূহ হ’ল —

দেশ-বিদেশৰ ঠাই-ঠালিৰ বিষয়ে জ্ঞান বৃদ্ধি পায়।

স্থানীয় লোকসকলৰ উপাৰ্জনৰ সুযোগ সৃষ্টি হয়।

সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি পায়।

ৰাজ্যৰ অৰ্থনৈতিক উন্নতি ঘটে।

২। অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰঃ অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যান হৈছে —

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান — গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত।

মানাহ ৰাষ্ট্ৰীয় উদ্যান — বাকসা জিলাত অৱস্থিত।

৩। অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰঃ অসমৰ দুখন সংৰক্ষিত বনাঞ্চল হৈছে —

পাভ সংৰক্ষিত বনাঞ্চল — লখিমপুৰ জিলাত অৱস্থিত।

কাকৈজানা সংৰক্ষিত বনাঞ্চল — বঙাইগাঁও জিলাত অৱস্থিত।

৪। দুখন পক্ষী উদ্যানৰ নাম লিখা।

উত্তৰঃ অসমৰ দুখন প্ৰসিদ্ধ পক্ষী উদ্যান হৈছে —

জাতিংগা

দীপৰ বিল

Scroll to Top