SVN Class 4 Social Science Text Book Solution 2026 Chapter 5| Sankardev Class 4 School Social Science Chapter 5 অসমৰ যাতায়াত ব্য়ৱস্থা Solution

অসমৰ যাতায়াত ব্য়ৱস্থা

১। চমু উত্তৰ দিয়া —

(ক) অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে?
উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে — পথ পৰিবহণ, ৰে’ল পৰিবহণ, জল পৰিবহণ আৰু বায়ু পৰিবহণ।

(খ) তোমাৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম লিখা।
উত্তৰঃ মোৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উত্তৰঃ অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

(ঘ) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰ পৰা ক’লৈ গৈছে?
উত্তৰঃ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ মঙলদৈ, খাৰুপেটীয়া, তেজপুৰ, বিশ্বনাথ চাৰিআলি, নাৰায়ণপুৰ, উত্তৰ লক্ষিমপুৰ, ধেমাজি হৈ জোনাইলৈ গৈছে।

(ঙ) অসমৰ লগত ভাৰতৰ সংযোগী পথ কোনটো?
উত্তৰঃ চিকেনছ নেক (শিলিগুড়ি কৰিডৰ) নামৰ সৰু ভূ-খণ্ডটোৱে অসমক ভাৰতৰ মূল ভূ-খণ্ডৰ লগত সংযোগ কৰিছে।

২। অসমত কেইপ্ৰকাৰৰ ৰে’লপথৰ সুবিধা আছে?

উত্তৰঃ অসমত দুই প্ৰকাৰৰ ৰে’লপথৰ সুবিধা আছে — ব্ৰড গেজ আৰু মিটাৰ গেজ।

৩। অসমত থকা বিমান বন্দৰকেইটাৰ নাম লিখা।

উত্তৰঃ অসমৰ বিমান বন্দৰসমূহ হৈছে —

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (গুৱাহাটী)

শালনি বিমান বন্দৰ (তেজপুৰ)

ৰৰৈয়া বিমান বন্দৰ (যোৰহাট)

মোহনবাৰী বিমান বন্দৰ (ডিব্ৰুগড়)

লীলাবাৰী বিমান বন্দৰ (লখিমপুৰ)

কুম্ভীৰগ্ৰাম বিমান বন্দৰ (শিলচৰ)

৪। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলঙৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন প্ৰসিদ্ধ দলং হৈছে —

শৰাইঘাট সেতু

কলিয়াভোমোৰা সেতু

নৰনাৰায়ণ সেতু

৫। ব্ৰহ্মপুত্ৰৰ ওপৰৰ কোনকেইখন দলঙত পথ আৰু ৰে’ল পৰিবহণ ব্যৱস্থা আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট সেতু আৰু নৰনাৰায়ণ সেতুত পথ আৰু ৰে’ল দুয়ো প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top