পৰিৱেশ আৰু প্ৰদূষণ
(১) পৰিৱেশ কাক বোলে?
উত্তৰঃ বায়ু, পানী, মাটি, উদ্ভিদ, জীৱ-জন্তু আৰু মানুহে মিলি আমাৰ চৌপাশত সৃষ্টি কৰা সামগ্ৰিক পৰিস্থিতিক পৰিৱেশ বুলি কোৱা হয়।
(২) প্ৰদূষণ কাক বোলে? প্ৰদূষণ কেইপ্ৰকাৰ আৰু কি কি?
উত্তৰঃ যেতিয়া অপদ্ৰব্য বা ক্ষতিকাৰক পদাৰ্থৰ ফলত বায়ু, পানী বা মাটি দূষিত হয়, তাক প্ৰদূষণ বুলি কোৱা হয়।
প্ৰদূষণ সাধাৰণতে চাৰি প্ৰকাৰৰ —
১) বায়ু প্ৰদূষণ
২) পানী প্ৰদূষণ
৩) মাটি প্ৰদূষণ
৪) শব্দ প্ৰদূষণ
(৩) বায়ু প্ৰদূষণ কেনেকৈ হয়? চাৰিটা কাৰণ লিখা।
উত্তৰঃ বায়ু প্ৰদূষণৰ চাৰিটা মুখ্য কাৰণ হ’ল —
যান-বাহনৰ পৰা ওলোৱা ধোঁৱা।
তাপ-বিদ্যুৎ কেন্দ্ৰ আৰু কাৰখানাৰ পৰা নিৰ্গত গেছ।
মৰুভূমিৰ ধূলি-ধুমুহা আৰু আগ্নেয়গিৰিৰ উদ্গীৰণ।
পলিথিন বা আৱৰ্জনা পুৰিলে সৃষ্টি হোৱা বিষাক্ত ধোঁৱা।
(৪) পানী প্ৰদূষণ কেনেকৈ হয়? চাৰিটা কাৰণ লিখা।
উত্তৰঃ পানী প্ৰদূষণৰ চাৰিটা মুখ্য কাৰণ হ’ল —
ঘৰুৱা পেলনীয়া বস্তু আৰু কৃষিক্ষেত্ৰৰ সাৰৰ পানীৰ লগত মিহলি হোৱা।
জীৱ-জন্তুৰ মল-মূত্ৰ আৰু গছ-পাত পানীত পৰি মিহলি হোৱা।
উদ্যোগ, কাৰখানা বা খনিৰ পৰা ওলোৱা বর্জ্য পদাৰ্থ পানীত পেলোৱা।
ৰোগ সৃষ্টিকাৰী বীজাণু, বেক্টেৰিয়া আৰু ভাইৰাছৰ উপস্থিতি।
(৫) পানী দূষিত হৈ হোৱা চাৰিটা ৰোগৰ নাম লিখা।
উত্তৰঃ পানী দূষিত হোৱাৰ ফলত হোৱা চাৰিটা ৰোগ হ’ল —
টাইফয়েড, গ্ৰহণী, পেট চলা (ডায়েৰিয়া) আৰু হেপাটাইটিছ।
(৬) শব্দ প্ৰদূষণ কাক বোলে? শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি ব্যৱস্থা ল’বা?
উত্তৰঃ অত্যাধিক আৰু কোলাহলপূর্ণ শব্দে মানুহ আৰু জীৱ-জন্তুৰ স্বাভাৱিক জীৱনত ক্ষতিকাৰক প্ৰভাৱ পেলালে তাক শব্দ প্ৰদূষণ বুলি কোৱা হয়।
শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ —
অকাৰণতে চিঞৰ-বাখৰ নকৰোঁ।
উৎসৱ-পাৰ্বণত ফটকা, বোমা আদি কমকৈ ব্যৱহাৰ কৰোঁ।
যান-বাহনৰ হৰ্ণ অপ্রয়োজনীয়ভাৱে ব্যৱহাৰ নকৰোঁ।
(৭) পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে তিনিটা ব্যৱস্থা লিখা।
উত্তৰঃ পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ —
বনাঞ্চল সংৰক্ষণ আৰু অধিক গছ-গছনি ৰোপণ কৰিব লাগে।
পলিথিনৰ ব্যৱহাৰ কমাব লাগে আৰু যথাযথভাৱে নিষ্কাশন কৰিব লাগে।
জনসংখ্যা বৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ আনিব লাগে।
(৮) পৰিৱেশ প্ৰদূষণৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ
বনাঞ্চল ধ্বংস
জনসংখ্যা বৃদ্ধি
অপৰিকল্পিত নগৰীকৰণ
উদ্যোগ আৰু কাৰখানা স্থাপন
(৯) খালী ঠাই পূৰ কৰা —
(ক) প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।
(খ) পৰিৱেশ সংৰক্ষণৰ বাবে চৰকাৰে লোৱা আঁচনিৰ নাম সামাজিক বনানিকৰণ।
(গ) গছে আমাক শীতল ছাঁ দিয়ে।
(ঘ) উদ্ভিদ আৰু প্ৰাণী উভয়ে পৰস্পৰ নিৰ্ভৰশীল।