📖 Might Learn

SVN Class 5 Assamese Chapter 1 Answer মৰমৰ আই

মৰমৰ আই

জানি থোৱাঃ

১। কবিতাটোত থকা কেতবোৰ শব্দৰ গঠনলৈ মন কৰা:

 ( বন্ধনীৰ ভিতৰত প্ৰচলিত বানানটো দিয়া হৈছে)

 মউসনা  (মৌসনা)        গই ( গৈ )

 মখুলই ( মুখলৈ )            কেনেকই ( কেনেকৈ )

  হইছিলো ( হৈছিলো )        বাঢ়োক ( বাঢ়ক )

২। শব্দাৰ্থঃ

আই  –  মা         

নৰিয়া   –  বেমাৰ

যেৱে  –  যেতিয়া          

তুল-তালি  –  লালন-পালন কৰা 

স্নেহ  –  চেনেহ, মৰম         

একেথিৰে  –  লৰচৰ নকৰাকৈ

ধাৰ  –  সোঁত        

হুমুনিয়াহ   –  দুখত দীঘলকৈ উশাহ লোৱা

লালকাল  –  প্ৰায় চেতনা নথকা       

নিচুকা  –  কান্দোন এৰুৱা

অসীম  –  সীমা নথকা         

তযু  –  তোমাৰ

মউসনা  –  সুমধুৰ 

৩। আচাৰ্য-আচাৰ্যাসকলৰ বাবে কৰণীয় – 

ছাত্ৰ-ছাত্ৰীসকলে আচাৰ্যৰপৰা স্বৰৰ্বণ আৰু ব্য়ঞ্জনবৰ্ণৰ বিষয়ে জানি ল’ব। ইয়াৰ

উপৰি শব্দ আৰু বাক্যৰ সংজ্ঞাত আচাৰ্য-আচাৰ্যাসকলে ছাত্ৰ-ছাত্ৰীক জ্ঞান দিব।

৪। নিচুকনি গীত: সৰু ল’ৰা-ছেৱালীক টোপনি নিয়াবলৈ গোৱা গীতবোৰেই হ’ল নিচুকনি গীত।কৃষ্ণকো মাক যশোদাই কাণখোৱাৰ কথা কৈ নিচুকনি টোপনি নিয়াইছিল।

অনুশীলনী

২। উত্তৰ দিয়া:

(ক) তোমাক তুলি-তালি কোনে ডাঙৰ কৰিলে?

উত্তৰঃ মোক তুলি-তালি আই ডাঙৰ কৰিলে।

(খ) মৰমৰ আইক আমি কিয় পাহৰিব নোৱাৰো?

উত্তৰঃ আই আমাক সৰুৰে পৰা মৰম-স্নেহ কৰি তুলি-তালি ডাঙৰ-দীঘল কৰিছে  সেই কাৰণে আমি মৰমৰ আইক পাহৰিব নোৱাৰো।

(গ) সৰুতে তোমাক কোনে নিচুকাইছিল?

উত্তৰঃ সৰুতে আমাক আই নিচুকাইছিল ।

৩। বাক্য ৰচনা কৰা: 

ভাগৰ- ৰামে ৰাতিপুৱাৰ পৰা কাম কৰি থকাৰ বাবে তাৰ ভাগৰ লাগিছে ।

লালকাল- কেঁচুৱাটো টোপনিত লালকাল হৈ আছে।

পূজনীয়- আই আমাৰ অতি  পূজনীয় ।

চেনেহ- আই আমাক মৰম-চেনেহ কৰে।

একেথিৰে- ৰামে তেওঁৰ আইক একেথিৰে চাই আছে।

৪। চমু উত্তৰ দিয়া :

(ক) অ’ত ত’ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক কেনেদৰে নিচুকায়? 

উত্তৰঃ অ’ত ত’ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক নাম-গুণ গাই নিচুকায়।

(খ) বেমাৰত পৰি শিশুটিয়ে দুখ পালে মাকে কি কৰে? 

উত্তৰঃ বেমাৰত পৰি শিশুটিয়ে দুখ পালে মাকে শিশুটিৰ মুখলৈ একেথিৰে চাই আৰু কাঢ়ি হুমুনিয়াহ কান্দে।

৫। (ক) তলত দিয়াবোৰৰ কোনবোৰ শব্দ নহয় বাচি উলিওৱাঃ

প, ল’, দ’, ক্ষ, বয়, দয়, কলম, টনপ, ববনি, উদয়, ঠকৎ, অচপ, থ’, নলা  ফণা।

উত্তৰঃ প, ক্ষ, টনপ, ঠকৎ, অচপ, ফণা।

(খ) তলত দিয়াবোৰৰ কোনবোৰ বাক্য শুদ্ধ নহয় বাচি উলিওৱাঃ

(১) আয়ে মোক মৰম কৰে ।

উত্তৰঃ শুদ্ধ।

(২) কেঁচুৱাৰ আকাশ তলত।

উত্তৰঃ অশুদ্ধ।

(৩) আইৰ মাত মৌ সনা।

উত্তৰঃ শুদ্ধ।

(৪) তাত দেউতাৰ নৰিয়া ওখ।

উত্তৰঃ অশুদ্ধ।

(৫) আহ।

উত্তৰ: অশুদ্ধ।

(৬) যা।

উত্তৰঃ অশুদ্ধ।

(৭) অংক কৰ।

 উত্তৰঃ শুদ্ধ।

(৮) ইংৰাজী পঢ়া।

 উত্তৰঃ শুদ্ধ।

(৯) বানান খা

 উত্তৰঃ অশুদ্ধ।

(গ) খালী ঠাই পূৰ কৰা।

( প্ৰয়োগ কৰিবলগীয়া শব্দ : পূজনীয়া, নাম-গুণ, অসীম , দুগালত, তুলি-তালি)

(১) আয়ে মোক তুলি-তালি ডাঙৰ কৰিছে।

(২) তেওঁ মোৰ মৰমৰ পূজনীয়া আই ।

(৩)  আয়ে মোক নাম-গুণ গাই নিচুকাইছিল।

(৪) মোৰ প্ৰতি আইৰ অসীম মৰম।

(৫) আয়ে মোক দুগালত চুমা খাই মৰম কৰিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class