Might Learn Logo Might Learn Might Learn Shop

SVN Class 5 Assamese Chapter 10 Answer এজাক চৰাইৰ জ্ঞান লাভ

এজাক চৰাইৰ জ্ঞান লাভ

পাঠ-১০

অনুশীলনী

১। (ক) সাধুজনৰ নাম বুদ্ধিদ্ৰষ্টা কিয় হৈছিল? তেওঁৰ উদ্দেশ্য কি আছিল?

উত্তৰঃ নিজৰ বুদ্ধিৰে আগ-পাছ ভাবিব পৰা গুণৰ অধিকাৰী হোৱা বাবেই সাধুজনে বুদ্ধিদ্ৰষ্টা নাম হৈছিল। তেওঁৰ উদ্দেশ্য আছিল জীৱনৰ কল্যাণৰ উপায় বিচাৰি উলিওৱা।

খ) বুদ্ধিদ্ৰষ্টাই ক’ত তপস্যা কৰিছিল?উত্তৰঃ বুদ্ধিদ্ৰষ্টাই হিমালয়ত তপস্যা কৰিছিল।

২। (ক) চিকাৰীজনে হাতত কি লৈ হাবিলৈ গৈছিল?

উত্তৰঃ চিকাৰীজনৰ এখন হাতত বুটমাহৰ টোপোলা আৰু আনখন হাতত এখন জাল লৈ হাবিলৈ গৈছিল।

খ) চৰাই ধৰিব নোৱাৰি চিকাৰীজনৰ অৱস্থা কেনে হৈছিল?

উত্তৰঃ চৰাই ধৰিব নোৱাৰি চিকাৰীজনে মূৰে-কপালে হাত দিছিল।

৩। (ক) বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক কি কথা শিকাইছিল?

উত্তৰঃ বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক কৈছিল “শুনা এজন চিকাৰী আহিছে, সি তোমালোকৰ সমুখত বুটমাহ ছটিয়াই দিব, কিন্তু বুটমাহ খাবলৈ গ’লেই তোমালোক জালত পৰিবা। তোমালোকে জালত ভৰি নিদিবা, বন্দী নহ’বা। বন্দী জীৱন বৰ কষ্টকৰ। বুদ্ধিদ্ৰষ্টাই চৰাইবোৰক এই কথা শিকাইছিল।

খ) চিকাৰীজনে জাল মেলি দিয়াৰ পাছত চৰাইবোৰে কি কৈছিল?

উত্তৰঃ চিকাৰীজনে জাল মেলি দিয়াৰ পাছত চৰাইবোৰে কৈছিল যে “শুনা এজন চিকাৰী আহিছে। সি… … … বন্দী জীৱন বৰ কষ্টকৰ।

৪। বুদ্ধিদ্ৰষ্টাই সকলো কথা বুজাই দিয়াৰ পাছতো চৰাইবোৰ কিয় জালত পৰিল?

উত্তৰঃ তৃতীয় দিনা চিকাৰীজনে যি হয় হওক বুলি কয়, বুটমাহখিনি ছটিয়াই দিছিল। তেতিয়া চৰাইবোৰে বুটমাহ খাবলৈ নিহসঙ্কোচে জালত ভৰি দিছিল আৰু তেতিয়াই চৰাইবোৰ জালত পৰিছিল।

৫। চৰাইবোৰ জালত পৰা সত্ত্বেও বুদ্ধিদ্ৰষ্টা কিয় আচৰিত হোৱা নাছিল?

উত্তৰঃ চৰাইবোৰ জালত পৰা সত্ত্বেও বুদ্ধিদ্ৰষ্টা আচৰিত হোৱা নাছিল কাৰণ তেওঁ জানিছিল, মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকলৰ এনে দশাই হয়।

৬। হাবিৰ মাজৰ লুংলুঙীয়া বাটটোত বুদ্ধিদ্ৰষ্টাই কাক লগ পাইছিল?

উত্তৰঃ হাবিৰ মাজৰ লুংলুঙীয়া বাটটোত বুদ্ধিদ্ৰষ্টাই চিকাৰীজনক লগ পাইছিল।

৭। উক্ত পাঠটিৰ পৰা তুমি কি শিকিলা চমুকৈ লিখা।

উত্তৰঃ উক্ত পাঠটিৰ পৰা মই এয়ে শিকিলো যে কোনো এটা বিষয়ত মনোযোগ নিদিয়াকৈ পাঠ আওৰোৱাসকল এদিন নহয় এদিন বিপদত পৰেই।

৮। অৰ্থ শিকি লোৱাঃ

(প্ৰথম স্তম্ভৰ অৰ্থ দ্বিতীয় স্তম্ভৰ শব্দৰ পৰা বাচি লোৱা)

প্ৰথম স্তম্ভদ্বিতীয় স্তম্ভ
ক)সিদ্ধি লাভখ)চৰুৰ তললৈ জুই নোযোৱাগ)ঠোঁট-মোট চেলেকি ঘূৰি অহাঘ)দুবেলা দুমুঠি খোৱাঙ)সন্তৰ্পণেচ)প্ৰবচন শুনাছ)আগ-পাছ ভবাজ)আপোনপাহৰা ক)অতি সাৱধানখ)সফল হোৱাগ)বিফল হোৱাঘ)জ্ঞানপূৰ্ণ কথাঙ)ভাল বেয়া কথা চিন্তা কৰাচ)নিজকে পাহৰি থকাছ)কোনোমতে খাই বৈ জীয়াই থকাজ)ঘৰত খোৱা বস্তুৰ অভাৱ

উত্তৰঃ (ক) সিদ্ধি লাভ – (খ) সফল হোৱা।            (খ) চৰুৰ তললৈ জুই নোযোৱা – (গ) বিফল হোৱা।            (গ) ঠোঁট-মোট চেলেকি ঘূৰি অহা – (জ) ঘৰত খোৱা বস্তুৰ অভাৱ।            (ঘ) দুবেলা দুমুঠি খোৱা – (ছ) কোনোমতে খাই বৈ জীয়াই থকা।            (ঙ) সন্তৰ্পণে – (ক) অতি সাৱধান।
            (চ) প্ৰবচন শুনা – (ঘ) জ্ঞানপূৰ্ণ কথা।
            (ছ) আগ-পাছ ভবা – (ঙ) ভাল-বেয়া কথা চিন্তা কৰা।
            (জ) আপোনপাহৰা – (চ) নিজকে পাহৰি যোৱা।

৯। বাক্য ৰচনা কৰাঃ

লুংলুঙীয়া – আমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা বাটটো বৰ লুংলুঙীয়া।

সন্তুষ্ট – আমাৰ ওচৰত যিমান আছে তাতেই সন্তুষ্ট হ’ব লাগে।  

কষ্টকৰ – খবৰটো বৰ কষ্টকৰ। 

ৰং মনেৰে – ল’ৰা-ছোৱালীবোৰে ৰং মনেৰে খেলি আছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects