Might Learn Logo Might Learn Might Learn Shop

SVN Class 5 Assamese Chapter 15 Answer আমৈৰ নাতি

আমৈৰ নাতি

পাঠ-১৫

অনুশীলনী

১। কবিতাটো আবৃত্তি কৰা।

২। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া 

(ক) তাৱৈৰ ঘৰ ক’ত?

উত্তৰঃ তাৱৈৰ ঘৰ কাৱৈমাৰিত।

(খ) আমৈৰ ঘৰ ক’ত?

উত্তৰঃ আমৈৰ ঘৰ আমগুৰিত।

(গ) তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম কি? তেওঁক ক’লৈ বিয়া দিয়া হৈছে?

উত্তৰঃ তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম জেতুকী। তেওঁক জামগুৰিত বিয়া দিয়া হৈছে।

(ঘ) আমৈ নাতি চাবলৈ যাবলৈ ওলাওঁতে তাৱৈ ক’ত আছিল?

উত্তৰঃ আমৈ নাতি চাবলৈ যাবলৈ ওলাওঁতে তাৱৈ হাটত আছিল।

(ঙ) বাট হেৰুৱাই আমৈ ক’ত ওলালগৈ?

উত্তৰঃ বাট হেৰুৱাই আমৈ চামগুৰি ওলালগৈ।

(চ) মেমেৰা মেধিয়ে কি বিচাৰি ফুৰিছিল?

উত্তৰঃ মেমেৰা মেধিয়ে হেৰুৱা দমৰা গৰু বিচাৰি ফুৰিছিল।

(ছ) লেৰেলা বাপুৰ কি হেৰাইছিল?

উত্তৰঃ লেৰেলা বাপুৰ এজনী চেঁউৰী হেৰাইছিল।

(জ) আমৈৰ জোঁৱায়েকক লেৰেলা বাপুৱে কেনেকৈ চিনি পায়?

উত্তৰঃ আমৈৰ জোঁৱায়েক লেৰেলা বাপুৰ যজমান।

(ঝ) আমৈৰ নাতি জন্মিছিলনে?

উত্তৰঃ আমৈৰ নাতি জন্মা নাই।

(ঞ) লেৰেলা বাপুৱে আমৈৰ জীয়েকৰ ঘৰৰ কোনটো খবৰ দিছিল?

উত্তৰঃ লেৰেলা বাপুৱে আমৈৰ জীয়েকৰ ঘৰত ভাদমহীয়া ক’লী গৰুৰ দমৰা জগা আৰু আমৈৰ নাতি জন্মা নাই এই খবৰটো দিছিল।

(ট) মেমেৰা মেধিয়ে দমৰা গৰুটো ক’ত কিনিছিল?

উত্তৰঃ মেমেৰা মেধিয়ে দমৰা গৰুটো আমগুৰিত কিনিছিল।

(ঠ) লেৰেলা বাপুৰ ঘৰ ক’ত?

উত্তৰঃ লেৰেলা বাপুৰ ঘৰ কেৰেলা আটিত ।

৩। বাক্য ৰচনা কৰাঃ

ঢাপলি মেল – আমৈয়ে জীয়েকৰ ল’ৰা হোৱাৰ খবৰটো পায় জীয়েকৰ ঘৰলৈ ঢাপলি মেলিছিল। 

পাত পাত – ৰামে অসমীয়াৰ কিতাপখন পাত পাতকৈ বিছাৰিলে।

মূৰে-কপালে – ৰীমাৰ দেউতাকে অভাৱত পৰি মূৰে-কপালে হাত দিছিল। 

খেচ্খেচনি – বজাৰত মানুহবোৰে খেচ্খেচনি কৰি আছে। 

হাতত সাৰে ভৰিত সাৰে – চোৰটোৱে হাটত সাৰে ভৰিত সাৰে ঘৰত সোমাইছিল। 

হায়ৈ বিয়ৈ – ওচৰৰ মানুহবোৰে হায়ৈ বিয়ৈ কৰি পৰিৱেশটো বেয়া কৰি পেলাইছে। 

কানি-কাপোৰ – বিহু আহিলে সকলোৱে কানি-কাপোৰ লয়। 

মূছকঁচ – ল’ৰাজন বজাৰত থাকোঁতেই খবৰটো শুনি মূছকঁচ গ’ল।

লেৰেলা-চেৰেলা – কুকুৰটোৱে খাদ্য খাবলৈ নাপায় একেবাৰে লেৰেলা-চেৰেলা হৈ গৈছে।

৪। অৰ্থ বুজি লোৱা 一 

ক) গাই, চেঁউৰী, দমৰা

উত্তৰঃ গাই – পোৱালী থকা মাইকি গৰু।

চেঁউৰী – পোৱালী মাইকি গৰু।

দমৰা – পোৱালী মতা গৰু।

 খ) পুৰোহিত (দেউ)যজমান 

উত্তৰঃ পুৰোহিত – দেউ।

যজমান – যজ্ঞকাৰক।

গ) সখি, তাৱৈ, আমৈ।

উত্তৰঃ সখি – নলে গলে লগা বন্ধুু/বান্ধৱী।

তাৱৈ – দেউতাৰ সখি।

আমৈ – মাৰ সখি।

৫। তলত দিয়া বাক্যবোৰত ক্ৰিয়া পদৰ শুদ্ধ ৰূপ লিখা।

আৰ্হি ঃ সি সন্ধিয়াতে ভাত খায়; এতিয়া সি ভাত খাই শুলে।

(প্ৰয়োগ কৰিবলগীয়া শব্দ ঃ খীৰাই, খীৰায়, হেৰুৱায়,হেৰুৱাই)

ক) বুঢ়ীয়ে বাৰে বাৰে বাট হেৰুৱাই; তেওঁ বাট খীৰাই চামগুৰিত ওলালগৈ।

খ) দেউতাই গাই হেৰুৱায়; তেওঁ গাই খীৰায় গা ধুবলৈ গ’ল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects