📖 Might Learn

SVN Class 5 Assamese Chapter 17 Answer জোনাক নিশা

জোনাক নিশা

পাঠ-১৭

অৰ্থ জানি লোৱা 

জেউতি – পোহৰ 

গিৰী -গৰাকী

নতি – সেৱা কৰা

জুৰ – শীতল

বিতোপন – অতি সুন্দৰ

বিশ্বপতি – পৰমেশ্বৰ

শোভা – সৌন্দৰ্য

জুৰি -আগুৰি থকা

অনুশীলনী 

১। কবিতাটি আবৃত্তি কৰা।

২। জোনাক ৰাতিৰ শোভা দেখি তোমাৰ কেনে লাগে?

উত্তৰঃ জোনাক ৰাতিৰ শোভা দেখি মোৰ দেহ-মন জুৰ পৰি যায়।

৩। জোনাক ৰাতিৰ শোভা তুমি নিজৰ অভিজ্ঞতাৰে বৰ্ণনা কৰা। (পাঁচটা বাক্যত)

উত্তৰঃ জোনাক ৰাতি শোভা দেখি মোৰ দেহ-মন জুৰ পৰি যায়। জোনটি আকাশত জকমক্ কৰি জ্বলি থকা যেন লাগে। নৈ-বিল, ঘৰ-বাৰী সকলোতে ৰূপালী জেউতি পৰি হাঁহি থকা যেন লাগে। তৰাবোৰে কেউকাষে তিৰবিৰ্ কৰি উলাহত ছেওৱে ছেওৱে হাঁহি নাচি থকা যেন লাগে। দূৰৈৰ আকাশৰ সৌন্দৰ্য ইমানেই সুন্দৰ যে তাক দেখি মোৰ মন উলাহত নাচি উঠে। যিজন পৰমেশ্বৰক মই সদায় সেৱা কৰো তেৱেই সেই সৌন্দৰ্যৰ গৰাকী।

৪। কোনটো তিথিত জোনাক ৰাতিৰ শোভা আটাইতকৈ বেছি হয় জানানে?

উত্তৰঃ 

৫। কবিতাটোৰ আধাৰত জোনাক ৰাতিৰ শোভা বৰ্ণনা কৰিবলৈ তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

(ক) আকাশত জোনটি জকমক্ কৰি জ্বলি থাকে।

(খ) নৈ-বিল, ঘৰ-বাৰী সকলোতে জোনৰ ৰূপালী জেউতি পৰে।

(গ) জোনটিৰ কেউকাষে তৰাবোৰ তিৰবিৰ্ কৰি হাঁহে আৰু ছেও ধৰি নাচে।

(ঘ) সীমাহীন আকাশ জুৰি জোনটোৱে শোভা কৰে আৰু তাকে দেখি মনটো আনন্দত নাচি উঠে।

( প্ৰয়োগ কৰিবলগীয়া শব্দৰ ইংগিত ঃ ৰূপালী জেউতি, নাচি উঠে, তিৰবিৰ্ কৰি, জকমক্ কৰি, ছেও ধৰি, শোভা কৰে )

৬। জোনাক ৰাতিৰ শোভাৰ বাবে কবিয়ে কাৰ ওচৰত মূৰ দোৱাইছে?

উত্তৰঃ জোনাক ৰাতিৰ শোভাৰ বাবে কবিয়ে পৰমেশ্বৰ ওচৰত মূৰ দোৱাইছে।

৭। বাক্য ৰচনা কৰাঃ

ঘৰ-বাৰী – ঘৰ-বাৰী নথকা মানুহক অঘৰী বোলে। 

দেহ-মন – জোনাক ৰাতিৰ শোভা দেখি দেহ-মন জুৰ পৰি যায়।

অসীম – জোনাক ৰাতি অসীম আকাশ জুৰি সৌন্দৰ্যই আগুৰি থাকে। 

নতি – পৃথিৱী গঠন কাৰি পৰমেশ্বৰক আমি সদায় নতি কৰিব লাগে। 

তিৰবিৰ্ – ৰাতি আকাশত তৰাবোৰ তিৰবিৰাই থাকে। 

বিতোপন – জোনাক নিশা বিতোপন জোনটো দেখিলে দেহ-মন নাছি উঠে।

৮। (ক) শৰৎ কালৰ পূৰ্ণিমাত হোৱা উৎসৱ দুটা কি?

উত্তৰঃ দূৰ্গা পূজা আৰু চৰ্ত পূজা।

(খ) বসন্ত কালৰ পূৰ্ণিমাত হোৱা উৎসৱটো কি? 

উত্তৰঃ ব’হাগ বিহু।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class