Might Learn Logo Might Learn Shop Might Learn

SVN Class 5 Assamese Chapter 2 Answer

অমাতৰ মাত 

Chapter 2

অনুশীলনী

১। চমুকৈ উত্তৰ দিয়া – 

(ক)  ভাটৌটোক কি নাম দিয়া হৈছিল?

উত্তৰঃ ভাটৌটোক ভকত নাম দিয়া হৈছিল।

(খ) মানুহটোৱে ভাটৌটোৰ লগতে আৰু কি কি বেচিবলৈ আনিছিল?

উত্তৰঃ মানুহটোৱে ভাটৌটোৰ লগতে আৰু বহুত বিধৰ সৰু-ডাঙৰ চৰাই, বগা নিগনি, শহাপহু আদি বেচিবলৈ আনিছিল।

(গ) ভাটৌটোক কিমান দামত কিনি লোৱা  হৈছিল?

উত্তৰঃ ভাটৌটোক এঘাৰ টকাত দামত কিনি লোৱা  হৈছিল।

২। ভাটৌটো প্ৰতিপালন কৰিবলৈ কি কি কৰিবলগীয়া হৈছিল?

উত্তৰঃ ভাটৌটো প্ৰতিপালন কৰিবলৈ ভাটৌটোক ভাত খুৱাইছিল, বুট খুৱাইছিল, কেতিয়াবা পকা জলকীয়া খুৱাইছিল আৰু মাজে মাজে চোতাললৈ উলিয়াই পানী ঢালি গা ধুৱাইছিল। 

৩। মুনমুনে ভাটৌটোৰ লগত কেনেদৰে খেলিছিল?

উত্তৰঃ মুনমুনে কেতিয়াবা আনবোৰ উৎপাতৰ পৰা আজৰি পালে ভাটৌটোৰ লগত কথা পাতে। কথাৰ ৰস ঘনীভূত হয়- যদি তাৰ কথাৰ মাজতে ভাটৌটোৱে কেতিয়াবা ‘কেটঁ’ কৈ তাৰ হুঁটা মাতটো লগাই দিয়ে। মুনমুনৰ আনন্দ উপচি পৰে। সি ধৰি লয় ভাটৌটোৱে তাক কথাৰ উত্তৰহে দিছে সেইদৰে। তেনে অৱস্থাত আনে বাধা দিলে তাৰ খং উঠে। সি একান্ত মনে ভাটৌটোক তাৰ নাম সোধে আৰু উত্তৰ বিচাৰি কাবৌ কৰে।  এনেদৰে মুনমুনে ভাটৌটোৰ লগত খেলে।

৪। মুনমুনৰ মাকৰ নাম কি আছিল ? মুনমুনে কেনেদৰে আমনি কৰিছিল?

উত্তৰঃ মুনমুনৰ মাকৰ নাম ভন আছিল। ভনে ভাত ৰান্ধি থাকিলে মুনমুনে ভনক আমনি কৰে।

৫। ভাটৌৱে কি কি খায় লিখা। 

উত্তৰঃ ভাটৌৱে ভাত, বুট, পকা জলকীয়া আদি খায় ।

৬। বাক্য ৰচনা কৰা ঃ 

ঠেহ ধৰা: মাকে ৰামক গালি পৰা বাবে ৰামে ঠেহ ধৰি আছে।

কাবৌ কৰা: মুনমুনে ভকতক উত্তৰ বিচাৰি কাবৌ কৰে

দৰাই-দৰাই: ভনে নিজে দৰাই-দৰাই ওঠৰ টকাৰ পৰা এঘাৰ টকাত ভাটৌটো কিনি আনিলে।

উধাতু: ল’ৰাটোৰ চিঞৰ শুনি মাক উধাতু খাই ভিতৰলৈ সোমাই আহিল।

৭) ভনে শান্তিৰে গৃহস্থক ভাত বাঢ়ি দিবলৈ যো-জা কৰিলে।… উধাতু খাই মুনমুন সোমাই আহিল। 

(ক) ইয়াত গৃহস্থ মানে কাক বুজোৱা হৈছে?

উত্তৰঃ ইয়াত গৃহস্থ মানে ভনৰ গিৰিয়েকক বুজোৱা হৈছে।

(খ) কি কথা ক’বলৈ মুনমুন সোমাই আহিছিল?

উত্তৰঃ কিবা এটা কথা ক’বলৈ মুনমুন সোমাই আহিছিল।

৮। প্ৰথম স্তম্ভত থকা শব্দৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দবোৰৰ পৰা বাচি লোৱা।

প্ৰথম স্তম্ভদ্বিতীয় স্তম্ভ
হুঁটা মাতআলফুলেঅফ পিৰিয়ডআশয়ছেদ-ভেদঅপকৰ্মউমৈহতীয়াসমলকাবৌউধাতুদুখ নোপোৱাকৈ, অতি সাৱধানেপ্ৰশ্ৰয় বা সাহ পোৱাবেয়া কামদৰকাৰী বস্তুটান কথানম্ৰভাৱে কৰা মিনতিবিৰতিতত্ নোহোৱাদুজন বা বেছি লোকৰ, সমুহীয়াকলেজত শ্ৰেণী নবহা কালছোৱা 

উত্তৰঃ হুঁটা মাত – টান কথা

            আলফুলে – দুখ নোপোৱাকৈ, অতি সাৱধানে

            অফ পিৰিয়ড – কলেজত শ্ৰেণী নবহা কালছোৱা

            আশয় – বিৰতি

            ছেদ-ভেদ – প্ৰশ্ৰয় বা সাহ পোৱা

            অপকৰ্ম – বেয়া কাম

            উমৈহতীয়া – দুজন বা বেছি লোকৰ, সমূহীয়া

            সমল – দৰকাৰী বস্তু

            কাবৌ – নম্ৰভাৱে কৰা মিনতি

            উধাতু – তত্ নোহোৱা

৯। ব্যাকৰণঃ বাক্য সাজিবলৈ শব্দৰ শেষত কেতিয়াবা চিহ্ন যোগ কৰিবলগীয়া হয়। যেনে- ৰামৰ কিতাপ নাই। ইয়াত ‘ৰাম’ শব্দৰ লগত ‘ৰ’ যোগ কৰা হৈছে।’ৰ’ যোগ নকৰিলে অৰ্থ প্ৰকাশ নহ’লহেঁতেন । একেদৰে, সীতাই গীত গায়। ইয়াত ‘সীতা’ৰ লগত ‘ই’ যোগ কৰা হৈছে। এনেদৰে শব্দত যোগ কৰা চিহ্নক বিভক্তি বোলে। ওপৰত উল্লেখ কৰা ‘ৰ’ আৰু ‘ই’ দুয়ো বিভক্তি।

 ********                                 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects