Might Learn Logo Might Learn Shop Might Learn

SVN Class 5 Assamese Chapter 21 নিয়ৰ Answer

নিয়ৰ

পাঠ- ২১

অৰ্থ জানি থোৱা ঃ

নিজম ঃ নিস্তব্ধতা, নিৰৱতা, নিচুক, কথাটি

ফটিক ঃ ফটফটীয়া, পৰিষ্কাৰ, স্বচ্ছ, ইফাল-সিফাল দেখা

শোভে ঃ শোভা কৰে 

হেঙুলি ঃ ৰঙচুৱা

(‘সৰিয়েহে আছে’ অৰ্থাৎ যেন সৰি পৰিহে আছে।)

অনুশীলনী

১। কবিতাটো মুখস্থ কৰা।

২। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ

(ক) মুকুতা মণিটি ক’ত জিলিকে?

উত্তৰঃ মুকুতা মণিটি পাহিত জিলিকে।

(খ) ফুলজুপিত কিহে শোভা কৰে?

উত্তৰঃ ফুলজুপিত নিয়ৰ কলিৰে শোভা কৰে।

(গ) বায়ুৱে ফুলৰ পাহি জোকাৰি কি বেয়া লগা কাম কৰিলে?

উত্তৰঃ বায়ুৱে ফুলৰ পাহি জোকাৰি ফুলজুপিৰ শোভা নাইকিয়া কৰিলে।

(ঘ) নিয়ৰৰ টোপালে হিয়াত কি সাঁচি থৈছে?

উত্তৰঃ নিয়ৰৰ টোপালে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থৈছে।

৩। কবিয়ে ফুলৰ পাহিত জিলিকি থকা নিয়ৰৰ টোপালটিক কিহৰ কিহৰ সৈতে তুলনা কৰিছে? (শুদ্ধবোৰ ✓ চিন দিয়া)

(ক) ফটফটীয়া পানীত ধোৱা মুকুতা মণি।

উত্তৰঃ শুদ্ধ।

(খ) সৰগৰ পৰা সৰি পৰা এটি নিশাৰ তৰা

উত্তৰঃ শুদ্ধ।

(গ) হীৰাৰ টুকুৰা 

উত্তৰঃ শুদ্ধ।

(ঘ) আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপাল

উত্তৰঃ অশুদ্ধ।

(ঙ) নাচনীৰ মণি

উত্তৰঃ শুদ্ধ।

(চ) ফুলৰ কলি 

উত্তৰঃ অশুদ্ধ।

(ছ) ফুলৰ পাহি

উত্তৰঃ অশুদ্ধ।

(জ) চকুৰ এটোপাল পানী

উত্তৰঃ শুদ্ধ।

(ঝ) পুৱাৰ হেঙুলি কিৰণ

উত্তৰঃ অশুদ্ধ।

৪। বাক্য ৰচনা কৰা ঃ

নিজম – নিজম ৰাতি সৰু শব্দ এটাও বৰ ডাঙৰ কৈ শুনা পোৱা যায়। 

হিয়া – কবিয়ে নিয়ৰক হিয়াৰ টুকুৰাৰ লগত তুলনা কৰিছে। 

টোপনি – আমি ৰাতি টোপনি যাওঁ।

মুকুতা – সাগৰৰ তলত মুকুতা পোৱা যায়।

৫। “ ফুলনিত কোনে ……………………… এটুপি চকুৰ পানী” পদ্যাংশটি গদ্যত লিখা।

উত্তৰঃ কবিয়ে নিয়ৰৰ টোপালবোৰক মণি আৰু পুৱাৰ ৰঙচুৱা বেলিৰ পোহৰত জ্বিলিকি থকা চকুৰ পানীৰ লগত তুলনা কৰিছে। সেইবাবে কবিয়ে কৈছে যে ৰাতি ফুলনিত কোনোবা নাচনি আহিছিল আৰু তাই নাচি থাকোঁতে তাই ডিঙিত থকা হাৰ ডাল চিঙি গৈছিল আৰু মণিবোৰ ফুলনিত সিঁচৰিত হৈ গৈ তিৰবিৰাই আছিল আৰু সেই নিয়ৰবোৰ পুৱাৰ ৰঙচুৱা বেলিৰ পোহৰত জ্বিলিকি থকা চকুৰ পানীৰ দৰে লাগিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects