Might Learn Logo Might Learn Shop Might Learn

SVN Class 5 Assamese Chapter 23 Answer ভোগালী বিহু

ভোগালী বিহু

পাঠ- ২৩

১। অৰ্থ শিকাঃ

দন্দ ঃ কাজিয়া, খৰিয়াল

ফুলবছা ঃ তাঁতশালত কাপোৰ বওঁতে ফুল তোলা

কেটেৰা ঃ দুখ দিয়াকৈ গালি 

কাতৰ ঃ দুখিত, পীড়িত 

ঠেহ্ পেচ্ ঃ মনে মনে খং কৰি থকা, অভিমান

দুনাই ঃ আকৌ, পুনৰায়

অনুশীলনী

১।বাক্য ৰচনা কৰা ঃ

ঠেহ্পেচ্ – ৰহিমৰ দেউতাকে তাক ভোগালী বিহুত নতুন কাপোৰ নিদিয়াৰ বাবে সি ঠেহ্পেচ্ কৰি আছিল।

দুনাই – অঞ্জন চাকৰীৰ সূত্ৰে গুৱাহাটীলৈ গৈছিল আৰু দুনাই সি গাঁৱলৈ ঘূৰি নাহিল। 

কাতৰ – যদুৱে কাতৰ প্ৰাৰ্থনা কৰিও ৰাইজৰ ৰোষৰ পৰা ৰেহায় নাপালে।

কেটেৰা – কেটেৰা কৰি কথা কোৱা  মানুহক কোনেও ভাল নাপায়। 

দন্দ – মায়া আৰু মিনাই কামলৈ হেলা কৰি দুয়োজনিয়ে দন্দ কৰি আছিল।

২। ভোগালী বিহুত কি কি কৰা হয়, সেই বিষয়ে পাঁচটা বাক্য লিখা।

(ইংগিত ঃ মেজিৰ ওচৰত থাপনা পতা,

হৰিনাম গাই মেজিত জুই দিয়া,

ইজনে-সিজনক আদৰ-সাদৰ কৰা,  

পিঠা-পনা খোৱা, সৰুৱে ডাঙৰক সেৱা কৰা,

হাই-কাজিয়াৰ কথা পাহৰি নতুনকৈ সম্পৰ্ক গঢ়া।)

উত্তৰঃ ১) মেজিৰ ওচৰত থাপনা পতা হয়।

২)ভগৱানৰ নাম লৈ মেজিত জুই দিয়া হয়।

৩) ঘৰে-ঘৰে সকলোৱে লাৰু-পিঠা বনোৱা হয়।

৪) সৰুৱে-ডাঙৰক সেৱা জনায়।

৫) বিহুৰ আগদিনা সকলোৱে একেলগে মিলি সমূহিয়া ভোজ ভাত খায়।

৩। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখাঃ

ক) কবিয়ে পুহৰ শেষত শীতল পানীৰে গা ধুলেও কষ্ট নাপায় বুলি কিয় কৈছে?

উত্তৰঃ  কবি পুহৰ শেষত শীতল পানীৰে গা ধুলেও কষ্ট নাপায় বুলি কৈছে কাৰণ বাহী গাৰে মেজিৰ ওচৰ চাপিব নাপায়।

খ) কবিয়ে ভোগালী বিহু বৰ ভাল পায় বুলি কিয় কৈছে?

উত্তৰঃ কবিয়ে ভোগালী বিহু বৰ ভাল পায় কাৰণ বিহুত সকলোৱে সকলোকে আদৰ যাচে, ডাঙৰে সৰুক সেৱা জনায়।

গ) বিহুৰ দিনা কবিয়ে কাক কাক সেৱা কৰিব?

উত্তৰঃ বিহুৰ দিনা কবিয়ে আইতা, দেউতা আৰু বাইদেউক সেৱা কৰিব।

ঘ) ভোগালী বিহুত মেজিত জুই দিওঁতে কি কি কৰে?

উত্তৰঃ ভোগালী বিহুত মেজিত জুই দিওঁতে হৰিনাম গায়।

ঙ) কবিৰ আইতাকে কেতিয়া বেজাৰত তলমুৱা হ’ব?

উত্তৰঃ কবিৰ বাইদেউৱে কবিক কেতেৰা মাতেৰে মতা শুনিলে আইতাকে বেজাৰত তলমুৱা হ’ব।

চ) বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব?

উত্তৰঃ বিহুৰ দিনা কবিয়ে বায়েকক ফুলবছা গামোছাখনি খুজিব।

ছ) বিহুৰ দিনা কিয় বাহী গাৰে থাকিব নোৱাৰি?

উত্তৰঃ বিহুৰ দিনা বাহী গাৰে থাকিব নোৱাৰি কাৰণ বিহুৰ দিনা বাহী গাৰে থাকিলে মেজিৰ ওচৰ চাপিব নোৱাৰি।

জ) বিহুৰ দিনা নতুন জীৱন পাবলৈ কবিয়ে কি কৰিব বুলি কৈছে?

উত্তৰঃ বিহুৰ দিনা নতুন জীৱন পাবলৈ কবিয়ে মিছা কোৱা, কাজিয়া কৰা, অভিমান পতা শেষ কৰিব বুলি কৈছে।

ঝ) মেজি কেতিয়া জ্বলোৱা হয়? তুমি কেইবাৰ মেজি জ্বলোৱা দেখিছা?

উত্তৰঃ ভোগালী বিহুৰ দিনা নিচেই পুৱা মেজি জ্বলোৱা হয়। মই জন্ম লাভ কৰাৰ পৰা অজিলৈ প্ৰতিটো ভোগালী বিহুতেই মেজি জ্বলোৱা দেখিছো।

ঞ) বিহুৰ দিনা মুকলি মনেৰে ওমলি ফুৰিব পাৰি কিয়?

উত্তৰঃ বিহুৰ দিনা মুকলি মনেৰে ওমলি ফুৰিব পাৰি কাৰণ বিহুৰ দিনা সকলোৱে আনন্দ ফূৰ্তি কৰি থাকে কোনেও কাৰো ওপৰত খং নকৰে। 

৪। কবিতাটি আবৃত্তি কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects