SVN Class 5 Assamese Chapter 24 Answer বিস্কুটৰ টোপোলাটো

বিস্কুটৰ টোপোলাটো

পাঠ – ২৪

অনুশীলনী

১। প্ৰথম স্তম্ভটোত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় স্তম্ভত দিয়া শব্দৰ পৰা বিচাৰি উলিওৱা।

প্ৰথম স্তম্ভদ্বিতীয় স্তম্ভ
লৰা-ঢপৰাহেঁচা-টেপাখঙে মূৰৰ চুলিৰ আগ পোৱাগুজৰি-গুমৰিহৰণ-ভগনউকিমনে মনে খং উঠাখঙত একোনাই হোৱাখৰখেদা লগোৱাঠেলা-ঠেলিদূৰৰ পৰা শুনাকৈ মৰা চিঞৰক্ষয়-ক্ষতি 

উত্তৰঃ লৰা-ঢপৰা – খৰখেদা লগোৱা হেঁচা-টেপা – ঠেলা-ঠেলিখঙে মূৰৰ চুলিৰ আগ পোৱা – মনে মনে খং উঠাগুজৰি-গুমৰি – খঙত একোনাই হোৱাহৰণ-ভগন – ক্ষয়-ক্ষতিউকি – দূৰৰ পৰা শুনাকৈ মৰা চিঞৰ

২। বাক্য ৰচনা কৰা ঃ

গুজৰি-গুমৰি – ভাস্কৰৰ পৰিক্ষাৰ ফলাফল দেখি দেউতাক খংত গুজৰি-গুমৰি আছে।

গুম্-গুমাই – বৰষুণ যাক গুম্-গুমাই আহিছে।

চোৱা-চিতা –  মা-দেউতা বুঢ়া হ’লে আমি মা-দেউতাক চোৱা-চিতা কৰাটো আমাৰ দায়িত্ব।

অহা-যোৱা – মানুহজন সদায় কামৰ পৰা চাইকেলেৰে অহা-যোৱা কৰে। 

হেঁচা-টেপা – বাছত মানুহবোৰে বহুত হেঁচা-টেপা কৰে।

লৰা-ঢপৰা – ৰাজু স্কুললৈ যাবলৈ দেৰি হোৱাৰ বাবে লৰা-ঢপৰা লগাইছে।।

৩। চমুকৈ উত্তৰ দিয়া।

ক) পেচেঞ্জাৰ আৰু এক্সপ্ৰেছ ৰে’লগাড়ীৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ পেচেঞ্জাৰ ৰেল গাড়ী লাহে লাহে গতি কৰে আৰু বহুত ঠেলা-হেচা হয়, আনহাতে এক্সপ্ৰেছ ৰে’লগাড়ী দ্ৰুত বেগত গতি কৰে আৰু ঠেলা-হেচা নহয়।

খ) ঘগ্ৰাপাৰ ষ্টেচনত এক্সপ্ৰেছ ৰে’লগাড়ী কিয় নৰয়?

উত্তৰঃ ঘগ্ৰাপাৰ এটা সৰু ষ্টেচন সেইবাবে তাত এক্সপ্ৰেছ ৰে’লগাড়ী নৰয়।

গ) কণিকা কাৰ্যালয়লৈ কিহেৰে অহা-যোৱা কৰে?

উত্তৰঃ কণিকা কাৰ্যালয়লৈ পেচেঞ্জাৰ ৰেলগাড়ীৰে অহা-যোৱা কৰে।

ঘ) কণিকাৰ ঘৰত কোন কোন আছে?

উত্তৰঃ কণিকাৰ ঘৰত তেওঁৰ বয়সীয়াল মাক আৰু তেওঁৰ ভায়েক আছে।

ঙ) কণিকাৰ হাতৰ মোনাটোত কি কি বস্তু আছিল?

উত্তৰঃ কণিকাৰ হাতৰ মোনাটোত বিস্কুট আছিল।

চ) শৰাইঘাট দলং ক’ত আছে?

উত্তৰঃ শৰাইঘাট দলং গুৱাহাটীত আছে।

৪। কণিকাৰ ওচৰত বহি থকা ভদ্ৰলোকজনৰ বিষয়ে তিনিটা বাক্য লিখা।

উত্তৰঃ ১) তেওঁৰ দাঢ়ি-চুলি পকা, মুখখন সোতোৰা-সোতোৰ আছিল। 

২) তেওঁ এজন দুখীয়া মানুহ আছিল।

৩) তেওঁ এজন দয়াৱান লোক আছিল।

৫। কণিকাৰ ভদ্ৰলোকজনৰ ওচৰত ক্ষমা খুজিবলৈ মন গ’ল কিয়?

উত্তৰঃ  কনিকাই শেষত গম পালে ভদ্ৰলোকজনে তাইৰ বিস্কুটৰ টোপোলাটো হৰণ-ভগন কৰা নাই তেওঁ নিজৰ টোপোলাটোৰ পৰা হে বিস্কুট খাইছিল আৰু ভদ্ৰলোকজনে অন্তিম বিস্কুটখনৰো এডোখৰ কনিকাৰ বাবে থৈ গৈছিল। সেই কথা গম পায় কণিকাৰ ভদ্ৰলোকজনৰ ওচৰত ক্ষমা খুজিবলৈ মন গ’ল।

৬। কণিকাই নিতৌ ঘগ্ৰাপাৰৰ পৰা মাৰিগাঁৱলৈ ৰে’লেৰে অহা-যোৱা কৰে কিয়?

উত্তৰঃ কনিকাই মাক আৰু ভায়েকক চোৱা-চিতা কৰিব লাগে সেয়েহে কনিকাই নিতৌ ঘগ্ৰাপাৰৰ পৰা মাৰিগাঁৱলৈ ৰে’লেৰে অহা-যোৱা কৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top