Might Learn Logo Might Learn

SVN Class 5 Science Chapter 2 Answer সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

পাঠ ২

মৌখিক কাৰ্যঃ

১। তোমাৰ আশে-পাশে পোৱা পোৱা পাঁচবিধ পতংগৰ নাম কোৱা।

উত্তৰঃ মোৰ আশে-পাশে পোৱা পোৱা পাঁচবিধ পতংগৰ নাম হৈছে – পখিলা, ফৰিং, বৰল, মৌ-মাখি আৰু ভোমোৰা।

২। কোনবিধ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে?

উত্তৰঃ মাইকী এনফিলিছ মহৰ দ্বাৰা মেলেৰিয়া ৰোগ বিয়পে।

৩। বহু সময় ধৰি কাটি থোৱা ফল-মূল নোধোৱাকৈ খোৱাটো অপকাৰী কিয়?

উত্তৰঃ বহু সময় ধৰি কাটি থোৱা ফল-মূলত বিভিন্ন ধৰণৰ বীজাণুৱে বাহ ল’ব পাৰে। সেয়েহে আমি বহু সময় ধৰি কাটি থোৱা ফল-মূল নোধোৱাকৈ খোৱা অনুচিত।

৪। হাঁচি বা কাহ মাৰোতে আমি আমাৰ নাক, মুখ কিয় ঢাকি ল’ব লাগে?

উত্তৰঃ যেতিয়া এজন লোকে হাঁচি বা কাহ মাৰে, তেতিয়া তেওঁৰ নাক আৰু মুখৰ পৰা ওলোৱা বীজাণু বায়ুৰ লগত মিহলি হয় আৰু এই বীজাণু সুস্থ মানুহ এজনৰ শৰীৰত উশাহৰ যোগেদি সোমাই সেই মানুহজনকো অসুস্থ কৰি তোলে।

৫। প্ৰস্ৰৱগাৰৰ পৰা ওলাই আহি হাত ভালদৰে ধোঁৱাৰ প্ৰয়োজন কিয়?

উত্তৰঃ প্ৰস্ৰাৱগাৰৰ পৰা ওলাই আহি হাত ভালদৰে ধোৱাৰ প্ৰয়োজন, কিয়নো প্ৰস্ৰাৱগাৰৰ দূষিত বীজাণু আমাৰ হাতত লাগি তাৰ পৰা বিভিন্ন বেমাৰৰ সৃষ্টি হ’ব পাৰে।

লিখিত কাৰ্যঃ

১। দূষিত পানীৰ পৰা হ’ব পৰা বেমাৰ সমূহৰ পৰা ৰক্ষা পাবলৈ তুমি কি কৰিবা?

উত্তৰঃ দূষিত পানীৰ পৰা হ’ব পৰা বেমাৰ সমূহৰ পৰা ৰক্ষা পাবলৈ মই বিশুদ্ধ পানী ব্য়ৱহাৰ কৰিম।

২। সংক্ৰামক ৰোগসমূহ বিয়পাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ সংক্ৰামক ৰোগসমূহ বিয়পাৰ তিনিটা কাৰণ হৈছে – মাখি, হাঁচি আৰু কাহ।

৩। সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ কৰাৰ বাবে তুমি কি ব্য়ৱস্থা গ্ৰহণ কৰিবা?

উত্তৰঃ আমাৰ দেশত সমক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবে এই ৰোগসমূহৰ প্ৰতিষেধক ছিতাৰ ব্য়ৱস্থা কৰা হৈছে। এই ছিতাসমূহ আমি গ্ৰণ সময়মতে গ্ৰহণ কৰিলে সংক্ৰামক ৰোগৰ পৰা হাাত সাৰি থাকিব পাৰো। 

৪। তিনিবিধ সংক্ৰামক ৰোগৰ নাম উল্লেখ কৰা যাক প্ৰতিৰোধ কৰাৰ বাবে ছিটা পোৱা যায়। লগতে প্ৰতিবিধ ৰোগৰ একোটাকৈ লক্ষণ উল্লেখ কৰিবা।

উত্তৰঃ প্ৰতিৰোধৰ বাবে ছিতা পোৱা তিনিবিধ সংক্ৰামক ৰোগৰ নাম হৈছে – 

– ৰঙা ফোঁহাঃ ইয়াৰ এটা লক্ষণ হৈছে শৰীৰত ৰঙা ফোঁহা ওলোৱা।

– যক্ষ্মাঃ ভোক নলগা হৈছে ইয়াৰ এটা লক্ষণ।

– হুপিং কাহঃ ইয়াৰ এটা লক্ষণ হৈছে সঘনাই শকান কাহ হোৱা।

৫। তলৰ শুদ্ধ উত্তৰসমূহৰ বিপৰীতে (√ ) এই চিন দিয়া –

১। কলেৰা বেমাৰ বিয়পিব পাৰে-

(ক ) মহৰ দ্বাৰা    (খ) মহ আৰু মাখিৰ দ্বাৰা    (গ) দূষিত পানী আৰু খাদ্য়ৰ দ্বাৰা    (ঘ) বায়ুৰ দ্বাৰা 

উত্তৰঃ দূষিত পানী আৰু খাদ্য়ৰ দ্বাৰা।

১। ছাল, চকু আৰু নখ হালধীয়া পৰাটো কোনবিধ বেমাৰৰ লক্ষণ-

(ক) কলেৰা    (খ) যক্ষ্মা    (গ) টাইফয়ড    (ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ ওপৰৰ এটাও নহয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects