Might Learn Logo Might Learn

SVN Class 5 Science Chapter 4 Answer উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য

উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য

পাঠ ৪

মৌখিক কাৰ্যঃ

১। উদ্ভিদ আৰু প্ৰাণীৰ চাৰিটা সাদৃশ্য় কোৱা।

উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ চাৰিটা বৈশিষ্ট্য় হৈছে-

– উদ্ভিদ আৰু প্ৰাণী সকলোৱে উশাহ-নিশাহ লয়।

– উদ্ভিদ আৰু প্ৰাণী উভয়ে খাদ্য় খায়।

– উদ্ভিদ আৰু প্ৰাণী উভয়ে বংশ বৃদ্ধি কৰে।

– উদ্ভিদ আৰু প্ৰাণী উভয়ৰে এটা সময়ত মৃত্য়ু হয়।

২। উদ্ভিদৰ কোনটো অংশ তুমি আটাইতকৈ সুন্দৰ বুলি ভাবা, আৰু কিয়?

উত্তৰঃ উদ্ভিদৰ ফুলৰ অংশ মই আটাইতকৈ সুন্দৰ বুলি ভাবো। কাৰণ ই বাৰেবৰণীয়া, জকমকীয়া হয়।

৩। এটা বীজ থকা তিনিটা ফলৰ নাম কোৱা।

উত্তৰঃ এটা বীজ থকা তিনিটা ফলৰ নাম হৈছে – আম, লিচু আৰু শিলিখা।

৪। শিপা আৰু কাণ্ডৰ কাৰ্যৰ পাৰ্থক্য় কি?

উত্তৰঃ শিপা আৰু কাণ্ডৰ কাৰ্যৰ পাৰ্থক্য় হৈছে – শিপাই মাটিৰ পৰা খনিজ লৱণ আৰু পানী কঢ়িয়াই আনে। আনহাতে কাণ্ডই সেই পানী আৰু খনিজ লৱণ বিভিন্ন ডাল আৰু পাতসমূহলৈ প্ৰেৰণ কৰে।

৫। তোমাৰ আশে-পাশে থকা ধুনীয়া ফুলৰ পাঁচবিধ উদ্ভিদৰ নাম কোৱা।

উত্তৰঃ মোৰ আশে-পাশে থকা ধুনীয়া ফুলৰ পাঁচবিধ উদ্ভিদৰ নাম হৈছে – সোণাৰু, আজাৰ, পলাশ, শিমলু আৰু মডাৰ।

লিখিত কাৰ্যঃ

১। লতাজাতীয় আৰু বৃক্ষজাতীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ লতাজাতীয় আৰু বৃক্ষজাতীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য হৈছে – লতাজাতীয় উদ্ভিদবোৰে আনৰ ওপৰত নিৰ্ভৰ কৰি বগাবলগীয়া হয়। আনহাতে বৃক্ষজাতীয় উদ্ভিদবোৰ কাৰো ওপৰত নিৰ্ভৰ কৰি ডাঙৰ হ’ব নালাগে।

২। উদ্ভিদৰ প্ৰতিটো অংশৰ একোটাকৈ কাৰ্য লিখা।

উত্তৰঃ উদ্ভিদৰ শিপাৰ কাৰ্য হৈছে মাটিৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰা। কাণ্ডৰ কাম হৈছে শিপাই আহৰণ কৰা পানী আৰু খনিজ লৱণসমূহ ডালবোৰলৈ প্ৰেৰণ কৰা। ডালৰ কাম হৈছে কাণ্ডৰ পৰা পোৱা পানী আৰু খনিজ লৱণক পাতসমূহৰ মাজত বিতৰণ কৰা। আৰু পাতৰ কাম হৈছে সূৰ্যৰ তাপত পানী আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত খাদ্য় প্ৰস্তুত কৰা।

৩। মুখ্য় শিপা আৰু চুলি শিপাৰ মাজৰ পাৰ্থক্য় লিখা।

উত্তৰঃ মুখ্য় শিপা আৰু চুলি শিপাৰ মাজৰ পাৰ্থক্য় হৈছে – মুখ্য় শিপাৰ এডাল স্থানিক শিপা থাকে। আনহাতে চুলি শিপাত স্থানিক শিপা নাথাকে, ইয়াৰ সকলো শিপা একেই হয়। মুখ্য় শিপাত স্থানিক শিপাডাল মাটিৰ বহু তললৈ সোমাই যায়। আনহাতে চুলি শিপাত শিপাবোৰ মাটিৰ বেছি তললৈ নাযায়।

৪। একবৰ্ষীয়, দ্বিবৰ্ষীয় আৰু বহুবৰ্ষীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য় লিখা। ইহঁতৰ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ একবৰ্ষীয়, দ্বিবৰ্ষীয় আৰু বহুবৰ্ষীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য় হৈছে – একবৰ্ষীয় উদ্ভিদসমূহৰ জীৱন-কাল একবছৰ। আনহাতে দ্বিবৰ্ষীয় উদ্ভিদৰ জীৱন কাল দুই বছৰ। আনহাতে বহুবৰ্ষীয় উদ্ভিদৰ জীৱন কাল বহুবছৰ।

    একবৰ্ষীয় উদ্ভিদৰ উদাহৰণ হৈছে – ধান। দ্বিবৰ্ষীয় উদ্ভিদৰ উদাহৰণ হৈছে – কুঁহিয়াৰ। আৰু বহুবৰ্ষীয় উদ্ভিদৰ উদাহৰণ হৈছে – আহঁত।

৫। তৃণজাতীয় আৰু গুল্মজাতীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য় উল্লেখ কৰা।

উত্তৰঃ তৃণজাতীয় আৰু গুল্মজাতীয় উদ্ভিদৰ মাজৰ পাৰ্থক্য় হৈছে – তৃণজাতীয় উদ্ভিদসমূহৰ গা-গছ কোমল। আনহাতে গুল্মজাতীয় উদ্ভিদৰ গা-গছ প্ৰায় কঠিন।

৬। খালী ঠাই পূৰ কৰাঃ

(ক) বীজ উদ্ভিদৰ ফলৰ ভিতৰত থাকে।

(খ) বিটপতন্ত্ৰ উদ্ভিদৰ ——– অংশত পোৱা যায় ।

(গ) বৃক্ষৰ কাণ্ড গুল্মজাতীয় উদ্ভিদৰ কাণ্ডতকৈ কঠিন

(ঘ) গুল্মজাতীয় উদ্ভিদৰ কাণ্ড তৃণজাতীয় উদ্ভিদৰ কাণ্ডতকৈ কঠিন।

– Hiru Moni Bora

Post ID :DABP006234

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects