Might Learn Logo Might Learn

SVN Class 5 Science Chapter 5 Answer প্ৰাকৃতিক দুৰ্যোগ 

প্ৰাকৃতিক দুৰ্যোগ 

পাঠ ৫

মৌখিক কাৰ্যঃ

১। বাৰিষা বৰষুণত বানপানীৰ সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম কোৱা।

উত্তৰঃ বাৰিষা বৰষুণত বানপানীৰ সৃষ্টি হোৱা অসমৰ দুখন নদীৰ নাম হৈছে – ব্ৰহ্মপুত্ৰ আৰু বৰাক।

২। তিনিটা প্ৰাকৃতিক দুৰ্যোগৰ নাম কোৱা।

উত্তৰঃ তিনিটা প্ৰাকৃতিক দুৰ্যোগৰ নাম হৈছে – বানপানী, ভূমিকম্প আৰু ধুমুহা।

৩। খৰাং বুলিলে কি বুজা?

উত্তৰঃ বহুদিন ধৰি বৰষুণ নোহোৱাৰ ফলত সেই ঠাইৰ নদ-নদী, জলাশয়, পুখুৰী, কুঁৱা আদিৰ পানী শুকাই বাম যোৱা অৱস্থাকে খৰাং বোলে।

৪। বানপানী আৰু খৰাঙৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ বানপানী আৰু খৰাঙৰ মাজত পাৰ্থক্য় হৈছে – বানপানীত পানীয়ে গোটেই অঞ্চল বুৰাই পেলায়। আনহাতে খৰাঙত অঞ্চলটোত পানীৰ অভাৱ হয়।

৫। ধৰি লোৱা তুমি এখন নিকেতনৰ প্ৰধানাচাৰ্য। তোমাৰ নিকেতনত বানপানী সোমাইছে। তুমি ল’ৰা-ছোৱালীৰ নিৰাপত্তাৰ বাবে কি ব্য়ৱস্থা হাতত ল’বা?

উত্তৰঃ তেতিয়া মই ল’ৰা-ছোৱালীৰ নিৰাপত্তাৰ বাবে অলপ দিনৰ বাবে নিকেতন বন্ধ ৰাখি আন কোনো ঠাইত ল’ৰা ছোৱালীক পঢ়োৱাৰ ব্য়ৱস্থা কৰিম। আৰু নিকেতনখনত মাটি তুলি পুনৰ বাৰ বানপানী হ’ব নোৱাৰা কৰিম।

লিখিত কাৰ্যঃ

১। বানপানীৰ তিনিটা কুফল লিখা?

উত্তৰঃ বানপানীৰ তিনিটা কুফল হৈছে –

– বানপানীয়ে ঘৰ-দুৱাৰ, গৰু-ম’হ, উটুৱাই নিয়ে।

– বানপানীৰ ফলত খেতি-পথাৰৰ যথেষ্ট ক্ষতি হয়।

– বানপানীৰ ফলত কেতিয়াবা মানুহ মৃত্য়ুৰ মুখত পৰিবলগীয়াও হয়।

২। যিকোনো এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে দহ শাৰী বাক্য় লিখা।

উত্তৰঃ বানপানীৰ ফলত ঘৰ-দুৱাৰ, গছ-গছনি, জীৱ-জন্তু, মানুহ-দুনুহ আদি সকলো উটি যায়।বানপানীৰ কবলত পৰি বহুলোকৰ মৃত্য়ু হয়। খেতি-শস্য় নষ্ট হয়। বানপানীৰ ফলত কোনো কোনো ঠাইত পানী বহুদিনলৈ ৰৈ যোৱাৰ ফলত বিভিন্ন ৰোগৰ বীজাণু সৃষ্টি হৈ বিভিন্ন লোকৰ বোমাৰ হয়। বানপানীয়ে পাহাৰৰ ওপৰৰ মাটি তলৰ সমান ঠাইলৈ উটুৱাই নিয়ে। পাহাৰীয়া মাটিয়ে ভৈয়ামৰ অঞ্চলবোৰ সাৰুৱা কৰি তুলে। বানপানীৰ ই এটা সুফল। কেতিয়াবা আকৌ খেতিপথাৰ বালিময় কৰি তুলাৰ ফলত খেতি ধ্বংস হোৱাৰ ওপৰি মাটিখিনি খেতিৰ অনুপযুক্ত কৰি তুলে। বানপানীৰ বাবে জীৱ-জন্তুৰ মৃত্য়ু হয়।

৩। কি কি মাধ্য়মৰ জৰিয়তে আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জানিব পাৰো?

উত্তৰঃ বাতৰি কাকত, টেলিভিছন, ৰেডিঅ’, ভ্ৰাম্য়ভাষ আদিৰ জৰিয়তে আমি প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে জানিব পাৰো।

৪। প্ৰলয়ংকৰী ভূমিকম্পত হ’ব পৰা ক্ষতিৰ বিষয়ে তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ প্ৰলয়ংকৰী ভূমিকম্পৰ ফলত মানুহৰ ঘৰ-দুৱাৰ ভঙাৰ উপৰিও মাটি ফাটি বালি বা পানী ওলাব পাৰে। পাহাৰ বহি নদীৰ সৃষ্টি হ’ব পাৰে। নদী বুকু ওপৰলৈ উঠি পাহাৰৰ সৃষ্টি হ’ব পাৰে। ঘৰ-দুৱাৰ ভাঙি পৰাৰ ফলত মানুহৰ যথেষ্ট ক্ষয় ক্ষতি হোৱাৰ লগতে মৃত্য়ুও হ’ব পাৰে। ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোক গৃহহাৰা হৈ পৰিব পাৰে।

৫। খৰাঙৰ ফলত কি কি ক্ষতি হ’ব পাৰে?

উত্তৰঃ খৰাংৰ ফলত সেই ঠাইত কোনো ধৰণৰ শস্য় নগজে। আনকি তেনে ঠাইত ঘাঁহ-বনো দেখিবলৈ পোৱা নাযায়। তদুপৰি বৰষুণ নোহোৱাৰ বাবে নদ-নদী, জলাশয়, পুখুৰী, কুঁৱা আদিৰ পানী শুকাই যায়। ফলত খাদ্য় আৰু পানীৰ অভাৱে দেখা দিয়ে।

৬। আমাৰ দেশৰ পাঁচখন নদীৰ নাম লিখা।

উত্তৰঃ আমাৰ দেশৰ পাঁচখন নদীৰ নাম হৈছে – গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, মিচিচিপি আৰু নীল।

৭। ব্ৰহ্মপুত্ৰ নদীৰ তিনিখন উপ-নদীৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ তিনিখন উপ-নদীৰ নাম হৈছে – সোৱণশিৰি, বুঢ়িদিহিং আৰু পাগলাদিয়া।

৮। কি ঘটিব পাৰে যদি কোনো ঠাইত –

(ক) বহুদিন ধৰি বৰষুণ নহয় – খৰাং বতৰৰ সৃষ্টি হ’ব।

(খ) একে লেঠাৰীয়ে বহুদিন বৰষুণ হয় – নদীৰ পানী উফন্দি উঠিব ফলত বানপানীৰ সৃষ্টি হ’ব।

(গ) বিশুদ্ধ পানীৰ যদি অভাৱ হয় – মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হ’ব।

৯। চিছম’গ্ৰাফৰ কাৰ্য কি?

উত্তৰঃ চিছম’গ্ৰাফৰ কাৰ্য ভূমিকম্পৰ মাত্ৰা জোখা যন্ত্ৰ।

১০। তলত দিয়াবোৰৰ বিষয়ে চমুকৈ লিখা-

(ক) বিশ্ব স্বাস্থ্য় সংস্থা (WHO)ঃ এই সংস্থাটোৱে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰে আৰু ঔষধৰ যোগান ধৰে।

(খ) ৰেড ক্ৰছ চ’ছইটি (Red cross Society)ঃ এইটো এটা স্বেচ্ছাসেৱী অনুষ্ঠান। এই অনুষ্ঠানটোৱে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি পুৰ্ণ সমস্থাপন ব্য়ৱস্থা কৰে।

(গ) ইউনিচেফ (UNICEF)ঃ এইটো সংস্থাই প্ৰাকৃতিক দুৰ্যোগত পৰা লোকক আৰ্থিক সাহাৰ্য্য় আগবঢ়ায় আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে।

১১। জনসংযোগ ব্য়ৱস্থা চাৰিটা নাম লিখা-

উত্তৰঃ জনসংযোগ ব্য়ৱস্থা চাৰিটা নাম হৈছে – ৰেডিঅ’, টেলিভিছন, বাতৰি কাকত আৰু টেলিফোন।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects