SVN Class 5 Social Science Chapter 10 Answer 2026 | হাট – বজাৰ | Lesson 10 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১০
হাট – বজাৰ


১। চমু উত্তৰ দিয়া—
(ক) বজাৰ ব্যৱস্থাত উৎপাদক আৰু উপভোক্তা বুলিলে কি বুজা?
উত্তৰঃ বজাৰ ব্য়ৱস্থাত উৎপাদক বুলিলে যিয়ে বিক্ৰীযোগ্য় সামগ্ৰী উৎপান কৰে তাকেই জা হয়। আৰু উপভোক্তা বুলিলে যিয়ে সামগ্ৰী ক্ৰয় কৰে তাকেই বুজা যায়।

(খ) ‘হাট’ আৰু ‘বজাৰ’ৰ মাজত পার্থক্য কি?
উত্তৰঃ হাট আৰু বজাৰৰ মাজত পাৰ্থক্য় হৈছে- হাট হৈছে অস্থায়ী বজাৰ আনহাতে বজাৰ হৈছে স্থায়ী বজাৰ।

(গ) খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পার্থক্য কি?
উত্তৰঃ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পাৰ্থক্য় হৈছে-
খুচুৰা বজাৰত উপভোক্তাই যিকোনো বস্তু কম কমকৈ কিনিব পাৰে। আনহাতে পাইকাৰী বজাৰত খুচুৰা ব্য়ৱসায়ীয়ে যিকোনো বস্তু সৰহকৈ কম দৰতে কিনিব পাৰে।

(ঘ) শীতল ভঁৰাল খেতিয়কসকলৰ কি কামত আহে?
উত্তৰঃ শীতল ভঁৰালত খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰী ৰাখি বহুদিনলৈ সতেজ কৰি থ’ব পাৰে।

(ঙ) হাট-বজাৰৰ মূল উদ্দেশ্য কি?
উত্তৰঃ গ্ৰাম্য় অঞ্চলত সামগ্ৰীৰ যোগান ধৰাই হৈছে হাট-বজাৰৰ মূল উদ্দেশ্য়।

(চ) বিনিময় প্রথা কি?
উত্তৰঃ এবিধ বস্তুৰ সলনি আন এবিধ বস্তু দিয়াই হৈছে বিনিময় প্ৰথা।

(ছ) খেতিয়কসকলে শাক-পাচলি আৰু ফল-মূল বেছি দিনলৈ ৰাখি থ’ব নােৱাৰে কিয়?
উত্তৰঃ শাক-পাচলি আৰু ফল-মূল অতি সোনকালেই নষ্ট হৈ যায়, সেয়েহে খেতিয়কসকলে ইয়াক বেছি দিনলৈ ৰাখিব নোৱাৰা।

(জ) হাটখােলা কাক বােলে?
উত্তৰঃ হাট বহা ঠাই টুকুৰাক হাটখোলা বোলা হয়।

(ঝ) বেপাৰী আৰু গ্ৰাহকৰ মাজৰ সম্পর্ক কি?
উত্তৰঃ বেপাৰী আৰু গ্ৰাহকৰ সম্পৰ্ক হৈছে কিনা-বেচাৰ সম্পৰ্ক।

(ঞ) স্থায়ী বজাৰ কেইপ্ৰকাৰৰ?
উত্তৰঃ স্থায়ী বজাৰ দুই প্ৰকাৰৰ।

২। খালী ঠাই পূৰণ কৰা-
(ক) হাট হ’ল একপ্রকাৰৰ অস্থায়ী বজাৰ।
(খ) বজাৰ হ’ল বেচা-কিনাৰ প্ৰাথমিক কেন্দ্র।
(গ) বেচোঁতাসকলে হাটখােলা সমিতি বা বজাৰ সমিতিক কৰ আদায় দিব লাগে।
(ঘ) হাট বহা বাৰটো নিৰ্দিষ্ট।
(ঙ) পাইকাৰী ব্যৱসায়ীসকলে উৎপাদকসকলৰপৰা সৰহীয়াকৈ বস্তু কিনি লয় আৰু সেই বস্তুবােৰ গুদামত ৰাখে।

৩। পষেকীয়া হাট, সাপ্তাহিক হাট আৰু অর্ধ-সাপ্তাহিক হাট কাক বােলে?
উত্তৰঃ যি হাট পষেক, সপ্তাহ বা দুই-তিনিদিনৰ মূৰে মূৰে বহে তেনে হাটকে পষেকীয়া হাট, সাপ্তাহিক হাট বা অৰ্ধ-সাপ্তাহিক হায় বোলে।

৪। শ্বপিং মল সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ শ্বপিং মল হৈছে ব্য়ৱসায়ীসকলে দিয়া ডাঙৰ দোকান। এই দোকানত অত্য়াধুনিক সা-সুবিধা থাকে আৰু একেখন দোকানতে বহুতো লাগতিয়াল বস্তু, বিলাসী সামগ্ৰী আদি কিনিবলৈ পোৱা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top