SVN Class 5 Social Science Chapter 11 Answer 2026 | স্থানীয় শাসন প্ৰণালী । Lesson 11 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সামজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১১
স্থানীয় শাসন প্ৰণালী

১। চমু উত্তৰ দিয়া-
(ক) আমাৰ স্থানীয় শাসন পদ্ধতিৰ তিনিটা উদাহৰণ দিয়া ।
উত্তৰঃ স্থানীয় শাসন পদ্ধতিৰ তিনিটা উদাহৰণ হৈছে- পৌৰ-নিগম, পৌৰ সভা আৰু নগৰ-সমিতি।

(খ) স্থানীয় শাসন গণতান্ত্রিক হয়নে? কাৰণ দর্শোৱা।
উত্তৰঃ স্থানীয় শাসন ব্য়ৱস্থা গণতান্ত্ৰিক।
স্থানীয় শাসন ব্য়ৱস্থা হৈছে এলেকাটোৰ প্ৰাপ্তবয়ষ্ক নাগৰিকসকলৰ মতদানৰ জৰিয়তে নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা চলোৱা শাসন।

(গ) গাঁও পঞ্চায়তত এখন বা তাতকৈ বেছি গাঁও অন্তর্ভুক্ত হ’ব পাৰে, তাৰ কাৰণ কি?
উত্তৰঃ গাওঁ পঞ্চায়তত এখন বা তাতকৈ বেছি গাওঁ অন্তৰ্ভুক্ত হ’ব পাৰে।
যদি ওচৰা ওচৰিকৈ থকা দুখন গাওঁৰ জনসংখ্য়াৰ সমষ্টি ১০০০০তকৈ কম হয়, তেতিয়া গাওঁ পঞ্চায়তত একন বা তাতকৈ অধিক গাওঁ অন্তৰভুক্ত হ’ব।

(ঘ) গাঁও পঞ্চায়ত এখনৰ জনসংখ্যা যিমান, মতদাতাৰ সংখ্যা তাতকৈ কম হয় কিয়?
উত্তৰঃ যিহেতু প্ৰাপ্তবয়ষ্ক লোকেহে মতদান কৰিব পাৰে, সেয়েহে গাওঁ পঞ্চায়তৰ জনসংখ্য়াৰ তুলনাত মতদাতাৰ সংখ্য়া কম।

(ঙ) গাঁও পঞ্চায়তৰ সভাপতিকে ধৰি মুঠ সদস্য সংখ্যা কিমান?
উত্তৰঃ গাওঁ পঞ্চায়তৰ সভাপতিকে ধৰি মুঠ সদস্য়ৰ সংখ্য়া ১১ জন।

(চ) প্রাপ্তবয়স্কৰ ভােটাধিকাৰ কি?
উত্তৰঃ ১৮ বছৰ পূৰ হোৱা সকলো লোকে ভোটদানৰ অধিকাৰ লাভ কৰে। এনে অধিকাৰকে প্ৰাপ্তবয়ষ্কৰ ভোটাধিকাৰ বোলা হয়।

২। উন্নয়নৰ বাবে গাঁও পঞ্চায়তে কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে, তাৰে পাঁচটাৰ নাম লিখা।
উত্তৰঃ উন্নয়নৰ বাবে চৰকাৰে নলা-নৰ্দমা আৰু বাট-পথৰ নিৰ্মাণ তথা মেৰামতি; খোৱা-পানীৰ যোগান; বিজুলী যোগানৰ ব্য়ৱস্থা; হাট-বজাৰৰ পৰিচালনা; সুলভ মূল্য়ৰ দোকান ব্য়ৱস্থা; বিল-খাল আদি জলাশয়ৰ সংৰক্ষণ; প্ৰাথমিক শিক্ষা, প্ৰাপ্তবয়ষ্ক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ বিকাশ; স্বস্থ্য় ৰক্ষা, পৰিয়াল কল্য়াণ, শিশু আৰু মহিলাৰ বিকাশ; গাঁও অঞ্চলৰ গৃহ নিৰ্মাণ; কৃষি ব্য়ৱস্থাৰ উন্নতি; প্ৰাকৃতিক দুৰ্যোগত সাহাৰ্য্য়; সামাজিক উন্নয়ন; সামাজিক কাম-কাজৰ বাবে স্বেচ্ছাসেৱী গোটৰ গঠন।

৩। কোনে গাঁও পঞ্চায়তলৈ পুঁজি যােগান ধৰে? এই পুঁজি কেনেকৈ খৰচ কৰা হয়?
উত্তৰঃ চৰকাৰে গাঁও পঞ্চায়তক পুঁজিৰ যোগান ধৰে।
চৰকাৰৰ অনুমোদন ক্ৰমে লাভ কৰা পুঁজি ক’ত, কেনেকৈ খৰচ কৰা হ’ব, সেই বিষয়ে চূড়ান্ত সিদ্ধান্ত লয় গাঁও পঞ্চায়তে।

৪। থূল মানে কি বুজা? গাঁও সভাৰ বৈঠকৰ বাবে কিমান থূল লাগে?
উত্তৰঃ এখন গাঁওসভাত উপস্থিত থাকিব লগীয়া নিৰ্দিষ্ট ব্য়ক্তিৰ পৰিমাণক থূল বুলি কোৱা হয়।
এই থূলত ১০০ জন বা মুঠ সদস্য়ৰ এক দশমাংশ উপস্থিত থাকিব লাগে।

৫। গাঁও সভাৰ বৈঠকত থূল নহ’লে কি কৰা হয়?
উত্তৰঃ গাঁওসভাৰ বৈঠকত থূল নহ’লে ৩০ মিনিট সময় অপেক্ষা কৰা হয়, তেতিয়াও থূল নহ’লে বৈঠক স্থগিত ৰাখি ৭ দিনৰ ভিতৰত আন এদিনাখন বৈঠকখন অনুষ্ঠিত কৰা হয়।

৬। খালী ঠাই পূৰণ কৰা-
(ক) গাঁও পঞ্চায়তৰ সচিব আৰু কাৰ্যালয়ৰ সহায়কক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে।

(খ) পঞ্চায়তীৰাজ ব্যৱস্থাত গাঁও পঞ্চায়ত হ’ল আটাইতকৈ সৰু আৰু গুৰুত্বপূৰ্ণ গোট ।

(গ) গাঁও সভাৰ বৈঠক পঞ্চায়তৰ সভাপতিয়ে পৰিচালনা কৰে ।

(ঘ) গাঁও পঞ্চায়তৰ কাৰ্যকাল পাঁচ বছৰ।

(ঙ) গাঁও পঞ্চায়তৰ এক তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষিত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top