Might Learn Logo Might Learn

SVN Class 5 Social Science Chapter 13 Answer 2026 | ভূগোল অধ্যয়ন । Lesson 13 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুল সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ ভূগোল অধ্যয়ন পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ

পাঠ ১৩
ভূগোল অধ্যয়ন

১। চমুকৈ উত্তৰ লিখা-
(ক) ভূচিত্ৰাৱলীত কি থাকে?
উত্তৰঃ ভূচিত্ৰাৱলীত চেশ-বিদেশ, ৰাজ্য়, জিলা আদিৰ মানচিত্ৰ স্পষ্টকৈ দেখুওৱা থাকে।

(খ) মানচিত্ৰ বুলিলে কি বুজা?
উত্তৰঃ সহজভাষাত মান অনুসৰি অঁকা চিত্ৰকে মানচিত্ৰ বোলে।

(গ) প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল কাক বোলে?
উত্তৰঃ যি ভূগোলত বায়ুমণ্ডল, আকাশ, দিশ, স্থান, সময়, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, নদ-নদী আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন কথা আলোচনা কৰা হয়, সিয়ে প্ৰাকৃতিক ভূগোল।
যি ভূগোলত মানুহৰ বাসস্থান আৰু মাননুহ বসবাস কৰাৰ ফলত দেখা দিয়া পৰিবৰ্তনবোৰৰ কথা থাকে, সেই ভূগোলক মানৱ ভূগোল বোলা হয়।

(ঘ) প্ৰাকৃতিক মানচিত্ৰ কি?
উত্তৰঃ যি মানচিত্ৰত মাথোন নদ-নদী,ন পৰ্বত-পাহাৰ, হ্ৰদ, মৰুভূমি আদি দেখুওৱা হয়, সেই মানচিত্ৰই হৈছে- প্ৰাকৃতিক মানচিত্ৰ।

(ঙ) নক্সা আৰু মানচিত্ৰৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰঃ নক্সা আৰু মানচিত্ৰৰ মাজত পাৰ্থক্য় হৈছে-
নক্সাত জোখ-মাপৰ ব্য়ৱহাৰ বাধ্য়তামূলক। আনহাতে মানচিত্ৰত জোখ-মাপৰ ব্য়ৱহাৰ বাধ্য়তামূলক নহয়।

২। ভূগোলৰ জ্ঞান আয়ত্ত নকৰিলে ভাল নাগৰিক হ’ব নোৱাৰি বুলি কিয় কোৱা হৈছে?
উত্তৰঃ ভূগোল বিষয়টো অধ্য়য়নৰ মূল উদ্দেশ্য় হৈছে মানুহে বিভিন্ন পৰিৱেশত কিদৰে জীৱন-নিৰ্বাহ কৰিছে আৰু আমাৰ পৃথিৱীখনতনো কি কি আছে, পৃথিৱীত ঘটি থকা ঘটনাবোৰ কি আৰু সেইবোৰ ঘটাৰ কাৰণ কি, সেইবোৰৰ সেইবোৰৰ বিষয়ে জ্ঞান আহৰণ কৰা। পৃথিৱীৰ গঠন আৰু ইয়াত ঘটি থকা বিভিন্ন প্ৰাকৃতিক পৰিঘটনাবোৰৰ বিষয়ে জনাৰ উপৰি সেইবোৰৰ সৈতে মানুহৰ সম্বন্ধৰ কথা ভূগোলত অধ্য়য়ন কৰা হয়। ভূগোলৰ জ্ঞান নাথাকিলে এখন দেশৰ এজন ভাল নাগৰিক হ’ব নোৱাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects