SVN Class 5 Social Science Chapter 14 Answer 2026 | ভৌগোলিক সংজ্ঞা । Lesson 14 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১৪
ভৌগোলিক সংজ্ঞা

১। সংজ্ঞা লিখা– হিমবাহ, হিমশিলা, প্রৱাল দ্বীপ, পশ্চাৎভূমি, ভূমিকম্প, আগ্নেয়গিৰি।
উত্তৰঃ হিমবাহঃ অতি ওখ পৰ্বতৰ ঠায়ে ঠায়ে পৰ্বতৰ গাৰে ধীৰে ধীৰে গলিত বৰফ নামি অহাকে হিমবাহ বোলা হয়।

২। জোৱাৰ-ভাটা কাক বােলে? কিহৰ বাবে জোৱাৰ-ভাটা হয়? ই কেইপ্ৰকাৰৰ?
উত্তৰঃ সাগৰৰ পানী উঠা-নমা কৰাকে জোৱাৰ-ভাটা বোলে।
মধ্য়াকৰ্ষণ শক্তিৰ প্ৰভাৱত জোৱাৰ-ভাটা হয়।
ই দুই প্ৰকাৰৰ- উঠা জোৱাৰ আৰু নাটনি জোৱাৰ।

৩। ভূমিকম্প জোখা স্কেলৰ নাম কি? ইয়াক কোনে উদ্ভাৱন কৰিছিল?
উত্তৰঃ ভূমিকম্প জোখা স্কেলৰ নাম হৈছে- ভূকম্পলেখ। ইয়াক ৰিখটাৰ নামৰ ভূবিজ্ঞানী এগৰাকীয়ে উদ্ভাৱন কৰিছিল।

৪। প্ৰৱাল দ্বীপ কেনেদৰে সৃষ্টি হয়? ভাৰত মহাসাগৰত থকা প্রবাল দ্বীপ এটাৰ নাম লিখা।
উত্তৰঃ প্ৰবাল নামৰ সাগৰৰ তলত থকা এবিধ পোক মৰি স্তূপীকৃ হৈ আন কিছুমান পদাৰ্থৰ লগ লাগে আৰু সাগৰত দ্বীপৰ সৃষ্টি হয়।
ভাৰত মহাসাগৰত থকা এটা প্ৰবাল দ্বীপৰ নাম হৈছে- লাক্ষা দীপ।

৫। ছুনামিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সাগৰৰ তলিত ভূমিকম্প হ’লে সাগৰৰ ঢৌৱে প্ৰলয়ংকৰী ৰূপ লয়। তেতিয়া উপকূল অঞ্চলৰ ঘৰ-বাৰী বুৰাই পেলায়। এয়াই হৈছে ছুনামি।

৬। খালী ঠাই পূৰ কৰা-
(ক) পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম গ্ৰীণলেণ্ড।
(খ) পৃথিৱীৰ বৃহত্তম ব-দ্বীপটোৰ নাম সুন্দৰবন।
(গ) উলাৰ হ’ল ভাৰতৰ আটাইতকৈ ডাঙৰ হ্রদ।
(ঘ) চাহাৰা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি।
(ঙ) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জলপ্রপাতটো হ’ল এঞ্জেল জলপ্ৰপাত।
(চ) সাধাৰণতে ৬.০ ৰিখটাৰ বা তাতােকৈ বেছি প্রাবল্যৰ ভূঁইকঁপ হলে ক্ষয়ক্ষতিৰ সম্ভাবনা অধিক থাকে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top