SVN Class 5 Social Science Chapter 16 Answer 2026 | পৃথিৱীৰ কথা । Lesson 16 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১৬
পৃথিৱীৰ কথা

১। সূর্যগ্রহণ কাক বােলে? ই কেনেকৈ হয় লিখা।
উত্তৰঃ কেতিয়াবা দিনতে সূৰ্যটো আংশিকভাৱে বা সম্পূৰ্ণৰূপে কিহবাই ঢাকি পেলায়। ফলত অলপ সময়ৰ বাবে সূৰ্যটো ম্লান হৈ পৰে বা নেদেখা হয়। ইয়াকে সূৰ্যগ্ৰহণ বোলা হয়।
কিহবাই সূৰ্যটো সম্পূৰ্ণৰূপে বা আংশিকভাৱে ঢাকি পেলোৱাৰ ফলত ই হয়।

২। চন্দ্রগ্রহণ কাক বােলে? ই কেনেকৈ হয় লিখা।
উত্তৰঃ কেতিয়াবা জোনটো আংশিকভাৱে বা সম্পূৰ্ণভাৱে কিহবাই ঢাকি পেলায়। ফলত অলপ সময়ৰ বাবে জোনটো ম্লান পৰে। ইয়াকে চন্দ্ৰগেৰহণ বোলে।
কিহবাই জোনটো ঢাকি পেলোৱাৰ ফলত ই হয়।

৩। চমুকৈ উত্তৰ দিয়া-
(ক) সূর্যগ্রহণ খালী চকুৰে কিয় চাব নােৱাৰি?
উত্তৰঃ সূৰ্যগ্ৰহণ খালী চকুৰে চালে চকুৰ অপূৰণীয় ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে সূৰ্যগ্ৰহণ খালী চকুৰে চাব নোৱাৰি।

(খ) পৃথিৱীৰপৰা চন্দ্ৰটোৰ এটা ফালহে সদায় দেখা যায় কিয়?
উত্তৰঃ চন্দ্ৰ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। চন্দ্ৰই পৃথিৱীক পদক্ষিণ কৰি থাকে। সেয়েহে পৃথিৱীৰ পৰা সদায় চন্দ্ৰৰ সন্মুখৰ ফালটোহে দেখা পোৱা যায়। ইয়াৰ পিছফালটো দেখা পোৱা নাযায়।

৪। চমুটোকা লিখা—
(ক) জিঅ’ইড (খ) মেৰুদণ্ড (গ) দ্রাঘিমা ৰেখা (ঘ) অক্ষ ৰেখা (ঙ) উত্তৰ গােলার্ধ (চ) দক্ষিণ গােলার্ধ (ছ) কর্কট ক্রান্তি (জ) মকৰকান্তি (ঝ) সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত
উত্তৰঃ
জিঅ’ইডঃ জিঅ’ইড(GEOID) ৰ অৰ্থ হৈছে- পৃথিৱীসদৃশ। পৃথিৱীৰ আকৃতি সম্পূৰ্ণ গোলাকাৰ নহয়। পৃথিৱীৰ বিশেষ আকৃতিটোক বুজাবলৈ বিজ্ঞানীসকলে এই শব্দটো ব্য়ৱহাৰ কৰে।

মেৰুদণ্ডঃ পৃথিৱীৰ সোমাজেদি উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰি যি দণ্ড কল্পনা কৰা হৈছে সেই দণ্ডকে মেৰুদণ্ড বোলা হয়।

দ্ৰাঘিমা ৰেখাঃ পৃতিৱীৰ উপৰিভাগেৰে উত্তৰ আৰু দক্ষিণ মেৰু লগ লগাই কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলা হয়।

অক্ষৰেখাঃ বিষুৱ ৰেখাৰ উত্তৰ ফালে অৰ্থাৎ উত্তৰ গোলাৰ্ধত ৯০ ডাল আৰু দক্ষিণৰ ফালে অৰ্থাৎ দক্ষিণ গোলাৰ্ধত ৯০ ডাল ৰেখা কল্পনা কৰা হৈছে। এইবোৰেই হৈছে অক্ষৰেখা। অক্ষৰেখাবোৰ সমান্তৰাল আৰু বৃত্তাকাৰ।

উত্তৰ গোলাৰ্ধঃ বিষুৱ ৰেখাই পৃথিৱীখনৰ উপৰিভাগক দুটা ভাগত বিভক্ত কৰে। বিষুৱ ৰেখাৰ উত্তৰ মেৰুৰ ফালে থকা অংশটোক উত্তৰ গোলাৰ্ধ বোলা হয়।

দক্ষিণ গোলাৰ্ধঃ বিষুৱ ৰেখাই পৃথিৱীখনৰ উপৰিভাগক দুটা ভাগত বিভক্ত কৰে। বিষুৱ ৰেখাৰ দক্ষিণ মেৰুৰ ফালে থকা অংশটোক দক্ষিণ গোলাৰ্ধ বোলা হয়।

কৰ্কট ক্ৰান্তিঃ ২৩.৫° উত্তৰ অক্ষৰেখাক কৰ্কট ক্ৰান্তি ৰেখা বোলা হয়। এই ৰেখা হৈছে পৃথিৱীৰ উত্তৰ মেৰুত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰাৰ সীমাৰেখা। কৰ্কটক্ৰানতিৰ বাহিৰত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰে।

মকৰক্ৰান্তিঃ ২৩.৫° দক্ষিণ অক্ষৰেখাই হৈছে মকৰক্ৰান্তি ৰেখা। এই ৰেখা হৈছে পৃথিৱীৰ দক্ষিণ মেৰুত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰাৰ সীমাৰেখা। মকৰক্ৰান্তিৰ বাহিৰত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ নপৰে।

সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তঃ ৬৬.৫° উত্তৰ আৰু ৬৬.৫° দক্ষিণ অক্ষৰেখাক যথাক্ৰমে সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত বোলা হয়।

৫। খালী ঠাই পূৰণ কৰা—
(ক) দ্রাঘিমা ৰেখাৰ মুঠ সংখ্যা ৩৬০।
(খ) অক্ষ ৰেখাৰ মুঠ সংখ্যা ১৮১।
(গ) প্রত্যেকডাল দ্রাঘিমাই তাৰ বিপৰীত দিশৰ দ্রাঘিমাৰ সৈতে গুৰু বৃত্ত ৰ সৃষ্টি কৰে।
(ঘ) মেৰুদণ্ড আৰু বিষুৱীয় ব্য়াস এ কটাকটি ৰখা স্থানেই হ’ল পৃথিৱীৰ কেন্দ্র।
(ঙ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন – ৰাতি হয়।
(চ) বাৰ্ষিক গতিৰ ফলত পৃথিৱীত ঋতু পৰিৱর্তন হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top