SVN Class 5 Social Science Chapter 19 Answer 2026 | গাঁৱৰ ভূগোলঃ নগৰৰ ভূগোল । Lesson 19 | Class 5 Social Science Question And Answer Sankardev School | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান পঞ্চম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ |

পাঠ ১৯
গাঁৱৰ ভূগোলঃ নগৰৰ ভূগোল

১। নগৰ আৰু গাঁৱৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজত তিনিটা পাৰ্থক্য় হৈছে-
(১)গাঁৱত জনবসতি সেৰেঙা। আনহাতে নগৰত জনবসতি ঘন।
(২)গাঁৱৰ মানুহবোৰ সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে নগৰৰ মানুহবোৰ সাধাৰণতে চাকৰি, ব্য়ৱসায়-বাণিজ্য় আদিৰ ওপৰত নিৰ্ভৰশীল।
(৩) গাঁৱৰ আলি-পদূলিবোৰ সাধাৰণতে কেঁচা। আনহাতে নগৰৰ ৰাস্তাবোৰ সাধাৰণতে পকী।

২। বহুতো লোকে গাঁৱত থকাটো বেছি পছন্দ কৰে কিয়?
উত্তৰঃ নগৰতকৈ গাঁৱৰ পৰিৱেশ ভাল। গাঁৱত প্ৰদূষণৰ মাত্ৰা কম। গাঁৱত সতেজ শাক-পাচলি, ফল-মূল পোৱা যায়। ক’বলৈ গ’লে স্বাস্থ্য়ৰক্ষাৰ দিশৰ পৰা গাঁৱৰ পৰিৱেশ অধিক উপযোগী। তদুপৰি কেতবোৰ গাঁৱত চৰকাৰী চিকিৎসালয়, আৰক্ষী থানা, ডাকঘৰ, বেংক আদিৰো ব্য়ৱস্থা আছে।

৩। তুমি এখন নগৰ বা গাঁৱৰ ভূগোল বৰ্ণনা কৰা। (পাঠত দিয়া আৰ্হিলৈ মন কৰিবা। সকলো গাওঁ বা নগৰৰ নামৰ উৎস জনাটো সম্ভৱ নহ’ব পাৰে। প্ৰয়োজন অনুসৰি কোনো বিন্দু বাদ দিব পৰা যায় বা নতুন বিন্দু যোগ দিব পৰা যায়।)
উত্তৰঃ গাঁওখনৰ নাম হৈছে- বৰঙাবাৰী।
নামৰ উৎপত্তিঃ এই গাঁওখনত পূৰ্বতে বহুত বিৰিণা গছ আছিল। এই বিৰিণা গছৰ নামৰ পৰাই পিছলৈ গাঁওখনৰ নামো বৰঙাবাৰী হয় বুলি জনা যায়।
অৱস্থানঃ অসমৰ মৰিগাঁও জিলাত এই গাঁও অৱস্থিত। এই গাঁৱৰ পূবে ভূৰবন্ধা, পশ্চিমে আলিচিঙা, উত্তৰে কোমোৰাগুৰি আৰু দক্ষিণে মৰিগাঁও অৱস্থিত। এই গাঁও মৰিগাঁও সদৰ ঠাইৰ পৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত।
যোগাযোগঃ এই গাঁৱত নিয়মীয়াকৈ যান-বাহন চলে।
চুবুৰিৰ সংখ্য়াঃ প্ৰায় ১২টা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top