Might Learn Logo Might Learn Might Learn Shop

SVN Class 5 Social Science Chapter 2 Answer ইতিহাসৰ অধ্যয়ন

১। ইতিহাস আৰু বুৰঞ্জী শব্দৰ অৰ্থ কি?

উত্তৰঃ ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য় ধাৰাবাহিক বিৱৰণী। আৰু বুৰঞ্জী হৈছে ৰজা-মহাৰজাৰ ঘৰৰ সত্য় ঘটনাৰ বিৱৰণী।

২। ইতিহাস পঢ়িলে কি কি লাভ হয়?

উত্তৰঃ আমাৰ বৰৰ্তমানৰ অৱস্থাটোৰ ৰেহ-ৰূপ সম্পূৰ্ণকৈ বুজিবলৈ ইতিহাস জনাটো আৱশ্য়ক। পুৰণিকালৰ ঘটনাবোৰৰ মাজতে শিকিবলগীয়া বহুতো কথা আছে। অতীতত মানুহে লাভ কৰা জ্ঞান-বিজ্ঞানৰ কথাবোৰ আমি ইতিহাসত পাওঁ। বিশ্বৰ বিভিন্ন দেশৰ ইতিহাসৰ বিষয়ে অধ্য়য়ন কৰি বিভিন্ন ধৰণে উপকৃত হ’ব পাৰি।

৩। ইতিহাসৰ সমল বুলিলে কি বুজা? কেইবিধমান সমলৰ নাম লিখা।

উত্তৰঃ ইতিহাসবিদসকলে পুৰণি সভ্য়তাৰ বিষয়ে যিবোৰ তথ্য় আৰু প্ৰমাণ লাভ কৰে তাকে ইতিহাসৰ সমল বোলা হয়।

কেইবিধমান সমলৰ নাম হৈছে- ধ্বংস হৈ যোৱা প্ৰাচীন নগৰৰ অৱশেষ, প্ৰাক ঐতিহাসিক যুগত মানুহে ব্য়ৱহাৰ কৰা পাত্ৰ আৰু চিকাৰৰ আহিলাবোৰ, প্ৰাচীন গুহাত আৱিষ্কাৰ হোৱা ছবি আৰু চিহ্নবোৰ, লিখিত সাহিত্য়, খনন কাৰ্যত উদ্ধাৰ হোৱা প্ৰাচীন মুদ্ৰা, ধাতু বা মাটিৰ পাত্ৰ, শস্য়ৰ ভঁৰাল আদি।

৪। সাধুকথাবোৰ ইতিহাস হয়নে? কাৰণ দৰ্শোৱা।

উত্তৰঃ ইতিহাস হৈছে অচতীতত ঘটা প্ৰকৃত ঘটনাৰ বিৱৰণী। আনহাতে সাধুকথা হৈছে কোনো ধৰণৰ সত্য়তা নথকা ইচ্ছকৃতভাৱে সাজি উলিওৱা কাহিনী।

৫। অতীতৰ কথাবোৰ জানিব খুজিলে আমাৰ মনত কোনবোৰ প্ৰশ্ন সততে উদয় হয়?

উত্তৰঃ অতীতৰ কথাবােৰ জানিব খুজিলে আমাৰ মনত সততে উদয় হোৱা প্ৰশ্নবোৰ হৈছে- অতীতৰ কথা মানে কিমান অতীতৰ? অতীতৰ সীমাৰেখা আছে জানো? পৃথিৱীত মানুহ আৰু জীৱ-জন্তুৰ সৃষ্টি কেতিয়া হৈছিলল? পৃথিৱীত মানুহ আৰু জীৱ-জন্তু সৃষ্টি হোৱাৰ আগতেনো পৃথিৱীখন কেনেকুৱা আছিল? সেই সময়ৰ পৃথিৱীত বাৰু কি কি আছিল? ইত্য়াদি।

৬। শিলালিপি আৰু তাম্ৰলিপি কাক বোলে? এইবোৰ আমাৰ কি কামত আহে?

উত্তৰঃ ৰজা-মহাৰজাসকলে বহুতো কথা শিলৰ পাতত আৰু তামৰ ফলিত লিখিছিল। এই শিলৰ আৰু তামৰ লিখনিয়ে হৈছে ক্ৰমে শিলালিপি আৰু তাম্ৰলিপি।

    এইসমূহৰ পৰা আমি ভালেমান ঐতিহাসিক কথা জানিব পাৰোঁ।

৭। ভুল নে শুদ্ধ লিখা।

ক) ৰঞ্জ শব্দৰ অৰ্থ হৈছে ৰং।

উত্তৰঃ ভুল।

খ) ইতিহাস আৰু বুৰঞ্জী শব্দ দুটা অৰ্থত ব্য়ৱহাৰ কৰা হয়।

উত্তৰঃ ভুল।

গ) তামৰ ফলিত লিখা কথাখিনিক তাম্ৰলিপি বোলা হয়।

উত্তৰঃ শুদ্ধ।

ঘ) মানুহে লিখাৰ কৌশল আয়ত্ত কৰিছিল প্ৰায় দুইহাজাৰ বছৰ আগতে।

উত্তৰঃ ভুল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects