Might Learn Logo Might Learn Shop Might Learn

SVN Class 5 Social Science Chapter 3 Answer আদিম মানৱ আৰু সভ্যতাৰ বিকাশ

১। চমু উত্তৰ দিয়াঃ

ক) কোন চাৰিবিধ প্ৰাণীক বনমানুহ বোলা হয়?

উত্তৰঃ গৰিলা, চিম্পাঞ্জী, গিবন আৰু ওৰাং – এই চাৰিবিধ জন্তুক বনমানুহ বুলি কোৱা হয়।

খ) আদিম মানৱৰ মূল সমস্য়া কি কি আছিল?

উত্তৰঃ আদিম মানৱৰ মূল সমস্যা আছিল খোৱাৰ সমস্য়া, কাপোৰৰ সমস্য়া আৰু বসবাসৰ ঠাইৰ সমস্য়া।

গ) পৃথিৱীৰ উপৰিভাগ চেঁচা হোৱাৰ ফলত কি পৰিৱৰ্তন ঘটিছে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত নানান পৰিবৰ্তন ঘটিছে। কেইবা নিযুত বছৰৰ ব্য়ৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফেৰে ঢাকি পেলোৱাৰ দৰে ঘটনা হৈছে। বৰফেৰে ঢাকি পেলোৱাৰ ফলত গছ-বিৰিখ মৰি যায়, প্ৰণীবোৰ নিৰাপদ ঠাই বিচাৰি পলাই যায় আৰু পলাই যাব নোৱাৰা প্ৰাণীবোৰ মৃত্য়ুমুখত পৰে।

ঘ) আদিম যুগৰ মানুহে কি কি খাই জীৱন ধাৰণ কৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে ফল-মূল, কেঁচা মাংস, আলু, কচু, শামুক, কেঁকোৰা আদি খাই জীৱণ নিৰ্বাহ কৰিছিল।

২। জুইৰ আৱিষ্কাৰেই মানৱ সভ্য়তাৰ আৰম্ভণি বুলি কিয় কোৱা হয়?

উত্তৰঃ জ্বলন্ত আগ্নেয়গিৰি আদিম মানৱে দেখিছিল। ফিৰিঙতিয়ে শকান গছ-পাতত জুই লগোৱাৰ দৃশ্য়টোৱে তেওঁলোকক জুই ধৰিবলৈ শিকালে। জুই ধৰা কৌশলটো আয়ত্ব কৰাৰ পাছৰে পৰা আদিম মানৱৰ জীৱন-যাত্ৰা ভালেখিনি উন্নত হৈছিল। ন ন কামত তেওঁলোকে জুইৰ ব্য়ৱহাৰ কৰিবলৈ শিকিলে। জুইৰ আৱিষ্কাৰে আদিম মানৱক তিনি প্ৰকাৰে সহায় কৰিলে- (i) জুইৰ ভয় দেখুৱাই তেওঁলোকে হিংস্ৰ জীৱ-জন্তুক খেদিব পৰা হ’ল (ii) জুইৰ তাপ লৈ তেওঁলোকে প্ৰচণ্ড শীতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা হ’ল (iii) জন্তুৰ মঙহ সেকি বা পুৰি খাবলৈ শিকিলে।

৩। আদিম মানৱে জুইৰ সহায়ত কি কি কৰিছিল?

উত্তৰঃ আদিম মানৱে জুইৰ সহায়ত বহুতো কাম কৰিবলৈ শিকিলে। যেনে- (i) জুইৰ ভয় দেখুৱাই তেওঁলোকে হিংস্ৰ জীৱ-জন্তুক খেদিব পৰা হ’ল, (ii) জুইৰ তাপ লৈ তেওঁলোকে প্ৰচণ্ড শীতৰ পৰা নিজকে ৰক্ষা কৰিব পৰা হ’ল, (iii) জন্তুৰ মঙহ সেকি বা পুৰি খাবলৈ শিকিলে।

৪। আধুনিক কালত জুয়ে মানুহক কি ধৰণে সহায় কৰে লিখা।

উত্তৰঃ আধুনিক কালতো মানুহে জীৱ-জন্তু খেদিবলৈ জুইৰ সহায় লয়। হাবিৰ পৰা বসতিপূৰ্ণ অঞ্চললৈ হাতী উলাই আহিলে মানুহে জুই লৈ হাতীক ভয় দেখুৱায়। প্ৰচণ্ড শীত পৰিলে জুই লৈ তাপ লওঁ। খাদ্য়-বস্তু ৰান্ধিবলৈ জুইৰ ব্য়ৱহাৰ কৰোঁ।

৫। আদিম মানৱে খহটা সঁজুলিৰ সলনি মিহি আৰু জোঙা সঁজুলি ব্য়ৱহাৰ কৰিছিল কিয়?

উত্তৰঃ খহটা সঁজুলিতকৈ মিহি আৰু জোঙা সঁজুলিৰে চিকাৰ কৰা সহজ হয়। সেয়ে আদিম মানৱে খহটা সঁজুলিৰ সলনি মিহি আৰু জোঙা সঁজুলি ব্য়ৱহাৰ কৰিছিল।

৬। আদিম মানৱে দল বান্ধি থকাটো সুবিধাজনক বুলি কিয় ভাবিছিল?

উত্তৰঃ হাবিৰ হিংস্ৰ জীৱ-জন্তু, বিষাক্ত সাপআদিৰ পৰা নিজকে বচাই ৰাখিবলৈ দল বান্ধি থকাটো সুবিধাজনক বুলি ভাবিছিল। আকৌ অকলশৰে জন্তু চিকাৰ কৰিবলৈ যোৱাটোও টান। দল বান্ধি থাকিলে চিকাৰ কৰিবলৈ সহজ হয়।

৭। আদিম মানৱ গুহাবাসী হোৱাৰ ফলত তেওঁলোকৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল?

উত্তৰঃ আদিম মানৱ গুহাবাসী হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ বহুতো পৰিবৰ্তন আহিল। তেওঁলোকক শত্ৰু বা হিংস্ৰ জন্তুৱে সহজে আক্ৰমণ কৰিব নোৱাৰা হ’ল। প্ৰচণ্ড শীতৰ পৰাও ৰক্ষা পাব পৰা হ’ল। আৰু একেটা গুহাতে থকাৰ বাবে তেওঁলোকৰ মাজত ভাবৰ আদান-প্ৰদান সহজ হৈ পৰিল। 

৮। স্থায়ীভাৱে বসতি কৰিবলৈ লোৱাত আদিম মানৱৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছিল?

উত্তৰঃ স্থায়ীভাবে বসতি কৰিবলৈ লোৱাত আদিম মানৱে খেতি কৰিবলৈ শিকিলে, গাওঁ পাতি বাস কৰিবলৈ ল’লে। তাৰোপৰি তেওঁলোকে চকাৰ আৱিষ্কাৰ কৰি তাৰ ব্য়ৱহাৰৰ বিষয়ে শিকিলে।

৯। আদিম মানৱে পশুপালন কৰিবলৈ শিকিলে কেনেকৈ?

উত্তৰঃ কিছুমানে চিকাৰলৈ গৈ জন্তুৰ পোৱালিবোৰ বধ নকৰি তাক লগত লৈ আহিছিল আৰু সেইবোৰ ডাঙৰ হ’বলৈ দিছিল। এনেদৰে আদিম মানৱে পশু পালন কৰিবলৈ শিকিলে।

১০। আদিম মানৱৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ লিখা?

উত্তৰঃ তেওঁলোকে লক্ষ্য় কৰছিল যে পেলনীয়া ফল আৰু গুটিবোৰৰ পৰা গছৰ পুলি হয়। পুলিবোৰ ডাঙৰ হয়, গছত গুটি হয় আৰু ফল লাগে। নদীৰ পাৰৰ কোমল মাটিত পুলিবোৰ লহপহকৈ বাঢ়ে সোইটোও তেওঁলোকে লক্ষ্য় কৰিছিল। এনে অভিজ্ঞতাৰ ভিত্তিত তেওঁলোকে ফলৰ বীজ সংগ্ৰহ কৰিবলৈ শিকিলে। প্পথম অৱস্থাত তেওঁলোকে গছৰ ডাল, জোঙা শিল, জন্তুৰ দাঁত, হাড় আদি ব্য়ৱহাৰ কৰি মাটি কোমল কৰি লৈছিল, পাছলৈ কাঠৰ নাঙলেৰে মাটি চাহ কৰি শস্য়ৰ বীজ সিঁচিবলৈ শিকিলে।

১১। চকাৰ আৱিস্কাৰে আদিম মানৱৰ জীৱন যাত্ৰাত কেনে পৰিৱৰ্তন আনিছিল?

উত্তৰঃ নৱপ্ৰস্তৰ যুগৰ মানুহৰ মহান আৱিষ্কাৰটো আছিল চকা। চকা লগাই গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ নিব পৰা হ’ল; চকা লগোৱা গাড়ী জন্তুৰে টনোৱা হ’ল। পূৰ্বতে মানুহে হাতেৰে মাটিৰ পাত্ৰ নিৰ্মাণ কৰিবলৈ শিকিছিল। চকাৰ আৱিষ্কাৰ হোৱাৰ পাছত মানুহে চাকত মাটিৰ পাত্ৰ সহজতে তৈয়াৰ কৰিব পৰা হ’ল।

১২। মানুহে নদীৰ পাৰত বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি?

উত্তৰঃ খেতি-বাতিৰ সুবিধাৰ বাবে নদীৰ ওচৰে-পাঁজৰে বসবাস কৰিবলৈ ল’লে। ফলত খেতি-বাতি কৰাটো সহজ হৈ পৰিল। 

১৩। গাঁৱৰ উৎপত্তি কেনেকৈ হ’ল, এটা থূলমূল ধাৰণা দিয়া?

উত্তৰঃ পশুপালন আৰু খেতি-বাতি কৰিবলৈ শিকাৰ পাছত আদিম মানৱৰ স্বভাৱৰ পৰিবৰ্তন হ’ল। অঘৰী জীৱন এৰি মানুহে স্থায়ীভবে বসতি কৰিবলৈ ল’লে। কেইবাটাও পৰিয়াল ওচৰা-ওচৰিকৈ থকাটো তেওঁলোকে সুবিধাজনক বুলি মানি লৈছিল। তেওঁলোকে ৰ’দ-বতাহ-বৰষুণ আদিৰ পৰা ৰক্ষা পাবলৈ গছৰ ডাল-পাত, খেৰ আদিৰে একো একোটা ঘৰ সাজি লৈছিল। এনেদৰেই একোটা অঞ্চলৰ বহুঘৰ মানুহ লগ লাগি  গাঁৱৰ উৎপতিতি হৈছিল।

১৪। ‘মানৱ সভ্যতাৰ ইতিহাসত ধাতুৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে’ – কথাষাৰ চমুকৈ বুজাই লিখা।

উত্তৰঃ যেতিয়া ধাতুৰ আৱিষ্কাৰ হ’ল তেতিয়া তাম আৰু টিন মিহলাই ব্ৰঞ্জ ধাতু তৈয়াৰ কৰিছিল। ধাতুৰ পৰাই মানুহে ঘৰ বনোৱা সা-সৰঞ্জাম, বাচন-বৰ্তন তৈয়াৰ কৰিছিল। যুদ্ধৰ বাবে আৰু আত্মৰক্ষাৰ বাবে ধাতুৰ অস্ত্ৰ-শস্ত্ৰ মানুহে ব্য়ৱহাৰ কৰে। উৎপাদন বৃদ্ধিৰ বাবে অনেক সা-সঁজুলি ধাতুৰ পৰা সাজি উলিওৱা হৈছিল। 

১৫। খালী ঠাই পূৰণ কৰা ঃ

(ক) এটা জ্বলন্ত বাষ্পপিণ্ড ৰূপে পৃথিৱীৰ জন্ম হৈছিল ।

(খ) আদিম মানৱসকল আমাৰ উপৰিপুৰুষ ।

(গ) লাখ লাখ বছৰৰ আগতে হিমালয় পৰ্বতৰ ঠাইত আছিল এখন বিশাল সাগৰ।

(ঘ) চিকাৰ কৰিবলৈ আদিম মানৱৰ হাতত একমাত্ৰ অস্ত্ৰ আ়ছিল শিল।

(ঙ) প্ৰায় দহহাজাৰ বছৰ আগতে আদি প্ৰস্তৰ যুগ আৰম্ভ হৈছিল।

(চ) প্ৰচীন প্ৰস্তৰ যুগত মানুহে অস্ত্ৰবোৰ শিলৰ ৰ পৰা তৈয়াৰ কৰি লৈছিল।

(ছ) মানুহে আৱিস্কাৰ কৰা প্ৰথম ধাতুটো আছিল তাম।

(জ) বস্তুৰ সলনা -সলনি কৰা পদ্ধতিটোক বিনিময় প্ৰথা বোলে।

(ঝ) আদিম মানৱৰ বাবে ছবি অঁকা ভাব প্ৰকাশৰ মাধ্যম হৈ পৰিছিল।

(ঞ) জুইৰ আৱিস্কাৰ হৈছিল আদি প্ৰস্তৰ যুগত ।

(ট) চকাৰ আৱিস্কাৰ হৈছিল নৱ প্ৰস্তৰ যুগত ।

১৬। তুষাৰ যুগ কাক বোলে?

উত্তৰঃ কেইবা নিযুত বছৰৰ ব্য়ৱধানত পৃথিৱীখনৰ উপৰিভাগৰ ভালেমান অংশ বৰফে ঢাকি পেলোৱাৰ ফলত গছ-বিৰিখ মৰি যায়, প্ৰাণীবোৰে নিৰাপদ ঠাই বিচাৰি পলাই যায় আৰু পলাইঈ যাব নোৱাৰা প্ৰাণীবোৰ মৃত্য়ুমুখত পৰে। এনে কালকে তুষাৰ যুগ বুলি কোৱা হয়।

১৭। তুষাৰ যুগে আদিম মানৱৰ জীৱনলৈ কি পৰিৱৰ্তন আনিলে চমুকৈ লিখা।

উত্তৰঃ তুষাৰ যুগে আদিম মানুহৰ জীৱনলৈ বহুতো পৰিবৰ্তন আনিলে-

(i) তুষাৰ যুগতে মানুহে দলে দলে গৰম ঠাই বিচাৰি এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ গৈছিল।

(ii) মানুহে খাদ্য় বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱা হ’ল। মানুহে হাবিত জীৱ-জন্তুৰ চিকাৰ কৰিছিল, হাবিয়ে-বননিয়ে পোৱা ফল-মূল খাইছিল।

(iii) লাহে লাহে আদিম মানৱে পশুপালন কৰিবলৈ শিকিলে।

১৮। নৱপ্ৰস্তৰ যুগত আধুনিক সভ্যতাৰ বীজ অংকুৰিত হৈছিল বুলি কিয় কোৱা হয়? পাঁচটা কাৰণ লিখা।

উত্তৰঃ নৱপ্ৰস্তৰ যুগত আধুনিক সভ্য়তাৰ বীজ অংকুৰিত হৈছিল। ইয়াৰ কাৰণ পাঁচটা হৈছে-

(i) আদি প্ৰস্তৰ যুগত হোৱা মহান আৱিষ্কাৰটো হৈছে- চকাৰ আৱিষ্কাৰ।

(ii) আদি প্ৰস্তৰ যুগতে উৎপাদন আৰু বিতৰণ ব্য়ৱস্থাৰো প্ৰবৰ্তন হ’ল।

(iii) এই যুগতে বিনিময় প্ৰথাৰো প্ৰবৰ্তন হোৱা দেখা যায়।

(iv) উৎপৱ পালন কৰা আৰু উৎসৱত নাচ-গান কৰাৰ অভ্য়াস নৱপ্ৰস্তৰ যুগতে গঢ়ি উঠিছিল।

(v) এই যুগত মানুহে ছবি আঁকিবলৈয়ো শিকিছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects