Might Learn Logo Might Learn

SVN Class 5 Social Science Chapter 7 Answer গৌতম বুদ্ধ আৰু মহাবীৰ

১। চমু উত্তৰ দিয়া—-

ক) গৌতম বুদ্ধৰ সৰুকালৰ নাম কি আছিল? তেওঁক গৌতম বোলা হৈছিল কিয়?

উত্তৰঃ গৌতম বুদ্ধৰ সৰুকালৰ নাম সিদ্ধাৰ্থ আছিল। তেওঁৰ মাক মায়াদেৱীৰ মৃত্য়ুৰ পিছত মাহীমাক গৌতমীয়ে তেওঁক ডাঙৰ-দীঘল কৰে। সেয়ে তেওঁক গৌতম বোলা হৈছিল।

খ) কি গছৰ তলত তপস্য়া কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল? পাছলৈ গছজোপা কি নামেৰে জনাজাত হ’ল?

উত্তৰঃ অশ্বথ গছৰ তলত তপস্যা কৰি গৌতম বুদ্ধই পৰম জ্ঞান লাভ কৰিছিল। পাছলৈ গছজোপা বোধিদ্ৰুম নামেৰে জনাজাত হ’ল।

গ) গৌতম বুদ্ধৰ মাক-দেউতাকৰ নাম কি আছিল?

উত্তৰঃ গৌতম বুদ্ধৰ মাক – দেউতাকৰ নাম শুদ্ধোধন আৰু মায়াদেৱী আছিল।

ঘ) কি কাৰণত গৌতম সংসাৰ ত্য়াগ কৰিছিল?

উত্তৰঃ গৌতম প্ৰকৃতিৰ প্ৰতি বৰ ভাবুক আছিল। মানুহে জীৱনত লাভ কৰা দুখ-শোক আৰু বেমাৰ-আজাৰৰ পৰা তেওঁ চিন্তিত হৈ উঠিছিল। সেয়েহে তেওঁ সংসাৰ ত্য়াগ কৰিছিল।

ঙ) বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি?

উত্তৰঃ বৌদ্ধধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হৈছে- ত্ৰিপিটক।

২। বৌদ্ধ ধৰ্মৰ মূল মত কি চমুকৈ লিখা।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মত হ’ল-

(i) অহিংসাই পৰম ধৰ্ম।

(ii) ভাল কৰ্মৰ ফল হয় ভাল আৰু বেয়া কৰ্মৰ ফল হয় বেয়া।

৩। জৈন ধৰ্মৰ মূল মত কি চমুকৈ লিখা।

উত্তৰঃ জৈন ধৰ্মৰ মূল মত হৈছে- অহিংসাই পৰম ধৰ্ম।
৪। বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ মাজত তিনিটা সাদৃশ্য় হৈছে-
(i) এই দুই ধৰ্মৰে মূল মত হৈছে- অহিংসাই পৰম ধৰ্ম।

(ii) এই দুই ধৰ্মৰ গুৰুৱে শিষ্য়ক সত্য় গুণ আয়ত্ত কৰিবলৈ পৰামৰ্শ দিছিল।

(iii) ভাৰতত এই দুই ধৰ্ম ষষ্ঠ শতিকাতে প্ৰচাৰ হৈছিল।

৫। চমুকৈ উত্তৰ দিয়া—
ক) মহাবীৰক ‘জিন’ বােলা হৈছিল কিয়? ‘জিন’ শব্দৰ অর্থ কি?
উত্তৰঃ তেওঁ নিজ ইচ্চাৰে বৰ কষ্টকৰ জীৱন বাছি লৈয়ো পূৰ্ণ জ্ঞান লাভ কৰাৰ বাবে তেওঁক জিন বোলা হৈছিল।
জিন শব্দৰ অৰ্থ হৈছে- ৰিপুজয়ী।

(খ) মহাবীৰৰ মাক – দেউতাকৰ নাম কি আছিল?
উত্তৰঃ মহাবীৰৰ মাক-দেউতাকৰ নাম আছিল- সিদ্ধাৰ্থ আৰু ত্ৰিশলা।

(গ) জৈন ধৰ্মৰ মূল পুথিখনৰ নাম কি?
উত্তৰঃ জৈন ধৰ্মৰ মূল পুঠিখনৰ নাম হৈছে- অংগ।
ঘ) ৰত্নত্ৰয় কি?

উত্তৰঃ সৎ বিশ্বাস, সৎ জ্ঞান আৰু সৎ আচৰণ – এই তিনিটা গুণক ৰত্নত্ৰয় বুলি কোৱা হয়।

ঙ) তীৰ্থংকৰ কাক বোলে? প্ৰথমগৰাকী তীৰ্থংকৰ আৰু অন্তমগৰাকী তীৰ্থংকৰৰ নাম লিখা।

উত্তৰঃ জৈন ধৰ্মগুৰু সকলক তীৰ্থংকৰ বোলা হয়। প্ৰথমগৰাকী তীৰ্থংকৰ হৈছে- ঋষভ আৰু অন্তিমগৰাকী তীৰ্থংকৰ হৈছে মহাবীৰ।

চ) মহাবীৰ কি পাঁচটা গুণ আয়ত্ত কৰিবলৈ কৈছিল?

উত্তৰঃ মহাবীৰে আয়ত্ত কৰিবলৈ কোৱা পাঁচটা গুণ হৈছে- সত্য়, অহিংসা, অপৰিগ্ৰহ, অষ্ট্ৰেয় আৰু ব্ৰহ্মচৰ্য।

৬। গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলাইছিল?

উত্তৰঃ গৌতম বুদ্ধ আৰু মহাবীৰৰ ধৰ্ম প্ৰচাৰে সমাজত ব্য়াপকভাৱে প্ৰভাৱ পেলাইছিল। তাৰ ফলত সমাজত দেখা দিয়া পৰিৱৰ্তনবোৰ হৈছে-

(i) অহিংসাৰ বাণী প্ৰচাৰ হোৱাৰ ফলত সমাজত হিংসাৰ প্ৰকোপ কমিছিল। যাগ-যজ্ঞত বলি-বিধানৰ প্ৰয়োজন নাই বুলি মানুহে অনুভৱ কৰিছিল।

(ii) সমাজত সকলো শ্ৰেণীৰ লোকৰ মাজত ধৰ্ম প্ৰচাৰ কৰা হৈছিল। সেয়েহে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য় আৰু শূদ্ৰসকলে সমাজত সমান স্থান পাবলৈ সক্ষম হৈছিল।

৭। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাটো ভাৰতৰ ইতিহাসৰ গৌৰৱপূৰ্ণ কাল বুলি কিয় কোৱা হয়?

উত্তৰঃ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাটো ভাৰতীয় ইতিহাসৰ এক গৌৰৱপূৰ্ণ কাল। এই শতিকাতে গৌতম বুদ্ধ আৰু মহাবীৰে ভাৰতত জন্মগ্ৰহণ কৰিছিল। দুয়োগৰাকী মহাপুৰুষে সমাজত অহিংসা আৰু সত্য়ৰ বাণী বিলাইছিল। তেওঁলোকৰ ধৰ্মই মানুহক উচ্চ আদৰ্শ আৰু জীৱনৰ পৰম লক্ষ্য়ৰ পথ দেখুৱাই থৈ গৈছে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects